Wednesday, 8 June 2022

*গোলাঘাটত বিভিন্ন আঁচনিৰ অধীনত ব্যক্তি আৰু আত্মসহায়ক গোটলৈ ১,১৯,৭৫,০০০ টকাৰ ঋণৰ মঞ্জুৰীপত্ৰ**গোলাঘাট জিলাৰ অৰ্থনীতিলৈ আত্মসহায়ক গোটসমূহে বৃহৎ বৰঙণি আগবঢ়াইছে : উপায়ুক্ত*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৮৩/২০২২

*গোলাঘাটত বিভিন্ন আঁচনিৰ অধীনত ব্যক্তি আৰু আত্মসহায়ক গোটলৈ ১,১৯,৭৫,০০০ টকাৰ ঋণৰ মঞ্জুৰীপত্ৰ*

*গোলাঘাট জিলাৰ অৰ্থনীতিলৈ আত্মসহায়ক গোটসমূহে বৃহৎ বৰঙণি আগবঢ়াইছে : উপায়ুক্ত*
গোলাঘাট, ৮ জুন : আজাদি কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি 'আজাদি চে অন্ত্যেদয়া টক' অভিযানৰ অংশৰূপে আজি গোলাঘাটৰ জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰেক্ষাগৃহত গোলাঘাট জিলাৰ অগ্ৰণী বেংক কাৰ্যালয়ৰ উদ্যোগত এটা ঋণ সজাগতা আৰু ঋণৰ মঞ্জুৰীপত্ৰ প্ৰদানৰ কাৰ্যসূচী অনুষ্ঠিত হয় । অনুষ্ঠানত জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা মুঠ ৯১ জন লোক আৰু আত্মসহায়ক গোটক ১,১৯,৭৫,০০০ টকাৰ মুদ্ৰা, পি এম স্বনিধি, কেচিচি আৰু আত্মসহায়ক গোটক আগবঢ়োৱা ঋণৰ মঞ্জুৰীপত্ৰ প্ৰদান কৰা হয় । সেই অনুসৰি মুদ্ৰা আঁচনিৰ অধীনত ১৭,৫০,০০০ টকা, পি এম স্ব-নিধি আঁচনিৰ অধীনত ১,৫০,০০০ টকা, ১৮,৭৫,০০০ টকাৰ কে চি চি ঋণ আৰু বিভিন্ন আত্মসহায়ক গোটলৈ ৮২,০০০০০ টকাৰ ঋণ আগবঢ়োৱা হৈছে ।
 
অনুষ্ঠানত অংশ লৈ জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই  কয় যে 'আজাদি চে অন্ত্যেদয়া টক' অভিযানৰ লক্ষ্য হ'ল সমাজৰ একেবাৰে শেষৰজন ব্যক্তিৰ কাষলৈ যোৱাৰ এক প্ৰয়াস । দেশৰ ৭৫ খন জিলাক এই অভিযানৰ বাবে বাচনি কৰা হৈছে, তাৰ ভিতৰত গোলাঘাট জিলা অন্যতম । ইয়াৰ দ্বাৰা ১৭ খন আঁচনিৰ সফল ৰূপায়নৰ দ্বাৰা এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বলৈ স্থিৰ কৰি দিয়া হৈছে বুলি তেওঁ কয় । তেওঁ কয় যে আমাৰ বাবে এই অভিযান এক প্ৰত্যাহ্বান আৰু ৰাইজক চৰকাৰী সা-সুবিধাৰে সামৰি লৈ বিকাশৰ যাত্ৰাৰ অংশীদাৰ কৰাৰ এটা সুযোগ । তেওঁ কয় যে আত্মসহায়ক গোটসমূহে মহিলাসকলৰ জীৱনলৈ এক আমূল পৰিৱৰ্তন আনিছে । গোলাঘাটত কোনো আত্মসহায়ক গোটে বিশেষকৈ ভাৰতীয় ষ্টেট বেংকৰ ঋণ ওভতাই দিয়াৰ ক্ষেত্ৰত খেলিমেলি কৰা নাই বুলি সন্তুষ্টি প্ৰকাশ কৰি তেওঁ কয় যে এতিয়া ঋণ সময়মতে ওভতাই দিবলৈ ৰাইজ সমৰ্থ হৈছে । মুখ্যমন্ত্ৰীয়ে অসমক দেশৰ শীৰ্ষৰ ৫ খন ৰাজ্যৰ ভিতৰত অন্যতম হিচাপে গঢ় দিব বিচাৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে সেই সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে আমিও চেষ্টা কৰিব লাগিব । গোলাঘাট জিলাৰ অৰ্থনীতিলৈ আত্মসহায়ক গোটসমূহে বৃহৎ বৰঙণি আগবঢ়াইছে বুলি উল্লেখ কৰি তেওঁ আশা প্ৰকাশ কৰে যে জিলাখনত এই গোটসমূহে এটা বিপ্লৱৰ সূচনা কৰক । তেওঁ সকলোকে ঋণ লৈ সময়মতে ওভতাই দি বেংকৰ পৰা পৰৱৰ্তী সময়ত আৰু অধিক ঋণ লৈ আগবাঢ়ি যাবলৈ আহ্বান জনায় ।

অনুষ্ঠানত ভাগ লৈ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাসে কয় যে বেংকসমূহে মানুহৰ জীৱনলৈ এটা অৰ্থনৈতিক সুস্থিৰতা অনাৰ বাবে ঋণ প্ৰদান কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । কিয়নো বহু পৰিকল্পনা থাকিলেও আমি অৰ্থৰ অভাৱত আগবাঢ়িব নোৱাৰোঁ । বিত্তীয় প্ৰতিষ্ঠানসমূহে মানুহক এইক্ষেত্ৰত ঋণ প্ৰদানৰ জৰিয়তে সহায়ৰ হাত আগবঢ়াই আহিছে বুলি তেওঁ উল্লেখ কৰে । তেওঁ ঋণ অথবা আঁচনিৰ সুবিধা লাভৰ বাবে হিতাধিকাৰীসকলে তথ্য-পাতিৰ ক্ষেত্ৰত বা সমগ্ৰ প্ৰক্ৰিয়াটোত সন্মুখীন হোৱা সমস্যাৰ সমাধান তথা ইয়াৰ সৰলীকৰণৰ দিশত কাম কৰিব লাগিব বুলি মন্তব্য কৰে । 

এল ডি এম সজীৱ কুমাৰ বৰাই আদৰণি ভাষণ দিয়া অনুষ্ঠানটোত 'আজাদি চে অন্ত্যেদয়া টক' অভিযানৰ জিলা নডেল বিষয়া নৱজ্যোতি গোস্বামীয়ে পাৱাৰপইন্ট প্ৰেজেণ্টেচনৰ সহায়ত এই  ৯০ দিনীয়া অভিযানৰ বিষয়ে বিতংভাবে ব্যাখ্যা কৰে । অনুষ্ঠানত জিলা তথ্য আৰু জনসংযোগ বিষয়া, এপেক্স বেংকৰ ডিজিএম, ভাৰতীয় ষ্টেট বেংকৰ গোলাঘাট শাখাৰ মুখ্য প্ৰবন্ধক, অসম গ্ৰামীণ বিকাশ বেংকৰ আঞ্চলিক প্ৰবন্ধক, ইণ্ডিয়ান বেংকৰ জ্যেষ্ঠ প্ৰৱন্ধক, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰবন্ধক, বেংকৰ কেইবাগৰাকীও প্ৰতিনিধি আৰু ঋণপ্ৰাপকসকল উপস্থিত আছিল । অনুষ্ঠানটোৰ আঁত ধৰে আৰচেটিৰ সঞ্চালক চিন্ময়জ্যোতি বৰগোহাঁয়ে । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...