Tuesday, 3 November 2026

মানৱ জাতিৰ ধ্বংস হোৱাৰ সমাগত

মানৱ জাতিৰ ভৱিষ্যৎ আজি এক ভয়ংকৰ সংকটৰ দিশে গতি কৰিছে।

ৰাজনৈতিক স্বাৰ্থ, ক্ষমতাৰ লোভ আৰু প্ৰতিযোগিতাৰ নামত সমাজত ক্ৰমে হ্ৰাস পাইছে মানৱীয় মূল্যবোধ, নৈতিকতা, ভাতৃত্ববোধ আৰু সামাজিক সম্প্ৰীতি।

আজি মানুহে মানুহক মানুহ হিচাপে চাবলৈ পাহৰি গৈছে। ৰাজনৈতিক দল, জাতি, ধৰ্ম আৰু ব্যক্তিগত স্বাৰ্থই মানুহৰ মাজত বিভাজনৰ দেৱাল গঢ়ি তুলিছে।

যিখন সমাজত মৰমৰ সলনি ঘৃণা, বিশ্বাসৰ সলনি অবিশ্বাস, সহানুভূতিৰ সলনি হিংসা আৰু একতাৰ সলনি বিভাজনে স্থান লাভ কৰে, সেই সমাজৰ ভৱিষ্যৎ কেতিয়াও সুন্দৰ হ'ব নোৱাৰে।

আমি মনত ৰখা উচিত—

ৰাজনীতি ক্ষমতা উপভোগ কৰাৰ মাধ্যম নহয়, ই জনসাধাৰণৰ সেৱা কৰাৰ এক মহান দায়িত্ব।

চৰকাৰৰ প্ৰকৃত কৰ্তব্য হ'ল দৰিদ্ৰতা দূৰ কৰা, সকলোৰে বাবে উন্নত শিক্ষা আৰু স্বাস্থ্যসেৱা নিশ্চিত কৰা, নিবনুৱাক কৰ্মসংস্থাপনৰ সুবিধা দিয়া, দুৰ্বল শ্ৰেণীক সুৰক্ষা প্ৰদান কৰা আৰু প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰা।

অট্টালিকা আৰু উন্নয়নৰ নামত প্ৰকৃতি ধ্বংস কৰি মানৱ সভ্যতা কেতিয়াও জীয়াই ৰাখিব নোৱাৰি।

আমি পাহৰি যোৱা উচিত নহয় যে দলতকৈ মানুহ ডাঙৰ, ক্ষমতাতকৈ মানৱতা ডাঙৰ আৰু ধন-সম্পত্তিতকৈ জীৱন আৰু প্ৰকৃতিৰ মূল্য বহুত বেছি।

আহক, ৰাজনৈতিক স্বাৰ্থ আৰু বিভাজনৰ ঊৰ্ধ্বত উঠি মানৱতাৰ পক্ষত থিয় দিওঁ।

সত্য, ন্যায়, শান্তি, প্ৰেম, ভাতৃত্ববোধ আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে সকলোৱে একত্ৰিত হওঁ।

কাৰণ—

মানুহৰ মাজত মানৱতা নাথাকিলে সভ্যতাৰ কোনো অৰ্থ নাথাকে। প্ৰকৃতি নাথাকিলে জীৱনৰ কোনো অস্তিত্ব নাথাকে।

মাধৱ গগৈ
Northeast News India 

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস হোৱাৰ সমাগত

মানৱ জাতিৰ ভৱিষ্যৎ আজি এক ভয়ংকৰ সংকটৰ দিশে গতি কৰিছে। ৰাজনৈতিক স্বাৰ্থ, ক্ষমতাৰ লোভ আৰু প্ৰতিযোগিতাৰ নামত সমাজত ক্ৰমে হ্ৰাস পাইছে মানৱীয় ম...