24 January, 2021
গোলাঘাট জিলা পৰিবহণ বিভাগে দেশৰ ৩২ সংখ্যক পথ সুৰক্ষা মাহৰ উপলক্ষে দেওবাৰে এক মাৰাথান প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ পুৱা ৭ -৩০ বজাৰপৰা গোলাঘাট ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই দীঘ্যদূৰত্বৰ প্ৰতিযোগীতাৰ পূৰ্বে শুভেচ্ছা আৰু সতৰ্কতা মূলক ভাষণ দিয়ে জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জীয়ে ৷ ল’ৰা আৰু ছোৱালীৰ শাখাত পৃথকে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত ছোৱালী শাখাত প্ৰথম স্থান লাভকৰে গীতাশ্ৰী শইকীয়া : দ্বীতৃয় নন্দিনী চান্দাক আৰু তৃতীয় মনালিছা বড়ো ৷
ল’ৰা শাখাত প্ৰথম দ্বীতৃয় আৰু তৃতীয় ক্ৰমে জিন্তু নাথ ; দ্বীপজ্যোতি দাস আৰু বিতুপন ৰবিদাস ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছোৱালী শাখাৰ দুগৰাকী আৰু ল’ৰা শাখাৰ সাত জনক উদগনিমূলক বটাঁ প্ৰদান কৰা হয় ৷ প্ৰতিযোগিতাৰ অন্তত পৰিবহন বিভাগৰ হৈ ডিটিঅ কাৰ্জী এম ভি আই এম ভি আই পৰাগ শইকীয়াই প্ৰতিযোগিতা স্থলীত উদ্যোক্তা অজয় ভড়ালী ; সঞ্জীৱ সন্ধিকৈ আদিক ধন্যবাদ জনোৱাৰ লগতে প্ৰতিযোগী সকলক উদ্দেশ্য কৰি উদগনি মূলক ভাষন দিয়ে ৷স্থান লাভকৰা সকলক ক্ৰমে ৫০০০ : ৪০০০ ; ৩০০০ নগদ ধনৰ লগতে ট্ৰফী আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷
কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
No comments:
Post a Comment
Welcome Northeast News India