Monday, 7 June 2021

গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ সৰুপথাৰৰ বিভিন্ন ঠাই পৰিদৰ্শন উপায়ুক্তৰ*

07 Jun, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং - ৮৮/২০২১

 *গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ সৰুপথাৰৰ বিভিন্ন ঠাই পৰিদৰ্শন উপায়ুক্তৰ* 
 *চেতিয়াগাঁৱৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'লে মানৱেন্দ্ৰ প্ৰতাপ সিঙে* 

গোলাঘাট, ৭জুন : গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে আজি জিলাখনৰ সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তৰ বি চেক্টৰৰ চেতিয়াগাঁও শিবিৰ, জাহাজী গাঁও আৰু চেইনপুৰ অঞ্চল পৰিদৰ্শন কৰি সীমান্ত অঞ্চলৰ ভৌগলিক অৱস্থা আৰু বিভিন্ন দিশ পৰ্যবেক্ষণ কৰে । তেওঁ চি আৰ পি এফৰ ১৫৫ বেটেলিয়ন তথা বি চেক্টৰৰ চেক্টৰ কমাণ্ডাৰৰ ৰেংমাপানীত থকা মুখ্য কাৰ্যালয়ত সীমান্ত সম্পৰ্কীয় গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় । বৈঠকত স্পৰ্শকাতৰ এলেকাসমূহৰ লগতে সীমান্তৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয় । বিশেষকৈ ২০১৪ চনত চেতিয়াগাঁৱত হোৱা আইন-শৃংখলাজনিত ঘটনাৰ পাছৰ বৰ্তমানৰ পৰিস্থিতি, সীমান্তৰ জাহাজী গাঁও আৰু চেইনপুৰৰ শেহতীয়া স্থিতি আদি সন্দৰ্ভত স্থানীয় আৰক্ষী আৰু চি আৰ পি এফৰ পৰা উপায়ুক্তগৰাকীয়ে বিতংভাৱে বুজ লয় । এই পৰিদর্শনকালত উপায়ুক্তগৰাকীৰ সৈতে চি আৰ পি এফৰ ১৫৫ বেটেলিয়নৰ কমাণ্ডেণ্ট, এ আৰু বি চেক্টৰৰ চেক্টৰ কমাণ্ডাৰ, বি চেক্টৰৰ সীমান্ত দণ্ডাধীশ, উৰীয়ামঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু ভালেকেইগৰাকী বিষয়া উপস্থিত আছিল । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা ৫ জুনত উপায়ুক্তগৰাকীয়ে জিলাখনৰ অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ গড়বস্তি, কলাজান আদি অঞ্চল পৰিদর্শন কৰিছিল । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...