Tuesday, 4 January 2022

*নগৰ আন্তঃগাঁঠনি উন্নয়ন পুঁজিৰ অধীনত গোলাঘাট নগৰত ১০ খন আঁচনিৰ আধাৰশিলা স্থাপন বিত্তমন্ত্ৰীৰ**অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত গোলাঘাট নগৰৰ ৮৩২ গৰাকী ঋণগ্ৰস্ত মহিলাক চেক্ প্ৰদান*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৩২

*নগৰ আন্তঃগাঁঠনি উন্নয়ন পুঁজিৰ অধীনত গোলাঘাট নগৰত ১০ খন আঁচনিৰ আধাৰশিলা স্থাপন বিত্তমন্ত্ৰীৰ*

*অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত গোলাঘাট নগৰৰ ৮৩২ গৰাকী ঋণগ্ৰস্ত মহিলাক চেক্ প্ৰদান*

গোলাঘাট, ৪ জানুৱাৰী : অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যান মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাট নগৰৰ সমন্বয় পথাৰ ( ৰাজহুৱা খেলপথাৰ ) ত আয়োজিত এটা অনুষ্ঠানত কেন্দ্ৰীয়ভাৱে নগৰ আন্তঃগাঁঠনি উন্নয়ন পুঁজি চমুকৈ চি আই ডি এফৰ অধীনত গোলাঘাট নগৰত ১০ খন আঁচনিৰ আধাৰশিলা স্থাপন কৰে । অনুষ্ঠানত দিয়া ভাষণত তেওঁ কয় যে চি আই ডি এফৰ অধীনত গোলাঘাট নগৰৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে ৭৭ কোটি টকা অনুমোদন দিয়া হৈছে । ইয়াৰে সৰ্বাধিক পুঁজি খোৱাপানী যোগান আঁচনিৰ বাবে ধার্য কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে যমুনাৰ পানী খোৱাৰ উপযোগী কৰি যোগান ধৰাৰ বাবে ১১ কোটি টকাৰ আঁচনিৰ পুঁজি মঞ্জুৰ হৈছে । আন এখন নগৰীয়া পানী যোগান আঁচনিৰ বাবে ৯ কোটি টকা অনুমোদন হৈছে । অৰ্থাৎ মুঠ ৩০ কোটি টকা কেৱল পানী যোগান আঁচনিৰ বাবে ধার্য কৰা হৈছে । ইয়াৰোপৰি গোলাঘাট নগৰৰ বাট-পথ আৰু নলা-নৰ্দমাসমূহ সঠিকভাৱে নিৰ্মান কৰি পানী ওলাই যাব পৰাকৈ উন্নীতকৰণৰ বাবে ২৩ কোটি টকা অনুমোদন দিয়া হৈছে । নগৰ এখনক এখন জিলাৰ দাপোন বুলি উল্লেখ কৰি তেওঁ কয় যে গোলাঘাট নগৰৰ পাৰ্কসমূহৰ সৌন্দৰ্যবৰ্ধন কৰা হ'ব । এই উদ্যানসমূহত গোলাঘাটৰ কলা-সংস্কৃতি প্ৰতিফলিত হ'ব । লগতে গোলাঘাটৰ কলা-সংস্কৃতি আৰু স্বকীয় দিশসমূহ সন্নিৱিষ্ট কৰি গোলাঘাট সমন্বয় পথাৰ (ৰাজহুৱা খেলপথাৰ )ত এখন তোৰণ নিৰ্মান কৰা হ'ব । ইয়াৰ উপৰি গোলাঘাট নগৰৰ মুক্তিধাম শ্মশানত মৃতদেহ সৎকাৰৰ বাবে ইলেক্ট্রিক ব্যৱস্থা কৰা হ'ব । আনহাতে প্ৰায় ২০০ কোটি টকা ব্যয়েৰে নিৰ্মান কৰিবলগীয়া দেৰগাঁৱৰ পৰা ৰঙাজানলৈ পথটো গোলাঘাটৰ জীৱনৰেখাসদৃশ হ'ব বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে ইয়াৰে ৪ কিলোমিটাৰ গোলাঘাট নগৰত অন্তৰ্ভুক্ত হ'ব । সেই অনুসৰি গোলাঘাট নগৰৰ পথসমূহৰো উন্নতি সাধন কৰা হ'ব । তেওঁ কয় যে ষ্টেডিয়াম পথৰ এফালে প্ৰায় ১,৪০০ মিটাৰ চাইকেল চলোৱাৰ ব্যৱস্থা কৰা হ'ব । এৰেঙাপাৰা চাৰিআলিৰ পৰা ধনশিৰি দলঙলৈকে দুয়োফালে চাইকেল চলোৱাৰ ব্যৱস্থা হ'ব আৰু নদীৰ কাষেৰে প্ৰায় ৪০০ মিটাৰ খোজকাঢ়িব পৰাকৈ পদপথৰ ব্যৱস্থা হ'ব তথা দলঙৰো সৌন্দৰ্যবৰ্ধন কৰা হ'ব বুলি তেওঁ কয় ।

আজিৰ অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি (ক্ষীপ্ৰ আদায়কাৰী শিতান) ৰ অধীনত গোলাঘাট নগৰৰ ৮৩২ গৰাকী ঋণগ্ৰস্ত মহিলাক চেক্ প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । চেক্ লাভ কৰা মহিলাসকলৰ প্ৰায় ৬০০ গৰাকী হিতাধিকাৰীয়ে বন্ধন বেংকৰ পৰা ঋণ লৈছিল । তেওঁ ঋণ লোৱা মহিলাসকলক ভৱিষ্যৎ সময়ত ঋণ ল'লে সময়মতে ওভতাই দিবলৈ আহ্বান জনায় । লগতে যি কামৰ বাবে ঋণ লোৱা হয় সেই কামতে ঋণৰ ধন ব্যয় কৰিবলৈ মহিলাসকলৰ প্ৰতি তেওঁ আহ্বান জনায় । গোলাঘাটৰ লীড বেংকসমূহৰ সৈতে আলোচনা কৰি জিলা উপায়ুক্তক বিত্তীয় সাক্ষৰতা সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈও তেওঁ পৰামৰ্শ আগবঢ়ায় । 

উল্লেখযোগ্য যে চি আই ডি এফৰ অধীনত গোলাঘাট নগৰত আজি আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমূহ হ'ল সমন্বয় পথাৰ ( ৰাজহুৱা খেলপথাৰ )ৰ পুনৰনিৰ্মাণ, ট্রেকাৰ আৰু ৪০৭ আস্থানৰ উন্নীতকৰণ, জ্যোতিৰ্ময়ী উদ্যান, শংকৰদেৱ উদ্যান আৰু প্ৰমোদাভিৰাম উদ্যানৰ সৌন্দৰ্যবৰ্ধন আৰু উন্নীতকৰণ, গোলাঘাট স্পৰ্টছ কম্প্লেক্সত দুমহলীয়া ইন্দোৰ ষ্টেডিয়াম নিৰ্মাণ আৰু জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহৰ উন্নীতকৰণ, যমুনা খোৱাপানী যোগান পুখুৰীৰ পুনৰুজ্জীৱিতকৰণ, মুক্তিধাম শ্মশানৰ উন্নীতকৰণ, ২০২১-২২ বৰ্ষত চি আই ডি এফৰ অধীনত গোলাঘাটৰ কেইবাটাও ৱাৰ্ডৰ পথ আৰু নলা-নৰ্দমাৰ উন্নীতকৰণ আদি । 

আজিৰ অনুষ্ঠানত উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, গোলাঘাট পৌৰসভাৰ কাৰ্যবাহী বিষয়া মহকুমাধিপতি ডঃ সংগীতা বৰঠাকুৰ, চি আই ডি এফৰ মধ্য অসম সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা সঞ্জীৱ শৰ্মা, টাউন এণ্ড কাউন্ত্ৰী প্লেনিং, গোলাঘাটৰ উপ-সঞ্চালক বিপুল শইকীয়া, এল ডি এম সজীৱ কুমাৰ বৰা আৰু প্ৰশাসনৰ বিষয়া, বিভিন্ন বেংকৰ প্ৰতিনিধি, হিতাধিকাৰীসকল উপস্থিত আছিল ।

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...