Wednesday, 21 April 2021

ৰাজ্য চৰকাৰৰ কোৱিড সম্পৰ্কীয় নতুন নিৰ্দেশনা

21 April, 2021

*ৰাজ্য চৰকাৰৰ কোৱিড সম্পৰ্কীয় নতুন নিৰ্দেশনা* 

কোৱিড-19ৰ প্ৰাদূৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই ৰোগৰ বিৰুদ্ধে সতৰ্কতামূলক ব্যৱস্থা হিচাপে কেতবোৰ নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে । গোলাঘাট জিলাতো কোৱিড ৰোগীৰ সংখ্যাই ১০০ অতিক্ৰম কৰাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলাৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে এই নিৰ্দেশনাসমূহ পালন কৰিবলৈ নিৰ্দেশ দিছে-

১/ জিলা প্ৰশাসন তথা কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে কোৱিড সম্পৰ্কীয় কঠোৰ নিৰ্দেশনা মানিহে মুকলি অনুষ্ঠানসমূহ অনুষ্ঠিত কৰিব পাৰিব । বিশেষকৈ মাস্ক পৰিধান, হাত বীজানুমুক্তকৰণৰ ব্যৱস্থা তথা ৬ ফুট ব্যৱধানেৰে সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক । অনুষ্ঠান সমূহত ৫০ শতাংশ মানুহৰহে সমাগম হ’ব পাৰিব । ইয়াৰ উচ্চসীমা ৪০০ জন বুলি ধৰা হ’ব ।
২/ বন্ধ স্থানত অনুষ্ঠিত কৰা যিকোনো জনসমাগমত আসন ক্ষমতাৰ ৫০ শতাংশ লোকহে উপস্থিত থাকিব পাৰিব ।
৩/ বিবাহ অনুষ্ঠানকে ধৰি ব্যক্তিগত অনুষ্ঠানসমূহত সৰ্বাধিক ১০০ জন লোকহে উপস্থিত থাকিব পাৰিব ।
৪/ শেষকৃত্য পৰ্বত ২০ জনতকৈ অধিক লোকৰ সমাগম হ’ব নোৱাৰিব ।
 ৫/ ধৰ্মীয় অনুষ্ঠান তথা উপাসনাস্থলীত প্ৰতি ঘণ্টাত কেৱল ২০ জন লোকহে উপস্থিত থাকিব পাৰিব । অৱশ্যে আইকনিক অৰ্থাৎ কেতবোৰ বিশেষ ধৰ্মীয় স্থানত প্ৰতি ঘণ্টাত সৰ্বাধিক ৫০ জন লোক সমবেত হোৱাৰ বাবে অনুমতি প্ৰদান কৰা হ'ব । ধৰ্মীয় অনুষ্ঠানৰ ব্যাসাৰ্ধৰ ওপৰত ভিত্তি কৰি জনসমাগম ৰোধ কৰাৰ বাবে কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব । 
৬/  সকলো বজাৰ এলেকা, ছুপাৰ মাৰ্কেট, সাপ্তাহিক বজাৰ আদি সন্ধিয়া ৬ বজাত বন্ধ কৰাটো বাধ্যতামূলক ।

 *কৰ্মস্থলী(চৰকাৰী আৰু বেচৰকাৰী)-* 
১ / ভাৰ্চুৱেল ব্যৱস্থাৰে আৰু ঘৰৰ পৰাই কাম কৰা ব্যৱস্থাক উদগনি যোগোৱা হ'ব । 
২/ বিষয়াসকলৰ বাহিৰে কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰীহে উপস্থিত থাকিব পাৰিব । অৱশ্যে অত্যাৱশ্যকীয় আৰু জৰুৰী সেৱা, আইন-শৃংখলাৰ সৈতে জড়িত সেৱা আৰু নিৰ্বাচনী কামত জড়িতসকলৰ বাবে এই নিয়ম প্ৰযোজ্য নহয় ।
৩/ চৰকাৰী চেম্বাৰত সভা অনুষ্ঠিত কৰিব নোৱাৰিব । 
৪/ গৰ্ভৱতী মহিলা আৰু ৫ বছৰৰ তলৰ সন্তান থকা মহিলাসকলে কাৰ্যালয়লৈ অহাৰ বিপৰীতে ঘৰৰ পৰাই কাম কৰিব পাৰিব ।
৫/ কৰ্মস্থলীত সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক । 
৬/ চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়ৰ প্ৰৱেশ আৰু প্ৰস্থান দ্বাৰত থাৰ্মেল স্কেনাৰ, হাত বীজানুমুক্ত কৰা আদি সুবিধা থাকিব লাগিব ।
৭/ কাৰ্যালয়সমূহ সঘনাই চেনিটাইজেশ্যন কৰিব লাগিব ।

 *শিক্ষানুষ্ঠান-* 
১/ চৰকাৰী-বেচৰকাৰী বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিয়ে ভাৰ্চুৱেল শিক্ষা প্ৰদানৰ বিকল্প আগবঢ়াব লাগিব । 
২/ শিক্ষানুষ্ঠানসমূহত ৫০ শতাংশ শিক্ষাৰ্থীৰ উপস্থিতিৰে পাঠদান চলিব ।
৩/ পাঠদানৰ সময়সূচী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সতৰ্ক হ’ব লাগিব যাতে ছাত্ৰ-ছাত্ৰীৰ অধিক সমাগম নহয় । 
৪/ শিক্ষানুষ্ঠানত প্ৰাতঃসভা অনুষ্ঠিত কৰিব নোৱাৰিব।
৫/ প্ৰাথমিক শ্ৰেণীসমূহৰ পাঠদানৰ ক্ষেত্ৰত অনলাইন ব্যৱস্থা গ্ৰহণত অগ্ৰাধিকাৰ দিব লাগিব ।
৬/ শিক্ষা বিভাগে কোৰোনাকালীন পৰিস্থিতিৰ মাজেৰে পাঠদান কৰাৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিব ।

 *ৰাজহুৱা পৰিবহন (চৰকাৰী / ব্যক্তিগত )-* 
১/ ৰাজহুৱা পৰিবহনৰ ক্ষেত্ৰত কোৱিড বিধিসমূহ মানিব লাগিব ।
৩/ অটো ৰিক্সা, ৰিক্সা আৰু টেক্সিৰ ক্ষেত্ৰত চালকৰ উপৰি দুজন যাত্ৰীহে থাকিব পাৰিব ।
 ৪/ চিটিবাছ, জিলাৰ ভিতৰত চলাচল কৰা বাছ আৰু আন্তঃজিলা বাছসমূহ ৫০ শতাংশ যাত্ৰীৰে চলাচল কৰিব ।
৫/ কোনো বাহনত যাত্ৰীয়ে থিয় হৈ যাত্ৰা কৰিব নোৱাৰিব ।
৬/ কোৱিড বিধি মানি চলাটো প্ৰতিজন যাত্ৰীৰ বাবে বাধ্যতামূলক । 

 *অন্যান্য নিৰ্দেশনা -* 
১/ ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ।
২/ গ্ৰাহকসকলে দোকানসমূহত ন্যূনতম ৬ ফুট ব্যৱধানেৰে সামাজিক দূৰত্ব মানিব লাগিব । লগতে দোকানৰ স্বত্বাধিকাৰীয়ে দোকানৰ সন্মূখত হাত বীজানুমুক্ত কৰাৰ সু-ব্যৱস্থা হেণ্ডৱাশ্ব, হেণ্ড চেনিটাইজাৰ আদি ৰাখিব লাগিব ।
৩/ ব্যৱসায়ী আৰু গ্ৰাহক উভয়ে মাস্ক আৰু হাত মোজা পিন্ধিব লাগিব । এই ক্ষেত্ৰত দোকানৰ স্বত্বাধিকাৰীয়ে গুৰুত্ব দিব লাগিব । অন্যথা ব্যৱসায়ীজনৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব । 
 ৪/ চেলুন, বিউটী পাৰ্লাৰ আদিত কঠোৰভাৱে কোৱিডৰ নিয়ম পালন কৰিহে সেৱা আগবঢ়াব পাৰিব । মাস্ক, হাত মোজা পিন্ধাটো বাধ্যতামূলক ।
৫/ কোৱিডৰ নীতি-নিৰ্দেশনা মানি ঔদ্যোগিক কেন্দ্ৰ, চাহ বাগিচা আদিত কাম-কাজ অব্যাহত থাকিব । শ্ৰমিক-কৰ্মচাৰীসকলে সামাজিক দূৰত্ব মানি আৰু মাস্ক পৰিধান কৰিহে কাম কৰিব পাৰিব । এনে স্থানসমূহত থাৰ্মেল স্কেনাৰৰ ব্যৱস্থা থকাৰ লগতে চেনিটাইজেচনৰ ব্যৱস্থা কৰিব লাগিব । 
 ৬/ দৈনিক-সাপ্তাহিক বজাৰ, ঘৰুৱা সহায়ক, এপাৰ্টমেণ্টৰ ছচাইটি, বয়োজ্যেষ্ঠ ব্যক্তি আদিৰ ক্ষেত্ৰত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জাৰি কৰা পৰামৰ্শসমূহ কঠোৰভাৱে বলৱৎ কৰা হ’ব ।


 *আইনী ব্যৱস্থা-* 
১/ উপৰোক্ত নিৰ্দেশনাসমূহ অমান্য কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ ৫১ৰ পৰা ৬০ ধাৰাৰ লগতে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
২/ মাস্ক পৰিধান নকৰা বা ৰাজহুৱা স্থান থু বা পিক পেলোৱা ব্যক্তিৰ বিৰুদ্ধে ১০০০টকা জৰিমনা বিহা হব ।

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

নৰ্থইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...