জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৩৭
*ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ অধীনৰ গোলাঘাট জিলাৰ পাঁচোটা সমষ্টিত ভোটগ্ৰহণ সম্পন্ন*
গোলাঘাট, ২০ জানুৱাৰীঃ ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ অধীনৰ গোলাঘাট জিলাৰ ৫ টা সমষ্টিৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আজি শান্তিপূৰ্ণভাৱে সম্পন্ন হয় । গোলাঘাট মহকুমাৰ চাৰিটা সমষ্টি আৰু ধনশিৰি মহকুমাৰ এটা সমষ্টিৰ বাবে মুঠ ৪৯টা ভোটগ্ৰহণ কেন্দ্ৰত আজি ভোটগ্ৰহণ কৰা হয় । ভোটগ্ৰহণৰ অন্ত পৰালৈকে লাভ কৰা তথ্য মতে গোলাঘাট মহকুমাৰ ১১ নং ঠেঙাল কমাৰগাঁও সমষ্টিত ৫৮.৬৬ শতাংশ, মহিলাৰ বাবে সংৰক্ষিত ১৩ নং কাছমাৰী সমষ্টিত ৭৫.৫৭ শতাংশ, ১৪ নং চাউদাং পথাৰ সমষ্টিত ৭৭.৪৩ শতাংশ আৰু ১৫ নং চাউদাং পথাৰ দৈয়াং সমষ্টিত ৭৭.৩৭ শতাংশ ভোটদান হয় ।
আনহাতে ধনশিৰি মহকুমাৰ অধীনৰ ১২ নং গেলাবিল সমষ্টিত ৭৭.৭১ শতাংশ ভোটদান হয় ।
গোলাঘাট মহকুমাৰ চাৰিওটা সমষ্টিৰ বেলট বাকচসমূহ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰুমত ৰখা হ'ব । কোনো কেন্দ্ৰত প্ৰয়োজন হ'লে ২২ জানুৱাৰীত পুনৰ ভোটগ্ৰহণ কৰা হ'ব । ২৪ জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হ'ব ।
উল্লেখযোগ্য যে জিলাখনৰ পাঁচটা সমষ্টিত মুঠ ১৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।
গোলাঘাট মহকুমাৰ আটাইকেইটা সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ২০,৭৪৯ জন । ইয়াৰে ১০,৫৭৬জন পুৰুষ আৰু ১০,১৭৩গৰাকী মহিলা ভোটদাতা ।
আনহাতে ধনশিৰি মহকুমাৰ গেলাবিল সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ৩১৪১জন । ইয়াৰে ১৭২০ জন পুৰুষ আৰু ১৪২১ গৰাকী মহিলা ভোটদাতা ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India