Wednesday, 8 June 2022

*আৰোহণ প্ৰকল্পৰ অধীনত গোলাঘাট জিলাৰ ৫০ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় উপায়ুক্তৰ**শিক্ষাৰ উদ্দেশ্য কেৱল ডাক্তৰ-ইঞ্জিনিয়াৰ হোৱা নহয়, ভাল মানুহ আৰু সু-নাগৰিক হোৱা*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৮৪/২০২২

*আৰোহণ প্ৰকল্পৰ অধীনত গোলাঘাট জিলাৰ ৫০ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় উপায়ুক্তৰ*

*শিক্ষাৰ উদ্দেশ্য কেৱল ডাক্তৰ-ইঞ্জিনিয়াৰ হোৱা নহয়, ভাল মানুহ আৰু সু-নাগৰিক হোৱা*

গোলাঘাট, ৮ জুন : অসম চৰকাৰৰ 'আৰোহণ' প্ৰকল্পৰ অধীনত আজি গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলৰ সৈতে মত বিনিময় কাৰ্যসূচীত অংশ লয় । অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যৎ গঢ়াৰ দিশত উপায়ুক্তগৰাকীয়ে পৰামৰ্শদাতা হিচাপে দিহা-পৰামৰ্শ আগবঢ়ায় । জিলাখনৰ ৫০ খন বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ প্ৰথম স্থানত থকা ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি দিয়া ভাষণত উপায়ুক্তগৰাকীয়ে কয় যে শিক্ষাৰ উদ্দেশ্য কেৱল ডাক্তৰ-ইঞ্জিনিয়াৰ হোৱা নহয়, ইয়াৰ উদ্দেশ্য ভাল মানুহ আৰু সু-নাগৰিক হোৱা । সকলো ক্ষেত্ৰতে নম্বৰৰ তুলাচনীৰে ছাত্ৰ এজনক জোখাটো উচিত নহয় বুলি উল্লেখ কৰি তেওঁ শিক্ষকক সন্মান আৰু বিশ্বাসত লৈ আগবাঢ়িবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে এই কাৰ্যসূচীৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে এটা সংযোগ স্থাপনৰ প্ৰয়াস কৰা হ'ব যাতে তেওঁলোকৰ উৎকৰ্ষ সাধনত সহায় হয় আৰু তেওঁলোকৰ সমস্যাসমূহ পূৰণ কৰি আগবঢ়াই লৈ যাব পৰা যায় । তেওঁ প্ৰতিযোগিতামূলক পৰীক্ষাত কেনেকৈ আগবাঢ়িব লাগে সেই বিষয়েও ছাত্ৰ-ছাত্ৰীসকলৰ আগত বিস্তৃতভাবে বৰ্ণনা কৰে । নিজৰ জীৱনৰ অভিজ্ঞতা বৰ্ণনা কৰি তেওঁ কয় যে জীৱনত ইপ্সিত লক্ষ্যত উপনীত হোৱাত কেতিয়াবা বাধা আহিব পাৰে, কিন্তু মনোবল অটুট ৰাখি হতাশ নহৈ আগবাঢ়িব পাৰিলেহে সফল হ'ব পৰা যায় । যিকোনো পৰিস্থিতিতে আত্মবিশ্বাস নেহেৰুৱাবলৈ তেওঁ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতি আহ্বান জনায় । তেওঁ অসামৰিক সেৱা, বেংক, চিকিৎসা, ইঞ্জিনিয়াৰিং, ৰেল, সেনাবাহিনী আদিৰ বাবে কেনেকৈ প্ৰস্তুতি চলাব লাগে এই বিষয়েও ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। 

অনুষ্ঠানত বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰাই কয় যে প্ৰত্যাহ্বান আহিলেও সাহসেৰে মুখামুখি হব পাৰিলেহে জীৱনত আগবাঢ়িব পৰা যায় । তেওঁ কয় যে আমি এনে এটা পৰ্যায়ত আৰোহণ কৰিব লাগিব যাতে আমাৰ জিলাখনক, আমাৰ ৰাজ্যখনক সকলোৱে মূৰ তুলি চায় । কেৱল সপোন দেখিলেই নহ'ব, সেই সপোনক বাস্তবায়িত কৰাৰ বাবে আমি অনুশীলন আৰু প্ৰয়াস চলাবও লাগিব বুলি তেওঁ উল্লেখ কৰে । অনুষ্ঠানত দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক ডঃ দেৱজিৎ বৰুৱাই পাৱাৰপইন্ট প্ৰেজেণ্টেশ্যনৰ সহায়ত ছাত্ৰ-ছাত্ৰীসকলক কেৰিয়াৰ সম্পৰ্কীয় দিহা পৰামৰ্শ আগবঢ়ায় । অনুষ্ঠানত বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলো উপস্থিত আছিল । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...