Monday, 22 November 2021

*গোলাঘাট জিলাত ৰেচন কাৰ্ডৰ গৰাকীসকলে ক'ভিড প্ৰতিষেধক লোৱাটো বাধ্যতামূলক ঘোষণা প্ৰশাসনৰ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২০১

*গোলাঘাট জিলাত ৰেচন কাৰ্ডৰ গৰাকীসকলে ক'ভিড প্ৰতিষেধক লোৱাটো বাধ্যতামূলক ঘোষণা প্ৰশাসনৰ*

গোলাঘাট, ২২ নৱেম্বৰঃ গোলাঘাট জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকলে ক'ভিড প্ৰতিষেধক লোৱাটো বাধ্যতামূলক ঘোষণা কৰিছে । জিলা উপায়ুক্তই ইতিমধ্যে সমবায় সমিতিসমূহলৈ এই সম্পৰ্কীয় নিৰ্দেশনা প্ৰেৰণ কৰিছে । সেই অনুসৰি সুলভ মূল্যৰ দোকানীসকলে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ পৰা ক'ভিড প্ৰতিষেধক লোৱাৰ প্ৰমানপত্ৰ সংগ্ৰহ কৰিব লাগিব । ১৭ নৱেম্বৰত জাৰি কৰা নিৰ্দেশনা মতে এতিয়াও যদি কোনো লোকে প্ৰতিষেধক লোৱা নাই তেনেহ'লে নিৰ্দেশনা জাৰি কৰাৰ ১৫ দিনৰ ভিতৰত প্ৰতিষেধক লৈ সংশ্লিষ্ট সুলভ মূল্যৰ দোকানত প্ৰমানপত্ৰ জমা দিবলৈ কোৱা হৈছে । 
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...