18 February, 2021
জিলা শিশু সুৰক্ষা সমিতি আৰু শিশু কল্যান সমিতিৰ পৰ্যালোচনা বৈঠক সম্পন্ন
গোলাঘাট জিলাৰ উপায়ুক্তৰ অধ্যক্ষতাত আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা শিশু সুৰক্ষা সমিতি আৰু শিশু কল্যান সমিতিৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয়। এই বৈঠকত অংশ কৰি জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে শিশুৰ বিৰুদ্ধে হৈ থকা অপৰাধমূলক ঘটনা ৰোধ তথা শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ত ৰাইজক সজাগ কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে শিশু শ্ৰমিক উদ্ধাৰৰ ক্ষেত্ৰত জিলা কৰ্মবাহিনীয়ে আৰু অধিক সক্ৰিয়তাৰে কাম কৰিব লাগিব। সভাত শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষ ডঃ লুকুমনি গোস্বামীয়ে কয় যে বৰ্তমান ১৭ টি শিশু সমিতিৰ তত্বাৱধানত আছে। বিগত বৰ্ষৰ পৰা সমিতিয়ে লাভ কৰা ৯৪ টা গোচৰৰ ভিতৰত ৭৭টাই মীমাংসিত হৈছে বুলি তেওঁ উল্লেখ কৰে । বৈঠকত অংশ লৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নাৰায়ণ কুৰীয়ে ভুক্তভোগী শিশুৰ বাবে স্পেচিয়েল হোম প্ৰতিমাহে বিষয়া-কৰ্মচাৰীৰ দ্বাৰা ক্ষেত্ৰ পৰিদৰ্শন মেপিং আদি বিষয়ত গুৰুত্ব আৰোপ কৰে। ইয়াৰ পূৰ্বে জিলা শিশু সুৰক্ষা বিষয়া বিকাশ ৰঞ্জন কোঁৱৰে সমিতিৰ কাৰ্যাৱলীৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিত সিং পানেচাৰকে ধৰি জিলা প্ৰশাসনৰ ভালেকেইগৰাকী বিষয়ববীয়া উপস্থিত আছিল।
No comments:
Post a Comment
Welcome Northeast News India