Tuesday, 4 January 2022

*গোলাঘাট জিলাৰ শিক্ষানুষ্ঠান পৰিদৰ্শন কৰি প্ৰতিষেধক প্ৰদান ব্যৱস্থাৰ বুজ ল'লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু বিত্তমন্ত্ৰী অজন্তা নেওগে**ফেব্ৰুৱাৰী মাহৰ ভিতৰত ৰাজ্যৰ ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকলক দুপালি প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্দ্ধাৰণ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৩১

*গোলাঘাট জিলাৰ শিক্ষানুষ্ঠান পৰিদৰ্শন কৰি প্ৰতিষেধক প্ৰদান ব্যৱস্থাৰ বুজ ল'লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু বিত্তমন্ত্ৰী অজন্তা নেওগে*

*ফেব্ৰুৱাৰী মাহৰ ভিতৰত ৰাজ্যৰ ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকলক দুপালি প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্দ্ধাৰণ*

গোলাঘাট, ৪ জানুৱাৰী : স্বাস্থ্যমন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি গোলাঘাট জিলাৰ ৰঙাজান ডনবস্ক' হাইস্কুল আৰু গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ ক'ভিড প্ৰতিষেধক প্ৰদান ব্যৱস্থাৰ বুজ লয় । গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীৰ সৈতে বিত্তমন্ত্ৰী অজন্তা নেওগো উপস্থিত আছিল ।  স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিষেধক প্ৰদান কৰোঁতে ছাত্ৰ-ছাত্ৰীসকলৰ সবিশেষ সন্নিৱিষ্ট কৰি তালিকা যুগুত কৰিবলৈও স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে, যাতে যিকোনো পৰিস্থিতিত ছাত্ৰ অথবা অভিভাৱকৰ সৈতে যোগাযোগ কৰিব পৰা যায় । পাছত সাংবাদিকৰ আগত তেওঁ কয় যে অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকলক দুপালি প্ৰতিষেধক দি সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে দুয়োপালি প্ৰতিষেধক লৈ মাৰ্চ মাহৰ পৰীক্ষাত বহিব পাৰে । আনহাতে অসমত এতিয়ালৈকে এজনো লোকৰ দেহত অমিক্ৰণৰ সংক্ৰমণ ধৰা পৰা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে বিদেশৰ পৰা অহা লোকসকল ক'ভিড নিগেটিভ হ'লেও তেওঁলোকক এসপ্তাহৰ বাবে কোৱাৰেন্টাইন কৰাৰ ব্যৱস্থা কৰা হৈছে । সাত দিনত তেওঁলোকক দুবাৰ ক'ভিড পৰীক্ষা কৰা হয় বুলি তেওঁ উল্লেখ কৰে । এইবাৰ শংকিত হোৱাতকৈ অধিক সতৰ্ক হোৱাৰহে প্ৰয়োজন আছে বুলি মন্তব্য কৰি তেওঁ ক'ভিডৰ এই উৎপৰিৱৰ্তিত ৰূপ অমিক্ৰণৰ সংক্ৰমণ এবাৰ হ'লে ইয়াৰ প্ৰাদুৰ্ভাৱ পূৰ্বতকৈ তীব্ৰ গতিত হ'ব বুলি তেওঁ আশংকা প্ৰকাশ কৰে । অৱশ্যে তেওঁ অমিক্ৰনক লৈ সৃষ্টি হ'ব পৰা পৰিস্থিতিৰ জোৰা মৰাৰ বাবে স্বাস্থ্য বিভাগ সাজু আছে বুলিও মত প্ৰকাশ কৰে । তেওঁ কয় যে ৰাজ্যখনত এনে পৰিস্থিতিৰ জোৰা মৰাৰ বাবে ২,৬০০ খন অক্সিজেনৰ সুবিধা থকা বিচনা আৰু ১০০০ খন আই চি ইউ বিচনাকে ধৰি মুঠ ৯,০০০ খন বিচনা সাজু কৰি ৰখা হৈছে । ইয়াৰ উপৰি এসপ্তাহৰ ভিতৰত ২৫,০০০ বিচনা সাজু কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয় । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...