Monday, 3 May 2021

লখিমপুৰৰ জহিং ৰঙানদী কোৱাৰিত ৰবিবাৰে অঘটন।

 03 May, 2021


*লখিমপুত দূৰ্ঘটনা* Date :- 3/5/21


## লখিমপুৰৰ জহিং ৰঙানদী কোৱাৰিত ৰবিবাৰে অঘটন।



## এলথিৰীমুছ কাছুৱা নামৰ এজন যুৱক পানীত পৰি মৃত্যু হোৱাত স্থানীয় একাংশ ৰাইজ জাঙুৰ খাই উঠিছে এই ৰঙানদী কোৱাৰি বিৰোদ্ধে।


## ৰবিবাৰে পুৱা ১০ মান বজাত সংঘটিত হোৱা ঘটনাৰ পাছত প্ৰায় ৫ ঘণ্টা অন্তৰত দূৰ্য্যোগ ব্যৱস্থাপনাৰ লোকে যুৱকজনক পানীৰ পৰা উঠাই আনিবলৈ সক্ষম হয়।


## স্থানীয় ৰাইজৰ মতে এই জহিঙৰ ৰঙানদী কোৱাৰিত আজি কেইবাবছৰৰ পৰা জেচিবি আৰু ফক্লেনৰ জৰিয়তে অবৈধভাৱে খনন কাৰ্য্য চলি থকা বাবেই বাৰে বাৰে তাত যুৱকে প্ৰাণ হেৰুৱাইছে।


## ইয়াৰ পূৱেও ২০১৯ চনত এই কোৱাৰিত এনেধৰণৰ ঘটনা সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।


## আনহাতে স্থানীয় ৰাইজৰ দাবী অনতিপলমে এই অবৈধ কুৱাৰী বন্ধ কৰিব লাগে আৰু কোৱাৰী মহলদাৰে মৃত যুৱক পৰিয়াল বৰ্গলৈ ২০ লাখ টকা ক্ষতি পুৰন দিব লাগে বুলি জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...