12 April, 2021
ওখা আৰু যোৰহাটৰ এচ ডি আৰ এফৰ যৌথ অভিযানঃ
অৱশেষত উদ্ধাৰ হ'ল দৈয়াং নদীত ডুব যোৱা দেৱাশীষ তামুলীৰ মৃতদেহঃ
অৱশেষত কেইবাঘন্টাজোৰা অভিযানৰ অন্তত উদ্ধাৰ হ'ল দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলাশয়ত সলিল সমাধি ঘটা গোলাঘাটৰ দেৱাশীষ তামুলীৰ মৃতদেহ। উল্লেখ্য যে,
দেওবাৰে নীপকোৰ জলবিদ্যুৎ প্ৰকল্পৰ সংৰক্ষিত দৈয়াং নদীত কাষত ১২ জন সতীৰ্থসহ বনভোজ খাবলৈ গৈ গোলাঘাটৰ আই চি আই চি আই বেংকৰ কৰ্মচাৰী দেৱাশীষ তামুলীয়ে নদীত সাতুৰিবলৈ গৈ নিখোজ হৈছিল। কালি নাগালেণ্ডৰ ওখা জিলাৰ এচ ডি আৰ এফ বাহিনীয়ে যুৱকজনক উদ্ধাৰৰ বাবে সন্ধান চলাইছিল যদিও নিশা হোৱাৰ লগতে উন্নত সা-সৰঞ্জাম নথকাত অভিযান স্থগিত ৰাখিব লগা হয়। আজি অসমৰ যোৰহাটৰ পৰা যোৱা এচ ডি আৰ এফ বাহিনীৰ ডুবাৰুৱে নাগালেণ্ডৰ এচ ডি আৰ এফ বাহিনীৰ যৌথ উদ্যোগত উদ্ধাৰ কৰে মৃতদেহটো। ইতিমধ্যে নদীৰ বুকুৰ পৰা উদ্ধাৰ হোৱা দেৱাশীষৰ মৃতদেহ নাগালেণ্ডৰ ওখা আৰক্ষী প্ৰশাসনে গোলাঘাট আৰক্ষী প্ৰশাসনক গতাই দিয়া বুলি জানিব পৰা গৈছে।
গোলাঘাট পৰা প্ৰকাশ শৰ্মা ৰিপৰ্ত নৰ্থইষ্ট নিউজ ইণ্ডিয়া
No comments:
Post a Comment
Welcome Northeast News India