30 December, 2020
Breaking
গোলাঘাটত গ্ৰেপ্তাৰ দুই জাল নোট ব্যৱসায়ী। হিফজুৰ ৰহমান আৰু ফুৰকান আলিক গ্ৰেপ্তাৰ গোলাঘাট আৰক্ষীৰ । ৩১ হাজাৰ টকাৰ ২০০ টকীয়া জালনোট সহ গ্ৰেপ্তাৰ দুই কুখ্যাত অপৰাধীক । জানিব পৰা মতে , নগাঁৱৰ ফুৰকান আলি নামৰ লোকজনে হিফজুৰ ৰহমানক ২০০ টকীয়া ৩১ হাজাৰ নকল মুদ্ৰা প্ৰদান কৰিছিল আৰু নগাঁৱৰ হিফজুৰে গোলাঘাটৰ ৰঙাজানৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত নকল টকাৰে সামগ্ৰী ক্ৰয় কৰিবলৈ চেষ্টা চলাওতেই ব্যৱসায়ীৰ চোকা দৃষ্টিত নকল মুদ্ৰাৰ বুলি সন্দেহ কৰি গোলাঘাট আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে হিফজুৰক গ্ৰেপ্তাৰ কৰাৰ পাছতেই নগাঁৱৰ পৰা ফুৰকান আলিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া চলাই আছে । আৰক্ষীৰ তদন্তৰ পিছতেহে ওলাব এই নকল মুদ্ৰা প্ৰচলনৰ প্ৰকৃত উৎস ।
কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
No comments:
Post a Comment
Welcome Northeast News India