Wednesday, 3 June 2020
3 Jun, 2020 অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে আজি তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ দিছপুৰ লাষ্টগেটস্থিত মুখ্য কাৰ্যালয়ত উপস্থিত হৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে। বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ক'ভিড-১৯ৰ সংক্ৰমণৰ জটিল সময়ত বিভাগটোৱে এক অত্যাৱশ্যকীয় সেৱাৰ বিভাগ হিচাপে জনসাধাৰণক অহৰ্নিশে সজাগ আৰু সচেতন কৰাৰ দিশত লোৱা ভূমিকাৰ শলাগ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰতিখন জিলা আৰু মহকুমাৰ সাংবাদিকসকলৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি চৰকাৰী আঁচনি আৰু বা-বাতৰিসমূহৰ বহুল প্ৰচাৰৰ পদক্ষেপ ল'বলৈ বিভাগক নিৰ্দেশ দিয়ে। তথ্যৰ কোনো বন্ধৰ দিন নাথাকে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিভাগটোৱে চৰকাৰৰ তথ্যসমূহৰ সময় সাপেক্ষে সৰবৰাহৰ দিশত পেছাদাৰী মনোভাৱেৰে কাম কৰাৰ বাবে দৃঢ় পদক্ষেপ ল'ব লাগিব বুলি কয়। ছ'চিয়েল মিডিয়াৰ অপপ্ৰয়োগ সম্পৰ্কত জনসাধাৰণক বিশেষকৈ যুৱ প্ৰজন্মক তৃণমূল পৰ্যায়ত সজাগ আৰু সচেতন কৰাৰ দিশত বিভাগটোৱে অগ্ৰণী ভূমিকা ল'ব লাগিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। আজিৰ এই পৰ্যালোচনামূলক বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে বিভাগটোৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰাৰ লগতে ভৱিষ্যতৰ কৰ্ম আঁচনিৰ বিষয়েও পৰ্যালোচনা কৰে। বৈঠকত বিভাগটোৰ সঞ্চালক শ্ৰী অনুপম চৌধুৰীয়ে বিভাগৰ বিভিন্ন কাম-কাজ, ভৱিষ্যত পৰিকল্পনা, ক'ভিড-১৯ৰ সময়ছোৱাত বিভাগটোৱে জনসাধাৰণক সজাগ আৰু সচেতন কৰা, ভুৱা বাতৰি পৰিবেশনৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাৰাজি সামৰি এক প্ৰেজেণ্টেশ্যন আগবঢ়ায়। উল্লেখযোগ্য যে লক্-ডাউনৰ সময়ছোৱাৰ পৰা জনসাধাৰণক সজাগ কৰাৰ ক্ষেত্ৰত বিভাগটোৱে ছ'চিয়েল মিডিয়াৰ জৰিয়তে #DIPRFakeNewsAlert নামেৰে এক ভুৱা বাতৰি, অপ-প্ৰচাৰ প্ৰতিৰোধী অভিযান অব্যাহত ৰাখিছে। আজিৰ এই বৈঠকত উপস্থিত থাকে মাননীয় মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা শ্ৰী হৃষীকেশ গোস্বামী, তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত সচিব শ্ৰী প্ৰীতম শইকীয়া, তথ্য আৰু জনসংযোগ বিভাগৰ সচিব শ্ৰী নীৰা গগৈ সোণোৱাল, তথ্য আৰু জনসংযোগ বিভাগৰ যুটীয়া সচিব শ্ৰী অৰুন্ধতী চক্ৰৱৰ্তী।
Subscribe to:
Post Comments (Atom)
বিশ্বৰ মানৱ জাতিলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন।।
।। জয় মা আৰু প্ৰকৃতি ।। কাতি বিহুৰ শুভ ক্ষণত বিশ্বৰ মানৱ জাতিলৈ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন জনাইছোঁ। এই শুভ ক্ষণৰ পৰাই মানৱ জাতিৰ সূ ...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...




No comments:
Post a Comment
Welcome Northeast News India