Friday, 14 August 2020

গোলাঘাটত লকডাউন উন্মোচন । গোলাঘাট : ১৪আগষ্ট ২০২০ লকডাউনৰ সাম্প্ৰতিক পৰিস্থিতিৰ পটভূমিত বিশিষ্ট লেখক,গল্পকাৰ অধ্যাপক ৰিংকুমণি গগৈৰ নৱতম উপন্যাস লকডাউনৰ বৃহস্পতিবাৰে শুভ উন্মোচন । গোলাঘাট প্ৰেছ ক্লাবত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট লেখক,কবি,গল্পকাৰ ডাঃকুমুদ কুমাৰ দত্তই উপন্যাস লকডাউন শুভ উন্মোচন কৰে । অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ,চিন্তাশীল লেখক হেম ফুকন মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি উপন্যাস খনৰ সন্দৰ্ভত আলোকপাত কৰি ঔপন্যাসিক ৰিংকুমণি গগৈৰ আন্তৰিক প্ৰয়াসৰ ভুয়সী প্ৰশংসা কৰে । গোলাঘাট প্ৰেছ ক্লাবৰ সাধাৰণ সমম্পাদক,সাংবাদিক কৌস্তুভমণি হাজৰিকাই আঁত ধৰা অনুষ্ঠানত অনুষ্ঠানত প্ৰবীন সাংবাদিক ,গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্যকৰী সভাপতি বিকাশ শৰ্মা,গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি,প্ৰবীন সাংবাদিক দিগন্ত কুমাৰ ভূঞাই বিশিষ্ট আতিথিৰূপে অংশগ্ৰহণ কৰে । গুৱাহাটীৰ পূৰ্বায়ণ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত অভিজিত বৰাৰ সুন্দৰ বেটুপাত অংকণেৰে প্ৰকাশ কৰি উলিওৱা লকডাউনৰ বাস্তৱ প্ৰতিচ্ছবি আৰু কা আন্দোলনৰ পটভূমিও কাহিনীৰ আউতালৈ অনা হৈছে । উল্লেখ্য যে, ছাত্ৰ আৱস্থাৰ পৰাই সাহিত্য চৰ্চাৰ নীৰৱ সাধনাৰে ৰিংকুমণি গগৈয়ে গল্প,প্ৰৱন্ধ,কবিতা ,উপন্যাসৰ জৰিয়তে অসমীয়া ভাষা সাহিত্যলৈ অৱদান আগবঢ়াইছে ।অধ্যাপিকা ৰিংকুমণি গগৈৰ অসমীয়া ভাষা,সাহিত্য,সংস্কৃতি বিষয়ক কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গৱেষণা পত্ৰ প্ৰকাশিত হৈছে । লকডাউন উপন্যাস আন্তঃৰাষ্ট্ৰীয় আনলাইন মাৰ্কেটিং চাইট আমাজনত উপলব্ধ আৰু কেইবাখনো গ্ৰন্থ উক্ত চাইটযোগে বিপণন হৈছে । লকডাউন উপন্যাসখন পাঠকসমাজে আদৰি ল'ব বুলি ৰিংকুমণি গগৈ আশাবাদী । প্ৰকাশ শৰ্মা গোলাঘাট ৷

 গোলাঘাটত লকডাউন উন্মোচন ।


 গোলাঘাট : ১৪আগষ্ট ২০২০

লকডাউনৰ সাম্প্ৰতিক পৰিস্থিতিৰ পটভূমিত বিশিষ্ট লেখক,গল্পকাৰ অধ্যাপক ৰিংকুমণি গগৈৰ নৱতম উপন্যাস লকডাউনৰ বৃহস্পতিবাৰে শুভ উন্মোচন । গোলাঘাট প্ৰেছ ক্লাবত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট লেখক,কবি,গল্পকাৰ  ডাঃকুমুদ কুমাৰ দত্তই উপন্যাস  লকডাউন শুভ উন্মোচন কৰে । অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ,চিন্তাশীল লেখক হেম ফুকন মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি উপন্যাস খনৰ সন্দৰ্ভত আলোকপাত কৰি ঔপন্যাসিক ৰিংকুমণি গগৈৰ আন্তৰিক প্ৰয়াসৰ ভুয়সী প্ৰশংসা কৰে । গোলাঘাট প্ৰেছ ক্লাবৰ সাধাৰণ সমম্পাদক,সাংবাদিক কৌস্তুভমণি হাজৰিকাই আঁত ধৰা অনুষ্ঠানত অনুষ্ঠানত প্ৰবীন সাংবাদিক ,গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্যকৰী সভাপতি বিকাশ শৰ্মা,গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি,প্ৰবীন সাংবাদিক দিগন্ত কুমাৰ ভূঞাই বিশিষ্ট আতিথিৰূপে অংশগ্ৰহণ কৰে । গুৱাহাটীৰ পূৰ্বায়ণ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত অভিজিত বৰাৰ সুন্দৰ বেটুপাত অংকণেৰে প্ৰকাশ কৰি উলিওৱা লকডাউনৰ বাস্তৱ প্ৰতিচ্ছবি আৰু কা আন্দোলনৰ পটভূমিও কাহিনীৰ আউতালৈ অনা হৈছে । উল্লেখ্য যে, ছাত্ৰ আৱস্থাৰ পৰাই সাহিত্য চৰ্চাৰ নীৰৱ সাধনাৰে ৰিংকুমণি গগৈয়ে গল্প,প্ৰৱন্ধ,কবিতা ,উপন্যাসৰ জৰিয়তে অসমীয়া ভাষা সাহিত্যলৈ অৱদান আগবঢ়াইছে ।অধ্যাপিকা ৰিংকুমণি গগৈৰ অসমীয়া ভাষা,সাহিত্য,সংস্কৃতি বিষয়ক কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গৱেষণা পত্ৰ প্ৰকাশিত হৈছে । লকডাউন উপন্যাস আন্তঃৰাষ্ট্ৰীয় আনলাইন মাৰ্কেটিং চাইট আমাজনত উপলব্ধ আৰু কেইবাখনো গ্ৰন্থ উক্ত চাইটযোগে বিপণন হৈছে । লকডাউন উপন্যাসখন পাঠকসমাজে আদৰি ল'ব বুলি ৰিংকুমণি গগৈ আশাবাদী ।

প্ৰকাশ শৰ্মা গোলাঘাট ৷

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...