Monday, 22 November 2021

*প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ অধীনত গোলাঘাট জিলাত ২০২০-২১ বৰ্ষত ১,৪০০ নিবনুৱাক সামৰি প্ৰায় ১২ কোটি টকাৰ ঋণ প্ৰদানৰ লক্ষ্য**উৎপাদন খণ্ডৰ বাবে ২৫ লাখ টকা আৰু সেৱা খণ্ডৰ বাবে ১০ লাখ টকা পৰ্যন্ত ঋণৰ সুবিধা*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ২০০

*প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ অধীনত গোলাঘাট জিলাত ২০২০-২১ বৰ্ষত ১,৪০০ নিবনুৱাক সামৰি প্ৰায় ১২ কোটি টকাৰ ঋণ প্ৰদানৰ লক্ষ্য*

*উৎপাদন খণ্ডৰ বাবে ২৫ লাখ টকা আৰু সেৱা খণ্ডৰ বাবে ১০ লাখ টকা পৰ্যন্ত ঋণৰ সুবিধা*

গোলাঘাট, ২২ নৱেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ বিভিন্ন নিয়োগ সৃষ্টি আঁচনি সন্দৰ্ভত আজি গোলাঘাট আৱৰ্ত ভৱনৰ সভাকক্ষত মন্ত্ৰালয়ৰ উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা উপ মুখ্য কাৰ্যবাহী বিষয়া ডঃ সুকমল দেৱে এখন সংবাদমেল সম্বোধন কৰে । তেওঁ প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ দ্বাৰা তথা খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ ঋন লাভ কৰি কেনেকৈ যুৱক-যুৱতীসকলে কৰ্মসংস্থাপন লাভ কৰিব পাৰে এই বিষয়ে বিতংভাৱে অৱগত কৰে । তেওঁ কয় যে ক'ভিডসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নিবনুৱা সমস্যা বৃদ্ধি পোৱালৈ চাই নিবনুৱা যুৱক-যুৱতীসকলক কৰ্মসংস্থাপনৰ সুযোগ দিয়াটো চৰকাৰখনৰ দায়িত্ব । সেয়ে দক্ষ ল'ৰা-ছোৱালীখিনিক চৰকাৰৰ ফালৰ পৰা সহায় কৰাৰ উদ্দেশ্যে এই আঁচনিৰ সফল ৰূপায়নত গুৰুত্ব আৰোপ কৰা হৈছে । কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকৰ সৈতে এই সন্দৰ্ভত মত বিনিময় কৰি তেওঁ কয় যে ক'ভিডসৃষ্ট পৰিস্থিতিত বহিঃৰাজ্যত কৰ্মৰত ৰাজ্যখনৰ প্ৰায় আঢ়ৈ লাখ লোক অসমলৈ উভতি আহে । এনে পৰিস্থিতিত নিবনুৱা সমস্যাৰ জোৰা মৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিখন অতি গুৰুত্বপূৰ্ণ আঁচনি হিচাপে পৰিগণিত হৈছে । তেওঁ কয় যে এই আঁচনিৰ অধীনত উৎপাদন খণ্ডৰ বাবে ২৫ লাখ টকা আৰু সেৱা খণ্ডৰ বাবে ১০ লাখ টকা পৰ্যন্ত ঋণ প্ৰদান কৰা হয় । এই ঋণৰ ক্ষেত্ৰত গ্ৰামাঞ্চলৰ বাবে ৩৫ শতাংশ পৰ্যন্ত আৰু নগৰ অঞ্চলৰ বাবে ২৫ শতাংশ পৰ্যন্ত ৰাজসাহায্য প্ৰদান কৰা হয় । তেওঁ পুনৰ কয় যে অসমৰ মুঠ ঘৰুৱা উৎপাদনৰ ২৯ শতাংশ কেৱল অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ পৰা আহে । সেয়ে এই খণ্ডটোক শক্তিশালী কৰিব পাৰিলে ৰাষ্ট্ৰ নিৰ্মাণ ব্যৱস্থাও শক্তিশালী হ'ব বুলি তেওঁ কয় । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ২০২০-২১ বৰ্ষৰ বাবে প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ অধীনত গোলাঘাট জিলাৰ বাবে ৪.৪৬ কোটি টকাৰ ৰাজসাহায্যৰে প্ৰায় ১,৪০০ লোকক সামৰি প্ৰায় ১২ কোটি টকাৰ ঋণ প্ৰদানৰ লক্ষ্য লোৱা হৈছে । তেওঁ আগ্ৰহী নিবনুৱা যুৱক-যুৱতীসকলক www.kviconline.gov.in/pmegpeportal ৰ জৰিয়তে ঋণৰ বাবে আবেদন জনাবলৈ আহ্বান জনায় । তেওঁ লগতে কয় যে ন্যূনতম অষ্টম শ্ৰেণী উত্তীৰ্ণ ১৮ বছৰৰ উৰ্ধৰ যিকোনো লোকেই আবেদন জনাব পাৰে । উৎপাদন খণ্ডত ১০ লাখ টকাতকৈ অধিক প্ৰকল্প ব্যয়ৰ উদ্যোগ আৰু সেৱা খণ্ডত ৫ লাখ টকাতকৈ অধিক প্ৰকল্প ব্যয়ৰ উদ্যোগ স্থাপনৰ বাবে এই ঋণ প্ৰদান কৰা হয় । তেওঁ কয় যে কে ভি আই চিৰ ৱেবছাইটত ৩০৭টা আৰ্হি প্ৰকল্প আপলোড কৰা আছে । আবেদনকাৰীয়ে এই আৰ্হি প্ৰকল্পৰ দ্বাৰা আচঁনিখনৰ বিষয়ে এটা সম্যক ধাৰণা লাভ কৰিব পাৰিব । আজিৰ সংবাদমেলত জিলা উদ্যোগ কেন্দ্ৰৰ প্ৰধান পৰিচালক উমেশ কুমাৰ আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱী উপস্থিত আছিল ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...