জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৩৮
*ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ অধীনৰ গোলাঘাট জিলাৰ পাঁচটা সমষ্টিৰ নিৰ্বাচনৰ কাইলৈ ভোটগণনা*
*গোলাঘাট মহকুমাৰ চাৰিটা সমষ্টিৰ বাবে গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱা ৮ বজাৰ পৰা হ'ব ভোটগণনা*
গোলাঘাট, ২৩ জানুৱাৰীঃ ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ অধীনৰ গোলাঘাট মহকুমাৰ ৪ টা সমষ্টি আৰু ধনশিৰি মহকুমাৰ এটা সমষ্টিৰ নিৰ্বাচনৰ কাইলৈ ভোটগণনা কৰা হ'ব । গোলাঘাট মহকুমাৰ চাৰিটা সমষ্টিৰ বাবে গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ভোটগণনা কেন্দ্ৰত কাইলৈ পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হ'ব । ভোটগণনা প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে ইতিমধ্যে জিলা প্ৰশাসনে প্ৰয়োজনীয় সকলো প্ৰস্তুতি গ্ৰহণ কৰিছে । বিদ্যালয়খনত স্থাপন কৰা ভোটগণনা কেন্দ্ৰৰ চাৰিটা কোঠাত চাৰিটা সমষ্টিৰ ভোটগণনা কৰা হ'ব । গোলাঘাট মহকুমাৰ ঠেঙাল কমাৰগাঁও সমষ্টিৰ বাবে ৫ খন টেবুল আৰু আন তিনিটা সমষ্টিৰ বাবে তিনিখনকৈ টেবুলত ভোটগণনা কৰা হ'ব । প্ৰতিটো সমষ্টিৰ বাবে তিনিটাকৈ ৰাউণ্ডত ভোটগণনা কৰা হ'ব । প্ৰতিখন টেবুলত এজন ছুপাৰভাইজাৰ, এজন ভোটগণনা সহায়ক আৰু এজন মাইক্ৰ' অৱজাৰ্ভাৰ থাকিব ।
উল্লেখযোগ্য যে গোলাঘাট মহকুমাৰ চাৰিটা আৰু ধনশিৰি মহকুমাৰ এটা সমষ্টিৰ বাবে মুঠ ৪৯টা ভোটগ্ৰহণ কেন্দ্ৰত যোৱা ২০ জানুৱাৰীত ভোটগ্ৰহণ কৰা হৈছিল । ইয়াৰে ঠেঙাল কমাৰগাঁও সমষ্টিত ১৫টা, কাছমাৰী সমষ্টিত ৮টা, চাউদাং পথাৰ সমষ্টিত ৭টা আৰু চাউদাং পথাৰ দৈয়াং সমষ্টিত ৮টা আৰু ধনশিৰি মহকুমাৰ গেলাবিল সমষ্টিত ১১টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছিল ।
গোলাঘাট মহকুমাৰ চাৰিটা সমষ্টিত ৬৯.১৪ শতাংশ ভোটদান হয় । ১১ নং ঠেঙাল কমাৰগাঁও সমষ্টিত ৫৮.৬৪ শতাংশ, মহিলাৰ বাবে সংৰক্ষিত ১৩ নং কাছমাৰী সমষ্টিত ৭৫.৫৪ শতাংশ, ১৪ নং চাউদাং পথাৰ সমষ্টিত ৭৭.৫৪ শতাংশ আৰু ১৫ নং চাউদাং পথাৰ দৈয়াং সমষ্টিত ৭৭.৩৯ শতাংশ ভোটদান হয় ।
আনহাতে ধনশিৰি মহকুমাৰ অধীনৰ ১২ নং গেলাবিল সমষ্টিত ৭৭.৭১ শতাংশ ভোটদান হয় ।
গোলাঘাট মহকুমাৰ চাৰিওটা সমষ্টিৰ বেলট বাকচসমূহ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰুমত ৰখা হৈছে ।
উল্লেখযোগ্য যে জিলাখনৰ পাঁচটা সমষ্টিত মুঠ ১৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।
গোলাঘাট মহকুমাৰ আটাইকেইটা সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ২০,৭৪৯ জন । ইয়াৰে ১০,৫৭৬ জন পুৰুষ আৰু ১০,১৭৩ গৰাকী মহিলা ভোটদাতা । সমষ্টিকেইটাত মুঠ ১৪,৩৪৫ জন ভোটদাতাই ভোটদান কৰে । ইয়াৰে ৭,১৩১ জন পুৰুষ আৰু ৭,২১৪ গৰাকী মহিলা ভোটদাতা ।
১১ নং ঠেঙাল কমাৰগাঁও সমষ্টিত মুঠ ৫,১৬৫ জন ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰে । ইয়াৰে ২,৫৭০জন পুৰুষ আৰু ২,৫৯৫ গৰাকী মহিলা ভোটদাতা । ১৩ নং কাছমাৰী সমষ্টিত ২,৮২৩ জন ভোটদাতাই ভোটদান কৰে । ইয়াৰে ১,৩৯৮ জন পুৰুষ আৰু ১,৪২৫ গৰাকী মহিলা ভোটদাতা । ১৪ নং চাউদাংপথাৰ সমষ্টিত মুঠ ৩,৫০৫ জন ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰে । ইয়াৰে ১,৭৬০ জন পুৰুষ আৰু ১,৭৪৫ গৰাকী মহিলা ভোটদাতা । ১৫ নং চাউদাংপথাৰ দৈয়াং সমষ্টিত ২,৮৫২ জন ভোটদাতাই ভোট দিয়ে । ইয়াৰে ১,৪০৩ জন পুৰুষ আৰু ১,৪৪৯ গৰাকী মহিলা ভোটদাতা ।
আনহাতে ধনশিৰি মহকুমাৰ গেলাবিল সমষ্টিত মুঠ ২,৪৪১ জন ভোটদাতাই ভোটদান কৰে । ইয়াৰে ১,২১৩ জন পুৰুষ আৰু ১,২২৮ গৰাকী মহিলা ভোটদাতা ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India