Sunday, 15 August 2021

ৰাজ্য চৰকাৰৰ বিত্ত আৰু সমাজ কল্যান মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগে আজি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিৰ্মাণ কৰা ১০খন বিচনাযুক্ত আই চি ইউ কক্ষটো পৰিদৰ্শন কৰে ।

ৰাজ্য চৰকাৰৰ বিত্ত আৰু সমাজ কল্যান মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগে আজি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিৰ্মাণ কৰা ১০খন বিচনাযুক্ত আই চি ইউ কক্ষটো পৰিদৰ্শন কৰে । তেওঁ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ অংশৰূপে চিকিৎসালয়খনত জিলা অন্ধতা নিয়ন্ত্ৰণ সমিতিয়ে আয়োজন কৰা এটা বিনামূলীয়া ৰক্তদান আৰু চকুৰ অস্ত্ৰোপচাৰ শিবিৰো মুকলি কৰে । মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছতেই গোলাঘাট ক'ভিড চিকিৎসালয়ৰ দায়িত্বত থকা চিকিৎসক ৰূপম দুৱৰাক তেখেতৰ বাসগৃহতে গৈ সম্বৰ্ধনা জ্ঞাপন কৰে । তেওঁৰ সৈতে সৰুপথাৰ সমষ্টিৰ বিধয়ক শ্ৰীযুত বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱা আৰু আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰো উপস্থিত আছিল ।
*নৰ্থইষ্ট নিউজ ইণ্ডিয়া*

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...