Tuesday, 11 May 2021

গোলাঘাটত ক’ভীড-১৯ৰ পজিটিভে ২০০০ অতিক্ৰম কৰিলে ৷ মৃত্যু ১৫ : কণ্টেনমেণ্ট এলেকা-৩ ৷

 11 May, 2021


: গোলাঘাটত ক’ভীড-১৯ৰ পজিটিভে ২০০০ অতিক্ৰম কৰিলে ৷ মৃত্যু ১৫ :  কণ্টেনমেণ্ট এলেকা-৩ ৷



 গোলাঘাট ১১মে’


গোলাঘাটৰ ক’ভীড-১৯ ৰ ব্যাপক সংক্ৰমিত হৈয়েই আছে ৷ পজিটিভ সংখ্যা আজি দুহেজাৰৰ ঘৰ অতিক্ৰম কৰিলে ৷ দ্বীতীয়টো ঢ়ৌত আজি পয্যন্ত ৫৮৬০৬ গৰাকীক ৰেপিড টেষ্ট কৰাত ২০৫৬ গৰাকীৰ দেহত এই ভাইৰাছৰ অৱস্থিতি ধৰাপৰে ৷ আক্ৰান্তহৈ মৃত্যু হোৱা লোকৰ সংখ্যা  বৰ্তমানলৈকে ১৫ ৷ মুঠ এক্টিভ ১০৭৯ গৰাকী ৷ তিনিটা এলেকা কণ্টেনমেণ্ট জ’ন ঘোষণা কৰা হৈছে  ৷আজি সৰুপথাৰৰ ২ নং গন্ধকৰৈৰ ৰিষেশ্বৰ কোঁৱৰ (৫৭) নামৰ লোকজনে গোলাঘাটৰ ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস এৰাৰ লগতে সৰুপথাৰৰ নলনীৰ মিঠু দে’ (৪৪) ৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় ৷ আজি ১৮৫২ গৰাকীক  ৰেপিড টেষ্ট   আৰু ১৪২ গৰাকীক RTPCR টেষ্ট কৰা হয় ৷ আৰু ১৭৪ গৰাকী পজিটিভ ৰোগীক চিনাক্ত কৰা হয় ৷  :   


প্ৰকাশ শৰ্মা গোলাঘাট

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...