জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৪০
*গোলাঘাটত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত চাহ জনগোষ্ঠী কল্যান মন্ত্ৰী সঞ্জয় কিষাণ*
*স্বচ্ছতা, দায়বদ্ধতা আৰু গতিশীলতাৰে প্ৰশাসনক ৰাইজৰ মাজলৈ নিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধঃ কিষাণ*
গোলাঘাট, ২৬ জানুৱাৰীঃ গোলাঘাটতো আজি দেশৰ ৭৩ সংখ্যক গণৰাজ্য দিৱস ক'ভিডৰ স্বাস্থ্যবিধি মানি উদযাপন কৰা হয় । এই উপলক্ষে জিলা সদৰ গোলাঘাটৰ সমন্বয় পথাৰত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত অসম চৰকাৰৰ চাহ জনগোষ্ঠী কল্যান আৰু শ্ৰমিক কল্যান বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে ত্ৰিৰংগ পতাকা উত্তোলন কৰে । তেওঁ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰে । অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে প্ৰথমেই দেশৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ বিসৰ্জন দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে । তেওঁ লগতে ভাৰতীয় সংবিধানৰ প্ৰণেতাসকলৰ প্ৰতিও শ্ৰদ্ধা নিবেদন কৰে । মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত বৰ্তমানৰ চৰকাৰখনে ৰাজ্যৰ লগতে গোলাঘাট জিলাত বিভিন্ন বিভাগৰ যোগেদি ৰূপায়ন কৰা উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে ।
পি এম কিষাণ আচঁনিখনৰ কথা উল্লেখ কৰি তেওঁ কয় যে জিলাখনত এই আঁচনিৰ অধীনত ৫৬,১১৫ জন হিতাধিকাৰী উপকৃত হৈছে । প্ৰসংগক্ৰমে তেওঁ ৰাজ্য চৰকাৰে গোলাঘাটকে ধৰি ছখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰে । আনহাতে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন অভিযান ৰূপায়ন সন্দৰ্ভত তেওঁ কয় যে গোলাঘাট জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ অধীনত ২০২১-২২ বৰ্ষত ২২৩খন পানী যোগান আঁচনি ৰূপায়নেৰে ৬৩,৮৬৪ টা বাসগৃহলৈ টেপযুক্ত পানী যোগানৰ ব্যৱস্থা কৰাৰ লক্ষ্য লোৱা হৈছে । আনহাতে তিনিখন মেগা খোৱাপানী যোগান আঁচনিৰ কাম মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলিও তেওঁ উল্লেখ কৰে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনত গোলাঘাট জিলাত ২০ জানুৱাৰীলৈকে ২৮,০৩০গৰাকী গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃয়ে ১১,৫১,১৫,০০০ টকাৰ আৰ্থিক সাহায্য লাভ কৰিছে । আনহাতে এম জি এনেৰেগাৰ অধীনত জিলাখনত ২০২১-২২ বৰ্ষত এতিয়ালৈকে ৭৫,১৯৪টা জবকাৰ্ডপ্ৰাপ্ত পৰিয়ালক ৩৫৮৬.৫৪ লাখ টকা ব্যয়েৰে কাম দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে গোলাঘাট জিলাৰ ঐতিহাসিক ধোদৰ আলিসহ প্ৰায় ২৫০কিলোমিটাৰ দৈৰ্ঘৰ ছটা পথৰ কাম হাতত লোৱা হৈছে । লগতে লোকনিৰ্মান (গৃহ) বিভাগে চাহ বাগিচা অঞ্চলত নিৰ্মাণৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা ১১৯খন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভিতৰত চাৰিখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে । তেওঁ কয় যে জিলাখনৰ মুঠ কৃষিভূমিৰ ১২,১৩০ হেক্টৰ জলসিঞ্চন ব্যৱস্থাৰে সামৰি লোৱা হৈছে । চাহ জনজাতিৰ লোকসকলৰ কল্যানৰ বাবে বৰ্তমানৰ চৰকাৰখনে ভালেমান আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ২০২১-২২ বৰ্ষত ৩২৬১গৰাকী উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ জনগোষ্ঠীটোৰ ছাত্ৰ-ছাত্ৰীক ছাইমন সিং হৰ' বিশেষ জলপানি প্ৰদান কৰা হৈছে । আনহাতে শ্ৰমিক কল্যান বিভাগৰ উদ্যোগত অসমৰ ৬০ লাখৰো অধিক অসংগঠিত খণ্ডৰ শ্ৰমিকৰ নাম ই-শ্ৰম পৰ্টেলত অন্তৰ্ভুক্ত কৰা হৈছে বুলিও তেওঁ কয় । মন্ত্ৰীগৰাকীয়ে জিলাখনৰ তথা ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ বাবে ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ আৰু গঠনমূলক দিহা-পৰামৰ্শ কামনা কৰে । কাৰ্যসূচীত আৰক্ষী, চি আৰ পি এফ আৰু গৃহৰক্ষী বাহিনীৰ জোৱানসকলে কুচকাৱাজ প্ৰদৰ্শন কৰে ।
ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা আৰু আৰক্ষী অধীক্ষক সুমিত শৰ্মাৰ উপস্থিতিত জাতিৰ পিতা মহাত্মা গান্ধী, শ্বহীদ কুশল কোঁৱৰ আৰু শ্বহীদৰ স্মৃতি সৌধত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ অংশৰূপে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়, জিলা কাৰাগাৰ আৰু গোলাঘাট নগৰৰ দুখন বৃদ্ধাশ্ৰমত প্ৰশাসনৰ বিষয়াই গৈ ফল-মূল আদি বিতৰণ কৰে । লগতে প্ৰশাসনৰ বিষয়াই মুক্তি যুঁজাৰুসকলৰ ঘৰে ঘৰে গৈ পৰিয়ালৰ লোকক সম্বৰ্ধনা জ্ঞাপন কৰে ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India