Saturday, 24 July 2021

মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ গোলাঘাট জিলাৰ ক'ভিড পৰিস্থিতি আৰু জল জীৱন অভিযানৰ কাম-কাজৰ পৰ্যালোচনা* *পুঁজিৰ চিন্তা নকৰাকৈ অগ্ৰাধিকাৰ ভিত্তিত জলজীৱন অভিযান ৰূপায়নৰ নিৰ্দেশ**২০২২চনৰ মাৰ্চ মাহৰ ভিতৰত গোলাঘাট জিলাৰ প্ৰতিটো পৰিয়ালে পাইপেৰে পানী লাভ কৰাটো সুনিশ্চিত কৰাৰ নিৰ্দেশ**কৃষি খণ্ডৰ বিকাশৰ বাবে বিভাগটোৰ বিষয়াসকলে উদ্ভাৱনীমূলক পদক্ষেপ লওক : পাটোৱাৰী*

24 July, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১২৭

*মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ গোলাঘাট জিলাৰ ক'ভিড পৰিস্থিতি আৰু জল জীৱন অভিযানৰ কাম-কাজৰ পৰ্যালোচনা* 

*পুঁজিৰ চিন্তা নকৰাকৈ অগ্ৰাধিকাৰ ভিত্তিত জলজীৱন অভিযান ৰূপায়নৰ নিৰ্দেশ*

*২০২২চনৰ মাৰ্চ মাহৰ ভিতৰত গোলাঘাট জিলাৰ প্ৰতিটো পৰিয়ালে পাইপেৰে পানী লাভ কৰাটো সুনিশ্চিত কৰাৰ নিৰ্দেশ*

*কৃষি খণ্ডৰ বিকাশৰ বাবে বিভাগটোৰ বিষয়াসকলে উদ্ভাৱনীমূলক পদক্ষেপ লওক : পাটোৱাৰী* 

গোলাঘাট, ২৪ জুলাই : উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ মন্ত্ৰী শ্ৰীযুত চন্দ্রমোহন পাটোৱাৰীয়ে আজি গোলাঘাট জিলাৰ আৱৰ্ত ভৱনৰ সভাকক্ষত জিলাখনৰ ক'ভিড পৰিস্থিতি আৰু জল জীৱন অভিযানৰ লগতে কেইবাটাও বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । জিলাখনৰ ক'ভিড পৰিস্থিতিৰ সামান্য উন্নতি হোৱাত সন্তুষ্টি প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসন আৰু আৰক্ষীক ক'ভিডৰ নীতি-নিৰ্দেশনা আৰু অধিক কঠোৰভাৱে বলৱৎ কৰাত গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে । মন্ত্ৰীগৰাকীয়ে জল জীৱন অভিযানৰ কাম-কাজৰো পৰ্যালোচনা কৰে । তেওঁ ২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰত গোলাঘাট জিলাৰ প্ৰতিটো পৰিয়ালে পাইপেৰে পানী লাভ কৰাটো সুনিশ্চিত কৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক নিৰ্দেশ দিয়ে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ধ্বজাবাহী আঁচনিসমূহৰ অন্যতম জল জীৱন অভিযানৰ সফল ৰূপায়নত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে । তেওঁ পুঁজিৰ চিন্তা নকৰাকৈ অগ্ৰাধিকাৰ ভিত্তিত এই আঁচনি ৰূপায়নত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে । এই আঁচনিৰ দ্বাৰা গোলাঘাট জিলাৰ ১ লাখৰো অধিক পৰিয়ালক সামৰি লোৱা হৈছে । বাদ পৰি যোৱা পৰিয়ালসমূহকো অতি সোনকালেই পৰ্যায়ক্ৰমে এই আঁচনিৰ অন্তৰ্ভূক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীক বিভাগৰ তৰফৰ পৰা অৱগত কৰোৱা হয় । শ্ৰীপাটোৱাৰীয়ে গোলাঘাট জিলাত যাতে এটাও পৰিয়াল বাদ নপৰে সেইয়া সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । আনহাতে খৰাংপীড়িত সৰুপথাৰ অঞ্চলত জলসিঞ্চন বিভাগৰ সহযোগত সৌৰ শক্তিৰ দ্বাৰা পৰিচালিত গভীৰ নলীনাদ স্থাপন কৰি খেতিয়কক কৃষিকাৰ্যত সহায় কৰিবলৈ মন্ত্ৰীগৰাকীয়ে কৃষি বিভাগক নিৰ্দেশ দিয়ে । কৃষি খণ্ডৰ বিকাশৰ বাবে বিভাগৰ বিষয়ববীয়াসকলক উদ্ভাৱনীমূলক পদক্ষেপ ল'বলৈও তেওঁ কয় । শ্ৰী পাটোৱাৰীয়ে 
পৰিবহন আৰু উদ্যোগ আৰু বাণিজ্য বিভাগৰো কাম-কাজৰ পৰ্যালোচনা কৰে । পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে ক'ভিড আক্ৰান্তৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰি পৰ্যালোচনামৰ্মে জিলাখনত নিষেধাজ্ঞাসমূহ শিথিল কৰা সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব । সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পথৰ দাঁতিৰ ব্যৱসায়ীসকলৰ বাবে কিবা কৰিব পাৰি নেকি এই বিষয়ে চিন্তা-চৰ্চা কৰি আছে । আজিৰ বৈঠকত সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱা, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

No comments:

Post a Comment

Welcome Northeast News India

মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন।

মাঘ বিহুৰ পবিত্ৰ উপলক্ষে বিশ্বৰ সকলো মানৱ জাতিলৈ মা আৰু প্ৰকৃতি পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। মাঘ বিহু কেৱল...