Thursday, 22 July 2021

প্ৰশ্ন

22 July, 2021

"প্ৰশ্ন"

ভগিৰথ নাথ (সৰভোগ)

লঠঙাডালত ওলমি ফুৰা
তৃষ্ণাতুৰ উশাহটিৰ বিনিময়ত
জীৱনে মোক প্ৰশ্ন কৰিছিল,
"কিমান উপেক্ষিত 
প্ৰস্তাৱনাৰ অন্তত,
তই জীৱনক পিন্ধাবি
শীৰ্ষ সুখৰ সস্ৰাজ্ঞী?"
প্ৰত্যুত্তৰত মই কৈছিলো,
"যিমান ব্যৰ্থতাত 
ঘৃণাইও মোক তিৰস্কাৰ যাচিব,
তাৰেই ৰ্নিলিপ্ত
মেহফিলত জ্বলাম
জীৱন ত্যাগৰ শলিতাগছি!"

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...