25 Jun, 2021
জনসংযোগ, যোৰহাট
প্ৰেছ বাৰ্তা নং: ৮৪/ ২০২১
যোৰহাটৰ বিভিন্ন স্থানত ২৬ জুনত ১৮ বছৰ উৰ্দ্ধৰ ব্যক্তিক ক'ভেক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান
যোৰহাট,জুন ২৫: অহা ২৬ জুন ,২০২১ তাৰিখে, কাকজান কলেজ, টীয়ক CKB কলেজ, নকছাৰী উচ্চ মাধ্যমিক বিদ্যালয় , তিতাবৰৰ নন্দনাথ শইকীয়া কলেজ, যোৰহাটৰ CKB কলেজ,JB কলেজ ,DCB কলেজ, যোৰহাট কলেজ আৰু বাহনা কলেজত ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰৰ বয়সৰ ভিতৰৰ ব্যক্তিসকলক ক'ভিড প্ৰতিষেধক ক'ভেক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হ'ব৷ যোৱা ১৩ মে' ২০২১ তাৰিখে যিসকল লোকে ক'ভেক্সিনৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল সেইসকলে কাইলৈ দ্বিতীয় পালি প্ৰতিষেধক ল'ব পাৰিব।
এইক্ষেত্ৰত প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰা ব্যক্তিসকলক একেটা কেন্দ্ৰতে গৈ নাম ৰেজিষ্ট্ৰাৰ কৰি দ্বিতীয় পালি ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে ।
পুৱা ৯:৩০ বজাৰ পৰা দিনৰ ২ বজাৰ ভিতৰত প্ৰতিষেধক লাভ কৰিব পাৰিব৷নিজৰ পৰিচয় পত্ৰৰ লগতে ম'বাইলত অহা এছ এম এছ বা প্ৰমান পত্ৰ লগত লৈ যাব লাগিব৷
Directorate of Information and Public Relations, Assam
No comments:
Post a Comment
Welcome Northeast News India