Friday, 26 March 2021

ই ভি এম আৰু ভোটগ্ৰহনৰ সামগ্ৰী লৈ নিজ নিজ কেন্দ্ৰত উপস্থিত ভোটগ্ৰহনকাৰী দল

26 March, 2021

ই ভি এম আৰু ভোটগ্ৰহনৰ সামগ্ৰী লৈ নিজ নিজ কেন্দ্ৰত উপস্থিত ভোটগ্ৰহনকাৰী দল

প্ৰশাসনৰ প্ৰণালীবদ্ধ ব্যৱস্থাৰ শলাগ ল'লে ভোটগ্ৰহনকাৰী দলে

কাইলৈ পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ

শৰীৰৰ তাপমাত্ৰা ১০০.৪ ডিগ্ৰীতকৈ অধিক হ'লে তেনে ভোটদাতাই কেন্দ্ৰটোত একেবাৰে শেষৰগৰাকী ভোটদাতা হিচাপেহে দিব লাগিব ভোট

গোলাঘাট, ২৬ মার্চ : কাইলৈ ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্ৰথম পৰ্য্যায়ত গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ  ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই বিধানসভা সমষ্টিত  হ'বলগীয়া ভোটগ্ৰহণৰ বাবে গোলাঘাট জিলা প্রশাসন সম্পূর্ণৰূপে সাজু হৈ উঠিছে । আজি গোলাঘাট গাৰ্লছ পলিটেকনিকৰ পৰা ই ভি এম আৰু অন্য প্ৰয়োজনীয় সামগ্ৰী লৈ  প্রিজাইডিং আৰু প'লিং  বিষয়াসকলকে ধৰি ভোটগ্ৰহনকাৰী দল নিজ নিজ কেন্দ্ৰত উপস্থিত হৈছে । কাইলৈ পুৱা ৭ বজাৰ পৰা ৬ বজালৈ ভোটগ্ৰহন কৰা হ'ব । এইবাৰ কোৱিড-১৯ৰ স্বাস্থ্যবিধি সমূহৰ প্ৰতি লক্ষ্য ৰাখি ভোটগ্ৰহনকাৰী দলে সামগ্ৰী নিয়াৰ সময়ত যাতে অযথা ভিৰ নহয় তাৰ বাবে প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে । সেই অনুসৰি তিনিটা নিৰ্ধাৰিত সময়ত পৰ্যায়ক্ৰমে ভোটগ্ৰহনকাৰী দলসমূহক সামগ্ৰী যোগান ধৰা হয় । দূৰণিবটিয়া দলসমূহক পুৱাৰ ভাগতেই সামগ্ৰী দি নিজৰ কেন্দ্ৰলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰা হয় । প্ৰশাসনৰ প্ৰণালীবদ্ধ ব্যৱস্থাৰ বাবেই ডিকডিং কেন্দ্ৰত হোৱা ভিৰ লাঘৱ হোৱাৰ বিপৰীতে অতি নিয়াৰিকৈ সমগ্ৰ কাৰ্য সম্পন্ন হয় । ভোটগ্ৰহনকাৰী দলসমূহে জিলা প্ৰশাসনৰ এই ব্যৱস্থাৰ শলাগ লোৱা পৰিলক্ষিত হয় । উল্লেখযোগ্য যে কোৱিড-19ৰ স্বাস্থ্যবিধি সমূহৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ভোটগ্ৰহন কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে । গোলাঘাট সমষ্টিত অতিৰিক্ত ২৭টা আৰু খুমটাই সমষ্টিত অতিৰিক্ত ১০ টা অৰ্থাৎ মুঠ ৩৭টা ভোটগ্ৰহন কেন্দ্ৰৰ সংযোজন ঘটোৱা হৈছে । সমষ্টি দুটাত মুঠ ভোটগ্ৰহন কেন্দ্ৰৰ সংখ্যা ৪৮৬ টা । ইয়াৰে গোলাঘাট সমষ্টিত ২৮৮ আৰু খুমটাই সমষ্টিত ১৯৮ টা কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে । সমষ্টি দুটাৰ তিনিটা ভোটগ্ৰহন কেন্দ্ৰ জটিল (critical) হিচাপে চিনাক্ত কৰা হৈছে । কেন্দ্ৰকেইটা হৈছে গোলাঘাট সমষ্টিৰ ৩৫-হিন্দী বিদ্যালয় আৰু ১৯৪-ৰতনপুৰ প্ৰাথমিক বিদ্যালয় আৰু খুমটাই সমষ্টিৰ ৮৪- জৰাগুৰি প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহন কেন্দ্ৰ । তদুপৰি আইন-শৃংখলাজনিত দিশৰপৰা গোলাঘাট সমষ্টিৰ ১৮টা আৰু খুমটাই সমষ্টিৰ ৭টা কেন্দ্ৰ জটিল তথা স্পৰ্শকাতৰ ভোটগ্ৰহন কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে । এইবাৰ গোলাঘাট সমষ্টিত ১৯টা আৰু খুমটাই সমষ্টিত দুটা ভোটগ্ৰহন কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হ'ব । গোলাঘাটৰ হিন্দী হাইস্কুল আৰু খুমটাইৰ কুৰালগুৰি হাইস্কুলত স্থাপন কৰা কেন্দ্ৰকেইটা আদৰ্শ ভোটগ্ৰহন কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে ।

গোলাঘাট সমষ্টিত ৩১৭ গৰাকী প্ৰিজাইডিং বিষয়া আৰু ৯৫১ গৰাকী পলিং বিষয়া নিয়োগ কৰা হৈছে । আনহাতে খুমটাই সমষ্টিত ২১৯ গৰাকী প্ৰিজাইডিং আৰু ৬৫৭ গৰাকী প'লিং বিষয়া নিয়োগ কৰা হৈছে । এইবাৰ মুঠ মহিলা ভোটগ্ৰহনকাৰী বিষয়াৰ সংখ্যা ৯৬ গৰাকী । ইয়াৰে গোলাঘাটত ৮৪ গৰাকী আৰু খুমটাইত ১২ গৰাকী । প্ৰতিটো চেক্টৰতে এজনকৈ অৰ্থাৎ ৩৯ গৰাকী মাইক্ৰ' অৱজাৰ্ভাৰ নিয়োগ কৰা হৈছে ।

ভোটগ্ৰহন কেন্দ্ৰসমূহত কোৱিড ১৯ৰ বিধিসমূহ কঠোৰভাৱে পালন কৰা হ'ব । ভোটদাতাসকলৰ বাবে মাস্ক, চেনিটাইজাৰ, গ্লোভছ আদিৰ ব্যৱস্থা কৰাৰ লগতে শৰীৰৰ উত্তাপ পৰীক্ষা কৰা হ'ব । তাপমাত্ৰা ১০০.৪ ডিগ্ৰীতকৈ অধিক হ'লে তেনে ভোটদাতাই কেন্দ্ৰটোত একেবাৰে শেষৰ গৰাকী ভোটদাতা হিচাপেহে ভোট দিব পাৰিব । 

সীমান্তৱৰ্তী অঞ্চলৰ ভোটগ্ৰহন কেন্দ্ৰসমূহৰ লগতে জটিল তথা স্পৰ্শকাতৰ ভোটগ্ৰহন কেন্দ্ৰসমূহত অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰা হৈছে । 

উল্লেখ্য যে, ৯ মার্চত প্রকাশ পােৱা ২০২১ চনৰ চুড়ান্ত ভোটাৰ তালিকা অনুসৰি গোলাঘাট নির্বাচন জিলাত মুঠ ভােটাৰৰ সংখ্যা হৈছে ৩,৪৬,২৮৭ । ইয়াৰে পুৰুষ ভােটাৰৰ সংখ্যা হৈছে ১,৭২,৮৯৫ গৰাকী আৰু মহিলা ভােটাৰৰ সংখ্যা হৈছে ১,৭৩,৩৯২ গৰাকী । গোলাঘাট সমষ্টিত মুঠ ভোতদাতাৰ সংখ্যা ২০৫১৯৬ । ইয়াৰে ১০২৫১৬ গৰাকী পুৰুষ আৰু ১০২৬৮০গৰাকী মহিলা ভোটাৰ । আনহাতে খুমটাই সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ১৪১০৯১ গৰাকী । ইয়াৰে ৭০৩৭৯গৰাকী পুৰুষ আৰু ৭০৭১২গৰাকী মহিলা ভোটদাতা । সমষ্টি দুটাত ৫১৬ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ, ৭৪১৬ গৰাকী ১৮ৰ পৰা ১৯ বছৰ বয়সৰ, ৩৮৮৪ গৰাকী ৮০ বছৰ বয়সৰ উৰ্ধৰ, ৭২০ গৰাকী ডি ভোটাৰ আৰু ৫৫৮ গৰাকী চাৰ্ভিছ ভোটাৰ আছে । 

গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...