Saturday, 1 May 2021

গোলাঘাট নিৰ্বাচন জিলাৰ গোলাঘাট আৰু খুমটাই সমষ্টিৰ বাবে কাইলৈ পুৱা ৮ বজাৰ পৰা ভোটগণনা

01 May, 2021

BREAKING NEWS

প্ৰেছ বিজ্ঞপ্তি নং : ৬৬/২০২১

গোলাঘাট নিৰ্বাচন জিলাৰ গোলাঘাট আৰু খুমটাই সমষ্টিৰ বাবে কাইলৈ পুৱা ৮ বজাৰ পৰা ভোটগণনা

ক'ভিড পৰীক্ষা নকৰোৱা কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব ভোটগণনা কেন্দ্ৰত

৬টা ভোটগণনা কক্ষত ৩৩ খনকৈ টেবুলত হ'ব গণনা

গোলাঘাটৰ বাবে ২১টা ৰাউণ্ডত আৰু খুমটাইৰ বাবে ১৩ টা ৰাউণ্ডত হ'ব ভোটগণনা

গোলাঘাট পৌৰসভা এলেকাত বন্ধ থাকিব ব্যৱসায় প্ৰতিষ্ঠান

বিজয় সমদল, আটচবাজী আৰু ৫ জনতকৈ অধিক লোক সমবেত হোৱাত নিষেধাজ্ঞা, ড্ৰাই দে ঘোষণা

গোলাঘাট, ১ মে' : গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই সমষ্টিৰ বাবে কাইলৈ ভোটগণনা কৰা হ'ব । গোলাঘাট ৰেছিডেন্সিয়েল গাৰ্লছ পলিটেকনিকত ভোটগণনাৰ বাবে প্ৰয়োজনীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে । কাইলৈ পুৱা ৮ বজাৰ পৰা প'ষ্টেল বেলট আৰু চাৰ্ভিছ ভোটসমূহ গণনা কৰা হ'ব । চাৰে ৮ বজাৰ পৰা ই ভি এমত গণনা আৰম্ভ হ'ব । মুঠ ৬টা ভোটগণনা কক্ষত ৩৩ খনকৈ টেবুলত ভোটগণনা কৰা হ'ব ।  প্ৰতিটো সমষ্টিৰ বাবে দুটাকৈ ভোটগণনা কক্ষ আৰু এটাকৈ প'ষ্টেল বেলট ভোটগণনা কক্ষ থাকিব । প্ৰতিটো কক্ষত ৭ খনকৈ টেবুলত ভোটগণনা কৰা হ'ব । গোলাঘাট সমষ্টিৰ প'ষ্টেল বেলট গণনা কক্ষত ৩ খন আৰু খুমটাই সমষ্টিৰ প'ষ্টেল বেলট গণনা কক্ষত ২ খন টেবুল থাকিব । প্ৰতিখন টেবুলত ৩০০ টাকৈ বেলট গণনা কৰা হ'ব । ভোটগণনাৰ বাবে ১৮৭ গৰাকী ভোটগণনা চুপাৰভাইজৰ, ভোটগণনা সহকাৰী আৰু মাইক্ৰ' অবজাৰ্ভাৰ নিয়োগ কৰা হৈছে আৰু তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে । গোলাঘাটৰ বাবে ২১টা ৰাউণ্ডত আৰু খুমটাইৰ বাবে ১৩ টা ৰাউণ্ডত ভোটগণনা কৰা হ'ব । ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট পৌৰসভা এলেকাত কাইলৈ সকলো দোকান-পোহাৰ বন্ধ ঘোষণা কৰা হৈছে । লগতে বিজয় সমদল, আটচবাজী আৰু ৫ জনতকৈ অধিক লোক সমবেত হোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া বিভাষ চন্দ্ৰ মোদী আৰু গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙকে ধৰি জিলা আৰু আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকীও বিষয়াই আজি ভোটগণনা কেন্দ্ৰত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে বিভিন্ন দিশ পৰ্যালোচনা কৰে । পাছত সংবাদ মাধ্যমৰ আগত জিলা উপায়ুক্তগৰাকীয়ে কাইলৈ ক'ভিডৰ স্বাস্থ্য বিধিসমূহ কঠোৰ ভাৱে পালন কৰাৰ লগতে ভোটগ্ৰহণৰ দৰে ভোটগণনাও শান্তিপূৰ্ণভাৱে আৰু সুচাৰুৰূপে সম্পন্ন হ'ব বুলি আশা প্ৰকাশ কৰে । তেওঁ কয় যে ভোটগণনা প্ৰক্ৰিয়াত জড়িত সকলো বিষয়া-কৰ্মচাৰীৰে ক'ভিড পৰীক্ষা  কৰা হৈছে । লগতে ভোটগণনা কেন্দ্ৰসমূহত শাৰীৰিক ব্যৱধান বজাই ৰখাৰ বিষয়টোত তেওঁ গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে ভোটগণনা কেন্দ্ৰটোত তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হ'ব । শ্ৰীমোদীয়ে ভোটগণনা সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰে । উল্লেখযোগ্য যে যোৱা ২৭ মাৰ্চত প্ৰথম পৰ্যায়ত গোলাঘাট নিৰ্বাচন জিলাৰ বাবে হোৱা ভোটগ্ৰহনৰ পাছত ই ভি এম সমূহ গাৰ্লছ পলিটেকনিকৰ ষ্ট্ৰং ৰুমত ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰখা হৈছে । গোলাঘাট নিৰ্বাচন জিলাত এইবাৰৰ নিৰ্বাচনত  ২,৭৫,৬৭০ গৰাকী ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰে । ইয়াৰে ১,৩৮,৫৫৫ গৰাকী পুৰুষ আৰু ১,৩৭,১১৫গৰাকী মহিলা ভোটদাতা । নিৰ্বাচন জিলাখনত মুঠ ভোটদানৰ হাৰ আছিল ৭৯.৬১ শতাংশ । জিলাখনত পুৰুষ ভোটদাতাৰ হাৰ ৮০.১৪ শতাংশ আৰু মহিলা ভোটদাতাৰ হাৰ ৭৯.০৮শতাংশ । গোলাঘাট সমষ্টিত ৭৮.০২ শতাংশ ভোটদান হয় । গোলাঘাটত মুঠ ১,৬০,০৯১ গৰাকী ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰে । ইয়াৰে ৭,৯৯৬২ ( ৭৮%)গৰাকী পুৰুষ আৰু ৮০,১২৯(৭৮.০৪%)গৰাকী মহিলা ভোটদাতা । সমষ্টিটোত মহিলা ভোটদাতাৰ সংখ্যা পুৰুষতকৈ অধিক । আনহাতে খুমটাই সমষ্টিত ১,১৫,৫৭৯গৰাকী ভোটদাতাই ভোট দিয়ে । সমষ্টিটোত ভোটদানৰ হাৰ আছিল ৮১.৯২শতাংশ । ইয়াৰে ৫,৮৫৯৩(৮৩.২৫%) গৰাকী ভোটদাতা পুৰুষ আৰু ৫,৬৯৮৬(৮০.৫৯%) গৰাকী মহিলা ভোটদাতা । 


এইখিনিতে উল্লেখ কৰিব পাৰি যে গোলাঘাট নির্বাচন জিলাত মুঠ ভােটাৰৰ সংখ্যা হৈছে ৩,৪৬,২৮৩ । ইয়াৰে পুৰুষ ভােটাৰৰ সংখ্যা হৈছে ১,৭২,৮৯৫ গৰাকী আৰু মহিলা ভােটাৰৰ সংখ্যা হৈছে ১,৭৩,৩৮৮ গৰাকী । গোলাঘাট সমষ্টিত মুঠ ভোতদাতাৰ সংখ্যা ২০৫১৯৬ । ইয়াৰে ১০২৫১৬ গৰাকী পুৰুষ আৰু ১০২৬৮০গৰাকী মহিলা ভোটাৰ । আনহাতে খুমটাই সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ১৪১০৯১ গৰাকী । ইয়াৰে ৭০৩৭৯গৰাকী পুৰুষ আৰু ৭০৭০৯ গৰাকী মহিলা ভোটদাতা । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...