Monday, 3 May 2021

গোলাঘাট জিলাৰ ওৱাটিং গাড়ীগাঁৱৰ এগৰাকী সফল খেতিয়ক।

 03 May, 2021

গোলাঘাট জিলাৰ ওৱাটিং গাড়ীগাঁৱৰ এগৰাকী সফল খেতিয়ক। 



গোলাঘাট জিলাৰ ওৱাটিং গাড়ীগাঁৱৰ এগৰাকী সফল খেতিয়ক পোনা বৰা। পোনা বৰাই কৃষি ক্ষেত্ৰত মনোনিৱেশ কৰি এগৰাকী আদৰ্শ খেতিয়ক হিচাপে স্বীকৃতি লাভ কৰিছে। উন্নত প্ৰজাতিৰ ধান খেতি কৰি প্ৰচুৰ উৎপাদন হোৱাৰ লগতে বৰাই যোৱা বছৰৰে পৰা বেলেগ পদ্ধতিৰে ভোট জলকীয়াৰ খেতি কৰি বিশেষ সফলতা লাভ কৰিছে। এই বাৰো হেজাৰ জোপাৰো অধিক ভোট জলকীয়াৰ পুলি প্লাষ্টিক বস্তাত ৰুই শাৰী শাৰীকৈ থৈ দিয়া দৃশ্যই সকলোকে মোহিত কৰিছে। বৰ্তমান জলকীয়াৰ কলি পেলাবলৈ আৰম্ভ কৰিছে। কৃষি বিভাগৰ কোনো সহায় নোপোৱাকৈ নিজৰ প্ৰচেষ্টাৰে খেতি কৰি আদৰ্শ খেতিয়ক হোৱা পোনা বৰাই আন দহজনকো আদৰ্শ দেখুৱাইছে। 


গোলাঘাটৰ পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতি ৰ সৈতে দীপজ্যোতি বৰদলৈ। নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...