Self Employed A College professor
কৰ্মৰ সন্ধানত বছৰি বহুসংখ্যক যুৱক যুৱতী বহিঃৰাজ্যলৈ গমণ কৰে ৷ এই কৰ্মস্থানহীনতা ৰোধৰ উদ্দেশ্যে গোলাঘাটৰ এজন লোকে মহাবিদ্যালয় চাকৰি ত্যাগকৰি উৎপাদনমুখী কামত আত্মনিয়োগ কৰিছে ৷ নামতেওৰ ড° লাচিত বৰুৱা ফৰকাটিং বালিজানৰ ড°লাচিত বৰুৱাই ফৰকাটিং
মহাবিদ্যালয় বুৰঞ্জী বিভাৰ মুৰব্বী প্ৰৱক্তাহিচাবে কায্যনিৰ্বাহ কৰিছিল ৷ কেৱল
পেটৰ তাড়নাত অসমৰ পৰা নিবনুৱাসকল বহিৰাজ্যত চাকৰি বিছাৰি গৈথকা বিষয়টো তেওঁ চিন্তা কৰিবলৈ ললে আৰু এই প্ৰৱজন কিদৰে কিঞ্চিত হলেও উপসম হয় সেই চিন্তাকৰিয়েই তেওঁ ললে এক বিশেষ সিদ্ধান্ত ৷ 2019 চনৰ ছেপ্তেম্বৰ মাহত তেওঁ ফৰকাটিং কলেজৰ চাকৰিৰ পৰা স্বেস্বাই অৱসৰ গ্ৰহণ কৰি আৰম্ভণি কৰিলে পশু - পখি পালন ফাৰ্ম ৷ অসমচৰকাৰৰ পশুধন আৰু হাঁহ কুকুৰা নিগমৰ গোলাঘাটৰ বগৰিজেংস্থিত পল্ট্ৰীফাৰ্মখন তেও লীজ ভিত্তিত ললে হাবিবননি গজিপৰিথকা মাটিত শাক পাচলিৰ খেতি কৰাৰ লগতে ফাৰ্মখনত তেও ব্ৰইলাৰ ;সোণালি কেধৰি বিভিন্ন উন্নত সঁচৰ মুৰ্গী ; চাগলী ফাৰ্মখোলাৰ লগতে শাচীগছৰ পুলেও ৰূপন কৰিছে ৷ ফাৰ্মৰ কাষতো এক বৃহৎ এলেকাত শাচিগছৰ বাগান আৰম্ভ কৰিছে ৷ তেওঁৰ ফৰকাটিংৰ বালিজানস্থিত ঘৰৰ পিছফালে আৰু আশে - পাসে থকা কেইবাটাও বৃহৎ পুখুৰীত মাছ আৰু উন্নত সঁচৰ হাহঁ পালন কৰিছে ৷ ড° লাচিত বৰুৱাই এই কৰ্ম সেৱা হিচাপেলৈ দুয়োখন ফাৰ্মত মুঠ দহটা পৰিয়ালক সংস্থপিত কৰিছে ৷ তেও বৰ্তমান পুলিবৰৰ বগৰিজেংত থকা ফাৰ্মত উন্নত প্ৰজাতিৰ গাহৰি পালনৰ বাবে আচঁনি লৈছে ৷
ভিডিঅ’ জাৰ্নেলিষ্ট বিশ্বজিত নাথৰ সৈতে প্ৰকাশ শৰ্মা গোলাঘাট Northeast News India
No comments:
Post a Comment
Welcome Northeast News India