28 January, 2021
Golaghat ACMS Protest..
চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল গোলাঘাট। প্ৰাপ্য অধিকাৰৰ দাবীত বিশাল প্ৰতিবাদী কাৰ্যসূচী । অসম চাহ মজদুৰ সংঘৰ উদ্যোগত গোলাঘাট,যোৰহাট আৰু নগাওঁ জিলাৰ কেইবা সহস্ৰাধিক চাহ শ্ৰমিক লোকে প্ৰতিবাদী কায্যসূচী গ্ৰহণ কৰি চৰকাৰে চাহ শ্ৰমিকক কৰা প্ৰতাৰণাৰ বিৰুদ্ধে গৰজি উঠে ।
৮ ফেব্ৰুৱাৰীত দিছপুৰ কপাব একলাখ চাহ শ্ৰমিকে । ঘোষণা কৰিলে চাহ মজদুৰ সংঘই । চাহ শ্ৰমিকৰ প্ৰাপ্য অধিকাৰৰ দাবীত দিছপুৰত চৰকাৰৰ বৰঘৰ কপাব ৰাজ্যৰ প্ৰতিখন চাহবাগিচাৰ শ্ৰমিকে । ৰ গোলাঘাটৰ সমন্বয় পথাৰত সমবেত হ'ল তিনি জিলাৰ কেইবা হেজাৰ চাহ শ্ৰমিক পুৰুষ মহিলা । দৈনিক মজুৰী ৩৫১ টকালৈ বৃদ্ধি কৰা,জনজাতি মৰ্য্যদা প্ৰদান কৰা,অসমৰ চাহ জনগোষ্ঠী লোক সকলক স্বায়ত্ত্বশাসন প্ৰদান কৰা,ভূমি পট্টা প্ৰদান কৰা আদি ১১ দফীয়া দাবী উথাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যাস্ত কৰে। অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰ সম্পাদক ৰূপেছ গোৱালাকে প্ৰমুখ্য কৰি কেইগৰাকীও চাহ শ্ৰমিক নেতা উপস্থিত থাকে। আগন্তুক নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিক সকলৰ এই দাবী সমুহ পূৰণ নকৰিলে চাহ বাগিচা অঞ্চল সমুহত বিজেপিৰ প্ৰবেশ নিষিদ্ধ কৰাৰ হুংকাৰ দিয়ে ৷
গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷
No comments:
Post a Comment
Welcome Northeast News India