Friday, 18 December 2020

18 December, 2020 ২০১৯ বৰ্ষৰ গোলাঘাট জিলাৰ সুৰা ট্ৰেজেডীৰ অন্য এক কৰুণ অধ্যায়। চিকিৎসা অবিহনেই মৃত্যু ঘটিল এগৰাকী কিশোৰীৰ। , ২০১৯ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দেশৰ ভিতৰতে সৰ্ববৃহৎ সুৰা ট্ৰেজেদী সংঘটিত হৈছিল গোলাঘাট আৰু যোৰহাট জিলাত। ইয়াৰে গোলাঘাটৰ শালমাৰা চাহ বাগিচাত এই বিষাক্ত চুলাই মদে প্ৰাণ লৈছিল সৰ্বাধিক লোকৰ। তেনে এটি অভিসপ্ত পৰিয়াল আছিল গোলাঘাট গ্ৰান্টৰ অজিত গোৱালাৰ। বিষাক্ত চুলাই মদ সেৱন কৰাৰ ফলত প্ৰাণ লৈছিল পৰিয়ালটোৰ মাতৃ আৰু জ্যেষ্ঠ ভাতৃৰ। ইহসংসাৰত থাকি গ'ল তিনিটা সন্তান। ইয়াৰে কন্যা চনিয়া গোৱালা আৰু ফচনু গোৱালাক বোকাখাতৰ এখন আশ্ৰমে তেতিয়াই পোহপালৰ দায়িত্ব লৈ লৈ গৈছিল বোকাখাত লৈ। কিন্তু কিছু মাহৰ পূৰ্বে দুয়োটি সন্তানকে কাকো নজনোৱাকৈয়ে নিজ গাঁৱত এৰি থৈ গৈছিল আশ্ৰমৰ বিষয়ববীয়াই। তাৰপিছত দিশহাৰা হৈ পৰিছিল দুৰ্ভগীয়া সন্তান কেইটা। নিজৰ ঘৰৰ এটা ভেটি থকাৰ পিছতো থাকিবৰ বাবে‍ এখন ঘৰ নোহোৱা হ'ল সন্তান কেইটাৰ৷ যাৰবাবে‍ সন্তান কেইটাই দিনটো অনাই বনাই ঘূৰি ফুৰাৰ পিছত নিশা বিভিন্নজনৰ বাৰণ্ডাতে পাৰ কৰিবলগীয়া হ'ল এক দুৰ্বিসহ জীৱন।৷ বর্তমান এই দুর্ভগীয়া পৰিয়ালটোৰ জীৱনলৈ নামি আহিছে অমানিশা৷ তেঁওলোকৰ একমাত্ৰ ভন্টি চনিয়া গোৱালাৰ কালি হঠাতে মৃত্যু হোৱাৰ পাছতে বহু কথাই পোহৰলৈ আহিছে। আজি কিছুদিনৰ পৰা চনিয়াৰ স্বাস্থ্য অসুস্থ হোৱাত অর্থৰ অভাৱত চিকিৎসা অবিহনেই তেওঁৰ মৃত্যু ঘটে । ৷ উল্লেখ্য যে কণমানিকেইটাক সেইসময়তে চৰকাৰে পৰিয়ালৰ দুজন মৃত্যু হোৱাৰ বাবে দুই লাখ কৈ মুঠ চাৰি লাখ টকা অনুদান দিছিল৷ কিন্তু বহুবাৰ বেংক আৰু বিভিন্ন জনৰ সহায় বিচাৰিও টকাকেইটা লাভ নকৰিলে৷ অৱশেষত চিকিৎসাৰ অভাৱত নিয়তিৰ ওচৰত হাৰ মানিলে একমাত্ৰ ভন্টি চনিয়া গোৱালা৷ বর্তমান বহু প্ৰশ্নই উত্থাপিত হৈছে‍ বোকাখাতৰ কোনখন আশ্ৰম‍ে সন্তান দুটাক নিঠৰুৱা কৰি এৰি গ"ল আৰু কিয় কাকো একো নকোৱাকৈ গাওঁ খনত এৰি থৈ গ'ল হি আদি প্ৰশ্নবোৰে এতিয়া সকলোৰে মন আৱৰি ধৰিছে। নিজৰ ভন্টিৰ চিকিৎসাৰ বাবে কিয় নিজৰ প্ৰাপ্য লাভ নকৰিলে কিশোৰ কেইজনে৷ বর্তমান এগৰাকী আত্মীয়ৰ সহায়ত  চানিয়াৰ অন্তিম কার্যৰ সম্পন্ন কৰিলে কিশোৰ দুজনে। কিন্তু কি হ'ব এতিয়া এই কিশোৰ দুজনৰ ভবিষ্যত - দুৰ্ভগীয়া কিশোৰ দুজনক কোনে এতিয়া জীৱনৰ পথ দেখুৱাব অথবা এই লৈ জিলা প্ৰশাসনৰ ভূমিকা কি হ'ব - এই বোৰ এতিয়া সকলোৰে মনত উদয হোৱা প্ৰশ্ন ! :: প্ৰকাশ শৰ্মা গোলাঘাট

 18 December, 2020


২০১৯ বৰ্ষৰ গোলাঘাট  জিলাৰ সুৰা ট্ৰেজেডীৰ  অন্য এক কৰুণ অধ্যায়।  চিকিৎসা অবিহনেই মৃত্যু ঘটিল এগৰাকী কিশোৰীৰ।


২০১৯ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দেশৰ ভিতৰতে সৰ্ববৃহৎ সুৰা ট্ৰেজেদী সংঘটিত হৈছিল গোলাঘাট আৰু যোৰহাট জিলাত। ইয়াৰে গোলাঘাটৰ শালমাৰা চাহ বাগিচাত এই বিষাক্ত চুলাই মদে প্ৰাণ লৈছিল সৰ্বাধিক লোকৰ। তেনে এটি অভিসপ্ত পৰিয়াল আছিল গোলাঘাট গ্ৰান্টৰ অজিত গোৱালাৰ। বিষাক্ত চুলাই মদ সেৱন কৰাৰ ফলত প্ৰাণ লৈছিল পৰিয়ালটোৰ মাতৃ আৰু  জ্যেষ্ঠ ভাতৃৰ। ইহসংসাৰত থাকি গ'ল তিনিটা সন্তান। ইয়াৰে কন্যা চনিয়া গোৱালা আৰু ফচনু গোৱালাক বোকাখাতৰ এখন আশ্ৰমে তেতিয়াই পোহপালৰ দায়িত্ব লৈ লৈ গৈছিল বোকাখাত লৈ। কিন্তু কিছু মাহৰ পূৰ্বে দুয়োটি  সন্তানকে কাকো নজনোৱাকৈয়ে  নিজ গাঁৱত এৰি থৈ গৈছিল আশ্ৰমৰ বিষয়ববীয়াই। তাৰপিছত দিশহাৰা হৈ পৰিছিল দুৰ্ভগীয়া সন্তান কেইটা। নিজৰ ঘৰৰ এটা  ভেটি থকাৰ পিছতো থাকিবৰ বাবে‍ এখন ঘৰ নোহোৱা হ'ল সন্তান কেইটাৰ৷ যাৰবাবে‍ সন্তান কেইটাই দিনটো  অনাই বনাই ঘূৰি ফুৰাৰ পিছত নিশা বিভিন্নজনৰ বাৰণ্ডাতে পাৰ কৰিবলগীয়া হ'ল এক দুৰ্বিসহ জীৱন।৷ বর্তমান এই দুর্ভগীয়া পৰিয়ালটোৰ জীৱনলৈ নামি আহিছে অমানিশা৷ তেঁওলোকৰ একমাত্ৰ ভন্টি চনিয়া গোৱালাৰ কালি হঠাতে মৃত্যু হোৱাৰ পাছতে বহু কথাই পোহৰলৈ আহিছে। আজি কিছুদিনৰ পৰা চনিয়াৰ স্বাস্থ্য অসুস্থ  হোৱাত অর্থৰ অভাৱত চিকিৎসা অবিহনেই তেওঁৰ  মৃত্যু ঘটে । ৷ উল্লেখ্য যে কণমানিকেইটাক সেইসময়তে চৰকাৰে পৰিয়ালৰ দুজন মৃত্যু হোৱাৰ বাবে দুই লাখ কৈ মুঠ চাৰি লাখ টকা অনুদান দিছিল৷ কিন্তু বহুবাৰ বেংক আৰু বিভিন্ন জনৰ সহায় বিচাৰিও টকাকেইটা লাভ নকৰিলে৷ অৱশেষত চিকিৎসাৰ অভাৱত নিয়তিৰ ওচৰত হাৰ মানিলে একমাত্ৰ ভন্টি চনিয়া গোৱালা৷ বর্তমান বহু প্ৰশ্নই উত্থাপিত হৈছে‍ বোকাখাতৰ কোনখন আশ্ৰম‍ে সন্তান দুটাক নিঠৰুৱা কৰি  এৰি গ"ল আৰু কিয় কাকো একো নকোৱাকৈ গাওঁ খনত এৰি থৈ গ'ল হি আদি প্ৰশ্নবোৰে এতিয়া সকলোৰে মন আৱৰি ধৰিছে।  নিজৰ ভন্টিৰ চিকিৎসাৰ বাবে কিয় নিজৰ প্ৰাপ্য লাভ নকৰিলে কিশোৰ কেইজনে৷ বর্তমান এগৰাকী আত্মীয়ৰ  সহায়ত  চানিয়াৰ  অন্তিম কার্যৰ সম্পন্ন কৰিলে  কিশোৰ দুজনে। কিন্তু কি হ'ব এতিয়া এই কিশোৰ দুজনৰ ভবিষ্যত - দুৰ্ভগীয়া কিশোৰ দুজনক কোনে এতিয়া জীৱনৰ পথ দেখুৱাব অথবা এই লৈ জিলা প্ৰশাসনৰ ভূমিকা কি হ'ব - এই বোৰ এতিয়া সকলোৰে মনত উদয হোৱা প্ৰশ্ন ! :: 


প্ৰকাশ শৰ্মা গোলাঘাট?

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...