09 Jun, 2021
নগাঁও জিলা প্ৰশাসনে জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত জিলাখনত ক'ভিড-১৯ মহামাৰীৰ টিকাকৰণ অভিযান তীব্রতৰ কৰি তুলিছে। এই অনুসৰি জিলাখনত বৰ্তমান চলি থকা গোপীনাথ দেৱগোস্বামী বাণিজ্যিক মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয়, নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰ'টাৰী ক্লাৱৰ উপৰিও নতুনকৈ হয়বৰ গাঁও আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়, নগাঁও চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু খাগৰিজান মহাবিদ্যালয়ত ১০-০৬-২০২১ তাৰিখৰ পুৱা ৯ বজাৰ পৰা ক'বিডৰ টিকাকৰণৰ ব্যৱস্থা কৰা হৈছে। এই টিকাকৰণ কেন্দ্ৰ সমূহত ১৮ বছৰৰ পৰা ৪৪ বছৰৰলৈকে ব্যক্তি সকলক COVISHIELD ৰ প্ৰথম পালি ভেকচিন প্ৰদান কৰা হব। ইয়াৰ বাবে অনলাইন বুকিং ৯-০৬-২০২১ তাৰিখৰ বিয়লি ৪ বজাৰ পৰা মুকলি কৰি দিয়া হৈছে।
Directorate of Information and Public Relations, Assam
Nagaon District Administration
National Health Mission Nagaon
No comments:
Post a Comment
Welcome Northeast News India