জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৫১
*স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গোলাঘাট জিলাৰ ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা*
*৫ ছেপ্টেম্বৰৰ পাছত বুথ পৰ্যায়ত গোলাঘাট জিলাত চলিব ব্যাপক প্ৰতিষেধক প্ৰদান কাৰ্যসূচী*
*অহা সোমবাৰে প্ৰতিটো চৰকাৰী কাৰ্য্যালয়ৰ বাহিৰত আঁৰিব লাগিব "আমি সকলোৱে প্ৰতিষেধক গ্ৰহণ কৰিলো" বুলি লিখা বেনাৰ*
গোলাঘাট, ২ ছেপ্টেম্বৰ : ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰী কেশৱ মহন্তই আজি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলাখনৰ ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে । তেওঁ অহা ৫ ছেপ্টেম্বৰৰ পাছত সমষ্টিভিত্তিক তথা বুথ পৰ্যায়ত ভোটাৰ তালিকা অনুসৰি ক্ষিপ্ৰতাৰে ক'ভিডৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া ব্যাপকভাৱে চলাই যাবলৈ নিৰ্দেশ দিয়ে । তেওঁ কয় যে কোনো এজন যোগ্য ব্যক্তি যাতে প্ৰতিষেধকৰ পৰা বঞ্চিত নহয় আৰু প্ৰতিষেধক কেন্দ্ৰৰ পৰা ভেকচিন নোলোৱাকৈ কোনো উভতি যাবলগীয়া নহয় সেয়া সুনিশ্চিত কৰিব লাগিব । তেওঁ প্ৰয়োজন অনুসৰি একোটা সমষ্টিৰ একোখন চিকিৎসালয়ত পৰ্যাপ্ত প্ৰতিষেধক মজুত ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায় । প্ৰতিষেধক পৰ্যাপ্ত পৰিমানে লাভ কৰিব বুলি উল্লেখ কৰি তেওঁ প্ৰতিষেধক প্ৰদান কৰা দলৰ সংখ্যা ১০০টা পৰ্যন্ত বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে । লগতে আক্ৰান্তৰ হাৰ বৃদ্ধি পোৱা অঞ্চলত প্ৰতিষেধক প্ৰদানো ক্ষিপ্ৰতৰ কৰিবলৈ তেওঁ কয় । মন্ত্ৰীগৰাকীয়ে সৰুপথাৰৰ সীমান্ত অঞ্চলৰ প্ৰতিষেধক কার্যসূচীয়ে ঢুকি নোপোৱা অঞ্চলসমূহত প্ৰতিষেধক প্ৰদানৰ হাৰ বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰে ।
মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে অহা দেওবাৰৰ ভিতৰত প্ৰতিটো চৰকাৰী কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে প্ৰতিষেধক লোৱাটো সুনিশ্চিত কৰিব লাগিব । তেওঁ কয় যে সোমবাৰে জিলাখনৰ প্ৰতিটো চৰকাৰী কাৰ্য্যালয়ৰ বাহিৰত "আমি সকলোৱে প্ৰতিষেধক গ্ৰহণ কৰিলো" বুলি লিখা বেনাৰ আঁৰিব লাগিব । সোমবাৰৰ পৰা খুলিবলগীয়া শিক্ষানুষ্ঠানসমূহৰ শিক্ষক-কৰ্মচাৰী আৰু প্ৰতিষেধক গ্ৰহণৰ যোগ্য ছাত্ৰ-ছাত্ৰীসকলেও প্ৰতিষেধক লোৱাটো বাধ্যতামূলক বুলি তেওঁ উল্লেখ কৰে । শিক্ষানুষ্ঠানসমূহৰ আগতো অনুৰূপ বেনাৰ আঁৰিব লাগিব বুলি তেওঁ কয় ।
বৈঠকত সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰী বিশ্বজিৎ ফুকন, জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰী, সৰুপথাৰ আৰু বোকাখাত মহকুমাৰ মহকুমাধিপতি, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক আৰু স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
No comments:
Post a Comment
Welcome Northeast News India