Friday, 31 December 2021

*গোলাঘাট জিলাতো ৩ জানুৱাৰীৰ পৰা ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰীক প্ৰতিষেধক প্ৰদানৰ প্ৰস্তুতি*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২২৭

*গোলাঘাট জিলাতো ৩ জানুৱাৰীৰ পৰা ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰীক প্ৰতিষেধক প্ৰদানৰ প্ৰস্তুতি*

গোলাঘাট, ৩১ ডিচেম্বৰঃ গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত জিলাখনৰ কেইবাটাও শিক্ষানুষ্ঠানৰ মুৰব্বী আৰু স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । সভাত অহা ৩ জানুৱাৰীৰ পৰা গোলাঘাট জিলাতো ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী তথা কিশোৰ-কিশোৰীসকলক ক'ভিড প্ৰতিষেধক প্ৰদান সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় । সেই অনুসৰি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগ আৰু মাধ্যমিক শিক্ষা বিভাগৰ নিৰ্দেশক্ৰমে গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ সহযোগত জিলাখনৰ শিক্ষানুষ্ঠানসমূহত স্বাস্থ্য বিভাগৰ দলে অহা ৩ জানুৱাৰীৰ পৰা পৰ্যায়ক্ৰমে ব্যাপক প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰিব । ৩ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ জিলাখনৰ ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ অধিক ছাত্ৰ-ছাত্ৰী থকা শিক্ষানুষ্ঠানসমূহত স্বাস্থ্য বিভাগৰ দলে গৈ প্ৰতিষেধক প্ৰদান কৰিব । পৰৱৰ্তী সময়ত কনিষ্ঠ মহাবিদ্যালয়, পলিটেকনিক আৰু কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানকে ধৰি সকলো শিক্ষানুষ্ঠানত এই প্ৰতিষেধক প্ৰদান কৰা হ'ব । উপায়ুক্তগৰাকীয়ে কয় যে ২০০৭ চনৰ ৩১ ডিচেম্বৰ বা তাৰ পূৰ্বে জন্মলাভ কৰা সকলো ছাত্ৰ-ছাত্ৰী আৰু কিশোৰ-কিশোৰীয়ে এই প্ৰতিষেধক ল'ব পাৰিব । শিক্ষানুষ্ঠানৰ বাহিৰৰ কিশোৰ-কিশোৰীয়েও এই প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব বুলি উল্লেখ কৰি তেওঁ প্ৰতিষেধকৰ পালি যাতে নষ্ট নহয় তাৰ প্ৰতি বিশেষভাৱে চকু দিবলৈ নিৰ্দেশ দিয়ে । তেওঁ লগতে ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰীসকলক বিনাদ্বিধাই প্ৰতিষেধক গ্ৰহণ কৰি ক'ভিডবিৰোধী যুঁজখনৰ অংশীদাৰ হ'বলৈ আহ্বান জনায় । এই অভিযান সফল কৰাৰ বাবে শিক্ষানুষ্ঠানৰ মুৰব্বী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ দলক সহযোগ কৰিবলৈও উপায়ুক্তগৰাকীয়ে আহ্বান জনায় । এইক্ষেত্ৰত শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীসকলক ছাত্ৰ-ছাত্ৰীৰ তালিকা যুগুত কৰাৰ লগতে তেওঁলোকৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে । সভাত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত আৰু শিক্ষা তথা স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত আছিল । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

*ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে গোলাঘাট জিলাৰ ৫ টা সমষ্টিত ১৩ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২২৬

*ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে গোলাঘাট জিলাৰ ৫ টা সমষ্টিত ১৩ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল*

গোলাঘাট, ৩১ ডিচেম্বৰ : অহা ২০ জানুৱাৰীত হ'বলগীয়া ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে পৰিষদৰ অধীনৰ গোলাঘাট জিলাৰ গোলাঘাট মহকুমাৰ চাৰিটা সমষ্টি আৰু ধনশিৰি মহকুমাৰ এটা সমষ্টিৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনালৈকে মুঠ ১৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । ইয়াৰে গোলাঘাট মহকুমাৰ ১১ নং ঠেঙাল কমাৰগাঁও সমষ্টিত বিজেপি প্ৰাৰ্থী হৰপ্ৰভা ঠেঙাল আৰু কংগ্ৰেছৰ বিপিন বৰাই মনোনয়ন পত্ৰ দাখিল কৰে । আনহাতে মহিলাৰ বাবে সংৰক্ষিত ১৩ নং কাছমাৰী সমষ্টিৰ বাবে কংগ্ৰেছৰ জাহ্নৱী শইকীয়া, অসম গণ পৰিষদৰ শিখামনি ঠেঙাল বৰুৱা আৰু নিৰ্দলীয় প্ৰাৰ্থী পৰীস্মিতা ঠেঙালে  মনোনয়ন পত্ৰ দাখিল কৰে । ১৪ নং চাউদাং পথাৰ সমষ্টিত বিজেপিৰ স্মৃতিৰেখা ঠেঙাল, কংগ্ৰেছ দলৰ ছায়া ঠেঙাল আৰু চি পি আইৰ ভাস্কৰ ঠেঙালে মনোনয়ন পত্ৰ দাখিল কৰে । ইফালে ১৫ নং চাউদাং পথাৰ দৈয়াং সমষ্টিত বিজেপি প্ৰাৰ্থী পদ্মেশ্বৰ শইকীয়া আৰু কংগ্ৰেছ প্ৰাৰ্থী উৎপল ঠেঙালে মনোনয়ন পত্ৰ দাখিল কৰে ।

আনহাতে ধনশিৰি মহকুমাৰ অধীনৰ ১২ নং গেলাবিল সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিৰণ্য বৰা, বিজেপিৰ মিনালী হাজৰিকা শইকীয়া আৰু আম আদমী পাৰ্টিৰ প্ৰাৰ্থী নাৰায়ণ বৰাই মনোনয়ন পত্ৰ দাখিল কৰে ।

কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব । মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন অহা ৩ জানুৱাৰী । ২০ জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ জিলাখনৰ পাঁচোটা সমষ্টিৰ বাবে ভোটগ্ৰহন কৰা হ'ব । কোনো কেন্দ্ৰত প্ৰয়োজন হ'লে ২২ জানুৱাৰীত পুনৰ ভোটগ্ৰহন কৰা হ'ব । ২৪ জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হ'ব । 

ভোটগ্ৰহন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনে ইতিমধ্যে প্ৰয়োজনীয় সকলো প্ৰস্তুতি গ্ৰহণ কৰিছে । গোলাঘাট মহকুমাৰ চাৰিওটা সমষ্টিৰ বাবে মুঠ ৩৮ টা ভোটগ্ৰহন কেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াৰে ঠেঙাল কমাৰগাঁও সমষ্টিত ১৫টা, কাছমাৰী সমষ্টিত ৮টা, চাউদাং পথাৰ সমষ্টিত ৭টা আৰু চাউদাং পথাৰ দৈয়াং সমষ্টিত ৮টা ভোটগ্ৰহন কেন্দ্ৰ স্থাপন কৰা হৈছে ।

আনহাতে ধনশিৰি মহকুমাৰ গেলাবিল সমষ্টিৰ বাবে ১১টা ভোটগ্ৰহন কেন্দ্ৰ স্থাপন কৰা হৈছে ।

গোলাঘাট মহকুমাৰ আটাইকেইটা সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ১৫৮৪ জন । ইয়াৰে ৮১৪জন পুৰুষ আৰু ৭৭০গৰাকী মহিলা ভোটদাতা । ঠেঙাল কমাৰগাঁও সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ২২৯জন । ইয়াৰে ১১৬ জন পুৰুষ আৰু ১১৩গৰাকী মহিলা ভোটদাতা । কাছমাৰী সমষ্টিত ২০৮ জন ভোটদাতাৰ ভিতৰত ১১১জন পুৰুষ আৰু ৯৭গৰাকী মহিলা ভোটদাতা । চাউদাং পথাৰ সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ৩১০জন । ইয়াৰে ১৫৪ জন পুৰুষ আৰু ১৫৬ গৰাকী ভোটদাতা মহিলা । চাউদাং পথাৰ দৈয়াং সমষ্টিৰ ৮৩৭ গৰাকী ভোটদাতাৰ ভিতৰত ৪৩৩ জন পুৰুষ আৰু ৪০৪ গৰাকী মহিলা ভোটদাতা । 

আনহাতে ধনশিৰি মহকুমাৰ গেলাবিল সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ৩১৪১জন । ইয়াৰে ১৭২০ জন পুৰুষ আৰু ১৪২১ গৰাকী মহিলা ভোটদাতা ।

উল্লেখযোগ্য যে যোৱা ২৪ ডিচেম্বৰত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাজ্যখনৰ ৫ খন জিলাত থকা ঠেঙাল কছাৰী স্বায়ত্ব পৰিষদৰ মুঠ ২২টা সমষ্টিৰ বাবে অধিসূচনা জাৰি কৰিছিল ।

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

Wednesday, 29 December 2021

বোকাখাত পৌৰসভাৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

বোকাখাত পৌৰসভাৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

বোকাখাত,২৯ ডিচেম্বৰ: আগন্তুক পৌৰসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বোকাখাত পৌৰসভাৰ ১নং ৱাৰ্ডৰ পৰা ১০ ৱাৰ্ডৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা যোৱা ইংৰাজী ২৮ ডিচেম্বৰ ২০২১ তাৰিখে প্ৰকাশ কৰা হয় । বোকাখাত পৌৰসভাৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকাত মুঠ ভোটাৰৰ সংখ্যা ১৪৩৩১ গৰাকী। ইয়াৰে মহিলা ভোটাৰৰ সংখ্যা ৭০০৩ আৰু পুৰুষ ভোটাৰৰ সংখ্যা ৭৩২৮ গৰাকী । ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকাৰ প্ৰতিলিপি বোকাখাত  পৌৰসভা কাৰ্যালয়, বোকাখাত মহকুমাধিপতি কাৰ্যালয় আৰু বোকাখাত ৰাজহ চক্ৰ কাৰ্যালয়ত নিৰীক্ষণ কৰিব পাৰিব ।

NORTHEAST NEWS INDIA

*গোলাঘাট আৰু দেৰগাঁও পৌৰসভাৰ ফটো সম্বলিত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ* *গোলাঘাট পৌৰসভাৰ মুঠ ভোটদাতা ২৮,০৫০ জন, দেৰগাঁৱৰ ১৬,৯৭৮ জন*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২২৫

 *গোলাঘাট আৰু দেৰগাঁও পৌৰসভাৰ ফটো সম্বলিত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ* 

*গোলাঘাট পৌৰসভাৰ মুঠ ভোটদাতা ২৮,০৫০ জন, দেৰগাঁৱৰ ১৬,৯৭৮ জন* 

গোলাঘাট, ২৯ ডিচেম্বৰঃ আসন্ন পৌৰসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গোলাঘাট পৌৰসভা আৰু গোলাঘাট জিলাৰ দেৰগাঁও পৌৰসভাৰ বাবে ফটো সম্বলিত চূড়ান্ত ভোটাৰ তালিকা কালি প্ৰকাশ কৰা হয় । সেই অনুসৰি গোলাঘাট পৌৰসভাৰ মুঠ ভোটদাতাৰ সংখ্যা হৈছে ২৮,০৫০ জন । ইয়াৰে ১৩,৯৪১ জন পুৰুষ ভোটদাতাৰ বিপৰীতে মহিলা ভোটদাতাৰ সংখ্যা হ'ল ১৪,১০৯ গৰাকী । পৌৰসভাখনৰ মূঠ ১৩ টা ৱাৰ্ড সামৰি ৩০ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে । ইফালে, দেৰগাঁও পৌৰসভাৰ ১০ টা ৱাৰ্ডৰ বাবেও ফটো সম্বলিত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে । সেই অনুসৰি  পৌৰসভাখনৰ মুঠ ভোটদাতাৰ সংখ্যা হৈছে ১৬,৯৭৮ জন । ইয়াৰে ৮৬১৯ জন পুৰুষ ভোটদাতাৰ বিপৰীতে মহিলা ভোটদাতাৰ সংখ্যা হ'ল ৮৩৫৯ গৰাকী । দেৰগাঁও পৌৰসভাত মুঠ ২২ টা ভোটগ্ৰহন কেন্দ্ৰ স্থাপন কৰা হৈছে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Tuesday, 28 December 2021

*গোলাঘাটত এইচ আই ভি, এইডছ আৰু যক্ষ্মা নিৰ্মূলকৰণ সম্পৰ্কীয় সভা*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২২৪

*গোলাঘাটত এইচ আই ভি, এইডছ আৰু যক্ষ্মা নিৰ্মূলকৰণ সম্পৰ্কীয় সভা*

গোলাঘাট, ২৮ ডিচেম্বৰঃ গোলাঘাট জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু জিলা এইডছ নিয়ন্ত্ৰণ সমিতিৰ সহযোগত আজি গোলাঘাট নগৰৰ মিছন ৰোডত থকা ডক্টৰছ ক্লাৱত এইচ আই ভি, এইডছ সম্পৰ্কীয় জিলা পৰ্যায়ৰ এখন গুৰুত্বপূৰ্ণ সভা তথা কৰ্মশালা অনুষ্ঠিত হয় । জ্যেষ্ঠ চিকিৎসক ডাঃ হীৰেন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই নিজৰ ভাষণত কয় যে এইচ আই ভি বা এইডছ মানেই জীৱন শেষ হৈ যোৱাটো নুবুজায় । তেওঁ এইডছ সম্পৰ্কত ব্যাপক সজাগতা সৃষ্টিৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি বিদ্যালয় আৰু মহাবিদ্যালয়সমূহলৈয়ো এই সম্পৰ্কীয় জ্ঞানৰ প্ৰসাৰ ঘটোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । জিলাখনৰ এইচ আই ভি বা এইডছ আক্ৰান্ত লোকসকলৰ সৈতে জিলা প্ৰশাসন সদায় আছে বুলি উল্লেখ কৰি তেওঁ কয় যে সময় পৰিৱৰ্তন হৈছে আৰু আধুনিক চিকিৎসা বিজ্ঞানে বহু ন ন সম্ভাৱনাৰ সৃষ্টি কৰিছে । অনুষ্ঠানত অংশ লৈ জিলা আৰু সত্ৰ ন্যায়াধীশ বিনোদ কুমাৰ চণ্ডকে এইচ আই ভি এইডছ (প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন,২০১৭ আৰু চলিত বৰ্ষত স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগে জাৰি কৰা অধিসূচনা অনুসৰি বৈষম্যৰ চিকাৰ হোৱা এইচ আই ভি এইডছ আক্ৰান্ত লোকে কিদৰে লোকপালৰ জৰিয়তে আইনৰ ওচৰ চাপিব পাৰে সেই বিষয়ে বিতংভাৱে ব্যাখ্যা আগবঢ়ায় । তেওঁ কয় যে এই আইনৰ অধীনত এইচ আই ভি, এইডছ আক্ৰান্ত লোকসকলৰ লগতে তেনে লোকৰ চোৱা-চিতাৰ দায়িত্বত থকাসকলকো যিকোনো বৈষম্যৰ পৰা সুৰক্ষা প্ৰদান কৰা হয় । অনুষ্ঠানত অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ সদস্য সচিব নয়ন শংকৰ বৰুৱাই কয় যে এইচ আই ভি অথবা এইডছ আক্ৰান্ত হোৱাৰ বাবেই বৈষম্যৰ বলি হোৱা লোকসকলৰ লগতে অন্য লোকেও জিলা আইন সেৱা প্ৰাধিকৰণৰ পৰা বিনামূলীয়া আইনী সাহায্য লাভ কৰিব পাৰে । তেওঁ প্ৰতিখন জিলাত এইচ আই ভি, এইডছ আক্ৰান্ত লোকৰ বাবে আইনী সাহায্য কোষ স্থাপনৰ বাবে পৰামৰ্শ আগবঢ়ায় । লগতে জিলা আইন সেৱা প্ৰাধিকৰণৰ বিষয়ে যিমান পাৰি প্ৰসাৰ আৰু প্ৰচাৰ কৰিবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায় যাতে সমাজৰ দুখীয়া আৰু আৰ্তজনে ন্যায় লাভ কৰিবলৈ সমৰ্থ হয় । অনুষ্ঠানৰ সৈতে সংগতি ৰাখি জিলা যক্ষ্মা কোষৰ উদ্যোগতো এটা কাৰ্যসূচী গ্ৰহণ কৰা হয় । কাৰ্যসূচীত অংশ লৈ ৰাজ্যিক যক্ষ্মা গোটৰ অৰূপ কলিতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ভিতৰত ভাৰতৰ পৰা যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰাৰ কথা উল্লেখ কৰি এই সন্দৰ্ভত বিতং ব্যাখ্যা আগবঢ়ায় । জিলা এইডছ নিয়ন্ত্ৰণ বিষয়া আৰু জিলা যক্ষ্মা কোষৰ জিলা প্ৰকল্প বিষয়া ডাঃ সুনীতা এক্কাই আঁত ধৰা অনুষ্ঠানত জ্যেষ্ঠ অধিবক্তা সুমন সিং, অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ সহকাৰী সঞ্চালক মানস সূৰ্য দাস, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত আৰু কেইবাগৰাকীও জ্যেষ্ঠ চিকিৎসকে ভাষণ দিয়ে । আজিৰ অনুষ্ঠানত জিলা এইডছ নিয়ন্ত্ৰণ সমিতি আৰু জিলা যক্ষ্মা কোষৰ চিকিৎসক, বিষয়া-কৰ্মচাৰী আৰু ভালেসংখ্যক ভুক্তভোগীয়ে অংশ লয় । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Monday, 27 December 2021

*গোলাঘাট পৌৰসভাৰ চাফাইকর্মীসকলৰ অভাৱ-অভিযোগৰ বুজ ল'লে বিত্তমন্ত্ৰী অজন্তা নেওগে**গোলাঘাট নগৰখনক পৰিষ্কাৰ কৰি ৰখাটো কেৱল চাফাইকৰ্মীৰ নহয়, প্ৰতিজন নাগৰিকৰ দায়বদ্ধতা*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২২৩

*গোলাঘাট পৌৰসভাৰ চাফাইকর্মীসকলৰ অভাৱ-অভিযোগৰ বুজ ল'লে বিত্তমন্ত্ৰী অজন্তা নেওগে*

*গোলাঘাট নগৰখনক পৰিষ্কাৰ কৰি ৰখাটো কেৱল চাফাইকৰ্মীৰ নহয়, প্ৰতিজন নাগৰিকৰ দায়বদ্ধতা*

গোলাঘাট, ২৭ ডিচেম্বৰঃ বিত্ত আৰু সমাজ কল্যান মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাট পৌৰসভাৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত আত্মসহায়ক গোটৰ সদস্য, পৌৰ সভাৰ বিষয়া-কৰ্মচাৰী আৰু চাফাইকর্মীসকলৰ অভাৱ-অভিযোগসমূহৰ বুজ লয় । অনুষ্ঠানত চাফাইকর্মীসকলক ইউনিফৰ্ম বিতৰণ কৰি তেওঁ নিজৰ ভাষণত কয় যে গোলাঘাট নগৰৰ আটাইকেইটা ৱাৰ্ডৰ বাট-পথ আৰু নল-নৰ্দমাৰ উন্নয়নৰ বাবে চৰকাৰে অলপতে ২৫ কোটি টকাৰ প্ৰস্তাৱত অনুমোদন জনাইছে । দেৰগাঁৱৰ পৰা ৰঙাজানলৈকে পথটো উন্নীত কৰাৰ বাবে ২০০ কোটি টকা অনুমোদন দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে গোলাঘাট নগৰখনৰ প্ৰায় ৪ কিলোমিটাৰ পথ ইয়াৰ অন্তৰ্ভুক্ত হ'ব আৰু ইয়াৰ লগে লগে নগৰখনে এটা নতুন ৰূপ লাভ কৰিব । কেতবোৰ ঠাইত চাইকেল চলোৱাৰ সুব্যৱস্থা কৰাৰ লগতে প্ৰাতঃভ্রমনৰ সুবিধা কৰি দিয়া হ'ব বুলি মন্তব্য কৰি তেওঁ কয় যে নদীকাষৰীয়া অঞ্চল আৰু পার্ক সমূহৰ সৌন্দৰ্যবৰ্ধনো কৰা হ'ব । গোলাঘাট নগৰত এখন খোৱাপানী আচঁনিকে ধৰি যোৱা সপ্তাহটোত বিভিন্ন আঁচনিৰ বাবে চৰকাৰে প্ৰায় ৫৮ কোটি টকাৰ অনুমোদন দিছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে  প্ৰকাশ কৰে । তেওঁ কয় যে গোলাঘাট নগৰত থকা শ্মশানখনত মৃতদেহ সৎকাৰৰ বাবে ইলেক্ট্রিক ব্যৱস্থা কৰা হ'ব । পৌৰসভা এখন জিলা বা এটা সমষ্টিৰ দাপোন বুলি উল্লেখ কৰি তেওঁ কয় যে সন্মিলিত প্ৰচেষ্টাতহে আমি গোলাঘাট নগৰখনক সৰ্বাংগসুন্দৰ কৰি ৰাখিব পাৰিম । গোলাঘাট নগৰখনক স্বচ্ছ কৰি ৰখাৰ ক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰি তেওঁ কয় যে নগৰখনক পৰিষ্কাৰ কৰি ৰখাটো কেৱল চাফাইকৰ্মীসকলৰ নহয়, প্ৰতিজন নাগৰিকৰ দায়বদ্ধতা । গোলাঘাট পৌৰসভাই স্বচ্ছ সৰ্বেক্ষণত পৰিষ্কাৰ নগৰৰ সন্মান লাভ কৰা বিষয়টোক লৈ পৌৰসভাৰ বিষয়া-কৰ্মচাৰী, আত্মসহায়ক গোটৰ সদস্য আৰু চাফাইকর্মীসকলক তেওঁ উচ্চ প্ৰশংসা কৰে । আজিৰ অনুষ্ঠানত গোলাঘাট পৌৰসভাৰ কাৰ্যবাহী বিষয়া ডঃ সংগীতা বৰঠাকুৰ, পৌৰসভাৰ কৰ্মচাৰী, আত্মসহায়ক গোটৰ সদস্য আৰু চাফাইকর্মী তথা কৰ্মীসকল উপস্থিত আছিল ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

Friday, 24 December 2021

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

*ক'ভিড-১৯ত মৃত্যু হোৱা লোকসকলৰ নিকট আত্মীয়ক চৰকাৰে আগবঢ়োৱা ৫০,০০০ টকাৰ সাহায্যৰ বাবে অনলাইনযোগে আবেদন জনাবলৈ গোলাঘাট জিলা প্ৰশাসনৰ আহ্বান*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং-২২১

*ক'ভিড-১৯ত মৃত্যু হোৱা লোকসকলৰ নিকট আত্মীয়ক চৰকাৰে আগবঢ়োৱা ৫০,০০০ টকাৰ সাহায্যৰ বাবে অনলাইনযোগে আবেদন জনাবলৈ গোলাঘাট জিলা প্ৰশাসনৰ আহ্বান*

গোলাঘাট, ২৩ ডিচেম্বৰঃ গোলাঘাট জিলা প্ৰশাসনে জিলাখনৰ ক'ভিড-১৯ত মৃত্যু হোৱা লোকসকলৰ নিকট আত্মীয়ক চৰকাৰে আগবঢ়োৱা ৫০,০০০ টকাৰ সাহায্য লাভ কৰাৰ বাবে অনলাইন ব্যৱস্থাৰে আবেদন জনাবলৈ আহ্বান জনাইছে । উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিৰ্দেশনাৰ ভিত্তিত গোলাঘাট জিলাতো ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা সকলো লোকৰ নিকট আত্মীয়ক ৫০,০০০ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । আবেদনকাৰীসকলে ইয়াৰ বাবে চৰকাৰে মুকলি কৰা  https://cmcovidsupport.assam.gov.in লিংকত অনলাইন ব্যৱস্থাৰ জৰিয়তে আৱেদন কৰিব পাৰিব । এইখিনিতে উল্লেখ কৰিব পাৰি যে ক'ভিড-১৯ত মৃত্যু হোৱা যিকোনো লোকৰ নিকট আত্মীয়ৰ লগতে দেহত ক'ৰণা ভাইৰাছৰ উপস্থিতি ধৰা পৰা এমাহৰ ভিতৰত মৃত্যু হোৱা লোকৰ নিকট আত্মীয়য়ো এই  সাহায্যৰ বাবে আবেদন জনাব পাৰিব । প্ৰাৰ্থনা আঁচনি, ক'ভিড-১৯ ত স্বামীহাৰা হোৱা মহিলাৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য আঁচনি আৰু মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনিৰ হিতাধিকাৰীসকলকো এই সাহায্য প্ৰদান কৰা হ'ব । অনলাইন ব্যৱস্থাৰে অতি সোনকালে এই আঁচনিৰ অধীনত আবেদন জনাবলৈ প্ৰশাসনে আহ্বান জনাইছে । অনলাইন আবেদনত অসুবিধাৰ সন্মুখীন হ'লে জিলা উপায়ুক্তৰ কাৰ্যালয়তো যোগাযোগ কৰিব পাৰিব ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Thursday, 23 December 2021

*গোলাঘাট জিলাত ২৫ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ সুৰাপান কৰি বাহন চলোৱা আৰু যানবাহন আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে চলিব ব্যাপক অভিযান**কেইবাটাও স্থানত চলিব আৰক্ষী-আবকাৰী-পৰিবহন বিভাগৰ আকস্মিক অভিযান*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২২২

*গোলাঘাট জিলাত ২৫ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ সুৰাপান কৰি বাহন চলোৱা আৰু যানবাহন আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে চলিব ব্যাপক অভিযান*

*কেইবাটাও স্থানত চলিব আৰক্ষী-আবকাৰী-পৰিবহন বিভাগৰ আকস্মিক অভিযান*
গোলাঘাট, ২৩ ডিচেম্বৰঃ গোলাঘাট জিলাত অহা ২৫ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ সুৰাপান কৰি বাহন চলোৱা, হেলমেট পৰিধান নকৰাকৈ মটৰ চাইকেল চলোৱা, বাহনত অত্যধিক বোজা কঢ়িওৱা আৰু যানবাহন আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱা হ'ব । আজি গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই এই নটা দিনত আৰক্ষী, আবকাৰী বিভাগ আৰু জিলা পৰিবহন বিভাগক কঠোৰভাৱে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্দেশ দিয়ে । লগতে তিনিওটা বিভাগক জিলাখনৰ কেইবাটাও স্থানত আকস্মিকভাৱে অভিযান চলাবলৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে । তেওঁ বিশেষভাৱে ৩১ ডিচেম্বৰ আৰু পহিলা জানুৱাৰীৰ দিন দুটাত যাতে দুৰ্ঘটনাত পতিত হৈ কোনো লোকে প্ৰাণ হেৰুৱাবলগীয়া নহয়, সেইয়া সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । বৈঠকত উপায়ুক্তগৰাকীয়ে কয় যে কেৱল চালকেই নহয়, মটৰ চাইকেলত দুজন উঠিলে দুয়োজনেই হেলমেট পিন্ধাটো বাধ্যতামূলক । অন্যথা জৰিমনা বিহা হ'ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে । 

সভাত অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা, অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিত, জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জী, যানবাহন আৰক্ষী, আবকাৰী আদি কেইবাটাও বিভাগৰ বিষয়ববীয়া আৰু প্ৰতিনিধি উপস্থিত আছিল ।  

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

*'গ্ৰামাঞ্চলৰ দিশে প্ৰশাসন'ক মূল বিষয়বস্তু হিচাপে লৈ গোলাঘাটত সু-শাসন সপ্তাহ পালন**ইণ্টাৰনেটৰ জৰিয়তে চৰকাৰী আঁচনিসমূহৰ তথ্য লাভ কৰি সুবিধা আদায় কৰিবলৈ জিলা উপায়ুক্তৰ আহ্বান*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২২০

*'গ্ৰামাঞ্চলৰ দিশে প্ৰশাসন'ক মূল বিষয়বস্তু হিচাপে লৈ গোলাঘাটত সু-শাসন সপ্তাহ পালন*

*ইণ্টাৰনেটৰ জৰিয়তে চৰকাৰী আঁচনিসমূহৰ তথ্য লাভ কৰি সুবিধা আদায় কৰিবলৈ জিলা উপায়ুক্তৰ আহ্বান*
গোলাঘাট, ২৩ ডিচেম্বৰঃ গোলাঘাট জিলা প্ৰশাসন আৰু গোলাঘাট পূব উন্নয়ন খণ্ড, পদুমণিৰ উদ্যোগত আজি উন্নয়ন খণ্ড কাৰ্যালয়টোৰ প্ৰেক্ষাগৃহত ''গ্ৰামাঞ্চলৰ দিশে প্ৰশাসন''ক মূল বিষয়বস্তু হিচাপে লৈ সু-শাসন সপ্তাহ পালন কৰা হয় । এই উপলক্ষে আয়োজিত এখন সভাত ভাষণ দি গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই বৰ্তমানৰ ডিজিটেল যুগৰ সৈতে ফেৰ মাৰিব পৰাকৈ ইণ্টাৰনেট আৰু স্মাৰ্টফোনৰ উচিত ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে চৰকাৰৰ প্ৰতিখন আঁচনিৰ বিতং তথ্য ইণ্টাৰনেটত পোৱা যায় । তেওঁ ইলেক্ট্ৰনিক মাধ্যমসমূহক চৰকাৰী আঁচনিৰ তথ্য সংগ্ৰহ আৰু আঁচনিৰ সুবিধা আদায় কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে গোলাঘাট জিলাৰ ৮৫ শতাংশ লোকে নিজৰ আধাৰ কাৰ্ড প্ৰস্তুত কৰিছে যদিও এতিয়াও ১৫ শতাংশ লোক এই বিষয়ত সচেতন হৈ উঠা নাই । তেওঁ ভৱিষ্যত সময়ত আধাৰ ৰেচন কাৰ্ড আৰু অন্যান্য নথিৰ সৈতে সংলগ্ন কৰিব লাগিব বুলি উল্লেখ কৰি সকলোকে নিজৰ আধাৰ কাৰ্ড প্ৰস্তুত কৰিবলৈ আহ্বান জনায় । তেওঁ লগতে কয় যে গোলাঘাট জিলাৰ ১০০ শতাংশ লোকে ক'ভিডৰ প্ৰথম পালি আৰু ৭২ শতাংশ লোকে দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিছে । তেওঁ দ্বিতীয় পালিৰ সময় হোৱা প্ৰতিজন লোককে বিনাদ্বিধাই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায় । আনহাতে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলক তেওঁ ই-শ্ৰম পৰ্টেলৰ জৰিয়তে শ্ৰমিক কাৰ্ড প্ৰস্তুত কৰিবলৈও আহ্বান জনায় ।

আজিৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মীন, পশুপালন আৰু পশুচিকিৎসা বিভাগৰ উদ্যোগত তথা গোলাঘাট পূব উন্নয়ন খণ্ড, পদুমণিৰ সহযোগত জিলা পৰ্যায়ৰ কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণ অভিযানৰ লগতে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মন-ধন যোজনা(পেঞ্চন আঁচনি) আদিৰ সজাগতা অভিযান চলোৱা হয় । অনুষ্ঠানৰ অংশৰূপে অসংগঠিত খণ্ডৰ শ্ৰমিকসকল প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু বিভিন্ন সামাজিক সুৰক্ষা আঁচনিৰ দ্বাৰা উপকৃত হ'ব পৰাকৈ ই-শ্ৰম পৰ্টেলৰ জৰিয়তে শ্ৰমিক কাৰ্ড যুগুত কৰাৰ বাবেও সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয় । আজিৰ অনুষ্ঠানত বিশেষকৈ এম জি এনৰেগাৰ শ্ৰমিকসকলক অগ্ৰাধিকাৰ দি ই-শ্ৰম আৰু প্ৰধানমন্ত্ৰী শ্ৰম যোগী মন-ধন যোজনাৰ অধীনত নাম পঞ্জীয়ন কৰোৱা হয় । অনুষ্ঠানত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবেও সজাগতা অভিযান চলোৱা হয় । 

আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী অঞ্জুমণি সন্দিকৈ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা, এল ডি এম সজীৱ কুমাৰ বৰা আৰু জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ভাষণ দিয়ে । গোলাঘাট পূব উন্নয়ন খণ্ড, পদুমনিৰ খণ্ড উন্নয়ন বিষয়া ৰামচন্দ্ৰ দেউৰীৰ তত্বাৱধানত আয়োজিত অনুষ্ঠানত ডি ডি এম, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, উন্নয়ন খণ্ড কাৰ্যালয়ৰ কৰ্মচাৰী, গাঁও পঞ্চায়তৰ সভাপতি, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কৰ্মচাৰীসকল আৰু জীৱিকা সখীসকলে অংশগ্ৰহণ কৰে ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট* 
NORTHEAST NEWS INDIA

Sunday, 19 December 2021

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

*শ্রীমন্ত শঙ্কৰদেৱ সংঙ্ঘৰ গোলাঘাট জিলাৰ, গোলাঘাট আঞ্চলিক শাখাৰ বেঙেনাখোৱা শঙ্কৰদেৱ নগৰ নামঘৰত,বহুতো যুৱক, যুৱতী, আই , বাপ, সকলক শৰৰ্ণ প্ৰদান*

*শ্রীমন্ত শঙ্কৰদেৱ সংঙ্ঘৰ গোলাঘাট জিলাৰ, গোলাঘাট আঞ্চলিক শাখাৰ বেঙেনাখোৱা শঙ্কৰদেৱ নগৰ নামঘৰত,বহুতো যুৱক, যুৱতী, আই , বাপ, সকলক শৰৰ্ণ প্ৰদান*
গোলাঘাট,১৯ ডিচেম্বৰ২০২১ঃ শ্রীমন্ত শঙ্কৰদেৱ সংঙ্ঘৰ গোলাঘাট জিলাৰ, গোলাঘাট আঞ্চলিক শাখাৰ বেঙেনাখোৱা শঙ্কৰদেৱ নগৰ নামঘৰত, গোলাঘাট আঞ্চলিক শাখাৰ আতিথ্যত, আজি ইং ১৯ ডিচেম্বৰ ২০২১ তাৰিখে পুৱা ভাগৰ পৰা বহুতো যুৱক, যুৱতী, আই , বাপ, সকলক শৰৰ্ণ প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত বহুতো আই, বাপ, ভক্তবৃন্দ উপস্থিত আছিল।

গোলাঘাটৰ পৰা মাধৱ গগৈ NORTHEAST NEWS INDIA

Saturday, 18 December 2021

উদুলি-মুদুলি গোলাঘাট সমন্বয় ক্ষেত্ৰৰ বাকৰিঃ বিপুল সমাৱেশেৰে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ লাইখুটা স্থাপন,চিৰ চেনেহী গীতেৰে মুখৰিত

উদুলি-মুদুলি গোলাঘাট সমন্বয় ক্ষেত্ৰৰ বাকৰিঃ বিপুল সমাৱেশেৰে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ লাইখুটা স্থাপন,চিৰ চেনেহী গীতেৰে মুখৰিত
------------------------------------
  গোলাঘাট,১৮ ডিচেম্বৰঃ অহা ২৭ ডিচেম্বৰত গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত উদযাপিত হ'বলগীয়া জাতীয় সংগঠন অসম সাহিত্য  সভাৰ ১০৫ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লাইখুটা স্থাপনৰ মাংগলিক কাৰ্য আজি উদুলি-মুদুলি পৰিৱেশত সম্পন্ন হৈ যায় । অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া তথা  আদৰণি সমিতিৰ সাধাৰণ সম্পাদক দিগন্ত কুমাৰ ভূঞা আৰু কাৰ্যকৰী সভাপতি দেৱজিৎ ফুকনে পৰিচালনা কৰা গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীত গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা উপস্থিত থাকি আনুষ্ঠানিকভাৱে লাইখুটা স্থাপন কৰে । তেওঁ প্ৰতিষ্ঠা দিৱসৰ পৱিত্ৰ কাৰ্যসূচীত সকলো ৰাইজক অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰি তোলাৰ আহ্বান জনোৱাৰ লগতে জিলা প্ৰশাসনে সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰে । ৰাইজৰ বিপুল অংশগ্ৰহণ আৰু শিল্পীসকলৰ চিৰ চেনেহী গীতেৰে মুখৰিত কৰি তোলে গোলাঘাট সমন্বয় ক্ষেত্ৰ । অনুষ্ঠানত গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি পৱিত্ৰ বৰবৰাই শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় । আদৰণি সমিতিৰ সভাপতি পূৰ্ণ ৰাজখোৱা, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন সোনোৱাল,জিলা সাহিত্য সভাৰ সম্পাদক বন্তি বৰা, উপ-সভাপতি তফজুল হক বৰবৰা,জিলাখনৰ শাখা সাহিত্য সভা সমূহৰ সভাপতি,সম্পাদক,
বিষয়ববীয়া, ৰাইজে অংশগ্ৰহণ কৰে ।
গোলাঘাট জিলা সাহিত্য সভাৰ উদ্যোগত ,জিলাখনৰ শাখা সাহিত্য সভা সমূহ,বিভিন্ন সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত ,গোলাঘাট শাখা সাহিত্য সভা আৰু পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ আতিথ্যত  অহা ২৭ ডিচেম্বৰত গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত  উদযাপিত  হ'বলগীয়া  অসমৰ ৰাইজৰ আদৰৰ জাতীয় সংগঠন অসম সাহিত্য  সভাৰ কেন্দ্ৰীয়  প্ৰতিষ্ঠা দিৱসৰ প্ৰস্ততি আদৰণি সমিতিয়ে পূৰ্ণ গতিত অব্যাহত ৰাখিছে  ।  প্ৰতিষ্ঠা দিৱস উপলক্ষে ২৭ ডিচেম্বৰ পুৱা প্ৰায় ৮-৩০ বজাত  ১০৫ খন পতাকা উত্তোলন কাৰ্যসূচীত অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া,উপ-সভাপতি মৃণালীনী দেৱী, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা,অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি প্ৰহ্লাদ চন্দ্ৰ তাচা, প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, কেন্দ্ৰীয় প্ৰতিনিধি,জিলা সাহিত্য সভাৰ সভাপতি, গোলাঘাট জিলাৰ শাখা সাহিত্য সভা সমূহৰ সভাপতি, জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব,জ্যেষ্ঠ নাগৰিক,প্ৰবীণ সাংবাদিক,মহাবিদ্যালয়ৰ অধ্যক্ষ আদিয়ে উত্তোলকৰূপে অংশগ্ৰহণ কৰিব । দবা,শঙ্খ,কাঁহ,গায়ন-বায়নৰ ধ্বনীৰে মুখৰিত হ'ব পৱিত্ৰ পতাকা উত্তোলন কাৰ্যসূচী ।  ইয়াৰ পাচতেই অনুষ্ঠিত হ'ব স্মৃতি তৰ্পণ কাৰ্যসূচী । ইয়াৰ পাছতে ১০৫ গৰাকী মহিলাই 'অ' মোৰ আপোনাৰ দেশ' গীত পৰিৱেশন কৰিব। দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ'ব বৰ্ণাঢ্য সাংস্কৃতিক সমাৰোহ আৰু প্ৰতিষ্ঠা দিৱসৰ মুকলি সভা । অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াৰ পৌৰহিত্যত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত নাগালেণ্ডৰ সৰ্বোচ্চ আৰু সন্মানীয় অভিভাৱক জাতীয় সংগঠন নগা হোহোৰ অধ্যক্ষ  এইচ.কে জিমমীয়ে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব । মুকলি সভা শুভ উদ্বোধন কৰিব অৰুণাচলৰ বিশিষ্ট লেখক,সাহিত্যিক ,ভাৰতীয় বায়ু সেনাৰ ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত উচ্চ পদস্থ বিষয়া মহন্ত পাংগিঙে ।সভাত অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱী,অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগ,অতুল বৰা,বিধায়ক বিশ্বজিৎ ফুকন,মৃণাল শইকীয়া,ভবেন্দ্ৰ নাথ ভঁৰালী, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ প্ৰসাদ বৰুৱা,অসম জাতীয়তা যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন গগৈ, গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা,আৰক্ষী অধীক্ষক সুমিত শৰ্মা , নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক কাজল শইকীয়া,উপ-মহাপ্ৰৱন্ধক মিণ্টু সন্দিকৈ, বড়ো, কাৰ্বি,মিছিং আদি সাহিত্য সভা,আটছা,আছা সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰিব । জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত বড়ো,কাৰ্বি,মিছিং,ৰাভা,বিহু, উড়িয়া জনগোষ্ঠীয় নৃত্য,মহিলাৰ ভোৰতাল,ঝুমুইৰ,কণ-কণ ছাত্ৰ-ছাত্ৰীৰ প্ৰাৰ্থনা গীত,সত্ৰীয়া নৃত্য  আদিৰে উক্ত দিনা মুখৰিত হ'ব গোলাঘাট সমন্বয় ক্ষেত্ৰৰ বাকৰি  ।

Madhob Gogoi  
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...