29 July, 2021
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৩১
*গোলাঘাট জিলাত লালিগুড়ৰ বিক্ৰী, মজুতকৰণ আৰু পৰিবহনত নিষেধাজ্ঞা*
গোলাঘাট, ২৯ জুলাই : গোলাঘাট জিলাত অবৈধ মদৰ ঘাটিসমূহ ক'ভিডৰ সংক্ৰমণৰ স্থলীলৈ পৰিণত হোৱাৰ আশংকাত তথা লালিগুড় অবৈধ চুলাই মদ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ হোৱা বুলি লাভ কৰা তথ্যৰ ভিত্তিত জিলা উপায়ুক্ত তথা জিলা দণ্ডাধীশ শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাই চি আৰ পি চিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে । সেই অনুসৰি ৩০ জুলাই পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে সমগ্ৰ গোলাঘাট জিলাখনতে লালিগুড়ৰ বিক্ৰী, মজুতকৰণ আৰু পৰিবহন নিষিদ্ধ কৰা হৈছে । এই নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰো অধ্যক্ষ শ্ৰীবৰুৱাই অসম ক'ভিড 19 নিয়ন্ত্ৰণ নিয়ামক, ২০২০ আৰু দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ ৰ অধীনত এই সম্পৰ্কীয় এটা সুকীয়া নিৰ্দেশনাত অনুৰূপ নিষেধাজ্ঞা জাৰি কৰিছে ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India