15 Jun, 2021
যোৰহাট জিলা প্ৰশাসনে জিলাখনত ক'ভিড প্ৰতিষেধক কেন্দ্ৰসমূহত অধিক জনসমাগম হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে পোৱাকৈ প্ৰতিষেধক পৰ্যায়ক্ৰমে প্ৰদানৰ ব্যৱস্হা কৰিছে৷ সেই অনুসৰি যোৱা ২৮ এপ্ৰিলত ৪৫ বছৰৰ ঊৰ্ধ্বৰ যিসকল ব্যক্তিয়ে প্ৰথম পালি প্ৰতিষেধক "ক'ভেক্সিন" গ্ৰহণ কৰিছিল তেওঁলোকে অহা ১৬ জুন তাৰিখে বৰভেটা পাব্লিক স্কুলত ক'ভেক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব৷
সেইদৰে যোৱা ২২, ২৩, ২৪, ২৬ আৰু ২৭ এপ্ৰিলত যিসকল ৪৫ বছৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে ক'ভেক্সিনৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল তেওঁলোকৰ বাবে জিলা প্ৰশাসনে অহা কাইলৈ তথা ১৬ জুন তাৰিখে বাঘচোং ডনবস্ক' স্কুলত দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰাৰ ব্যৱস্হা কৰিছে৷
উল্লেখিত নিদিষ্ট তাৰিখ সমূহত প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰা ইচ্ছুক ব্যক্তিসকলক উক্ত স্হানত গৈ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে তেওঁলোকৰ বাহিৰে অন্য ব্যক্তিক সেই স্হান দুটাত অন্যথা ভিৰ নকৰিবলৈ তথা ক'ভিড প্ৰটোকল ভঙ্গ নকৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে৷
District Administration, Jorhat
Directorate of Information and Public Relations, Assam
No comments:
Post a Comment
Welcome Northeast News India