Wednesday, 11 August 2021

গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ৰোগীৰ মৃত্যুৰ পিছত নিশা উত্তপ্ত পৰিস্থিতি ৷

 গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ৰোগীৰ মৃত্যুৰ পিছত নিশা উত্তপ্ত পৰিস্থিতি ৷


চিকিৎসালয়ত কতৰ্ব্যৰত আৰক্ষীৰ প্ৰহাৰত মৃত্যু হোৱা বুলি গুৰুতৰ অভিযোগ সমগ্ৰ ঘটনা CCTV কেমেৰাত বন্দী হোৱা বুলি অভিযোগ আনি আত্মীয়য়ে উচিত তদণ্ডৰ জনালে দাবী ৷শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত এই মৃত্যুৰ ঘটনা পিছত এক চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ গোলাঘাটত ৷চিকিৎসালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতি সাপেক্ষে মাজ নিশাই মোতায়ন কৰিবলগীয়া হয় আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱান লগতে উপস্থিত উপ আৰক্ষী অধীক্ষক সহ  শীৰ্ষ বিষয়া ৷উল্লেখযোগ্য যে মঙলবাৰে দুপৰীয়া কমাৰগাঁও বাসিন্দা অৰবিন্দ শইকীয়াক স্বাস্থ্য অৱনতি ঘটাত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । পৰৱৰ্তী সময়ত কিছু অবাঞ্চিত পৰিস্থিতি উদ্ভৱ হোৱা পিছত নিশা চিকিৎসাধীন ৰোগী জনে চিকিৎসকৰ লগত অশালীন ব্যৱহাৰৰ কৰি চিকিৎসালয় পৰা পলায়ন কৰা চেষ্টা চলাই যদিও চিকিৎসালয় খনত নিযুক্ত আৰক্ষিক খবৰ দিয়া হয় আৰু ইয়াৰ পিছতেই ৰোগী জনক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়  চিকিৎসালয়ৰ বাহিৰত। আনফালে এই ঘটনাৰ সম্পৰ্কত মৃত ৰোগী জনৰ পত্নীয়ে জনাইছে যে প্ৰত্যক্ষদর্শীয়ে কোৱা অনুসৰি আৰক্ষিয়ে বেয়াকৈ মাৰপিট কৰিছিল তেওঁৰ স্বামীক।এই সমগ্ৰ ঘটনা চিকিৎসালয় খনৰ চৌহদত লাগি থকা CCTV কেমেৰাত বন্দী হৈছে।বৰ্তমান এই মৃত্যুৰ ঘটনা ৰহস্যৰ আবৰ্তত।আনফালে এই মৃত্যুৰ ঘটনাৰ খবৰ পাই মৃত ৰোগী জনৰ আত্মীয় আৰু গাঁওৰ ৰাইজ উঠি আহিছে উচিত তদণ্ড বিচাৰি চিকিৎসালয়লৈ।  


গোলাঘাটৰ পৰা ভিডিঅ জাৰ্ণেলিষ্ট বিশ্বজিৎ নাথৰ সৈতে কল্পনা ফুকন নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...