Thursday, 29 July 2021

*গোলাঘাট জিলাত নিশা ৮বজাৰ পৰা পুৱা ৫ বজালৈ কেঁচা চাহপাত পৰিবহনত নিষেধাজ্ঞা*

29 July, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৩২

*গোলাঘাট জিলাত নিশা ৮বজাৰ পৰা পুৱা ৫ বজালৈ কেঁচা চাহপাত পৰিবহনত নিষেধাজ্ঞা*

গোলাঘাট, ২৯ জুলাই : গোলাঘাট জিলাত ক'ভিড 19 ৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ কেঁচা চাহপাতৰ পৰিবহনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । জিলা উপায়ুক্ত তথা জিলা দণ্ডাধীশ শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাই ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত এই সম্পৰ্কীয় নিষেধাজ্ঞা জাৰি কৰিছে । সেই অনুসৰি ৩০ জুলাইৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে সমগ্ৰ গোলাঘাট জিলাখনতে এই নিৰ্দেশ কাৰ্যকৰী হ'ব । এই নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...