Wednesday, 3 June 2020
3 Jun, 2020 অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে গুৱাহাটীত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ কাৰ্যাৱলী আৰু সফলতাক প্ৰতিফলিত কৰা এটা Presentationৰ পৰ্যালোচনা কৰে। বিভাগটোৰ বিভিন্ন আঁচনি আৰু পদক্ষেপসমূহৰ তেখেতে বিস্তৃতভাৱে বুজ লয়। ক'ভিড-১৯ৰ সময়ছোৱাত উৰাবাতৰি আৰু ভুৱা প্ৰচাৰ ৰোধ কৰাৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে বিষয়াসকলে মুখ্যমন্ত্ৰীক অৱগত কৰে। তেখেতে বিভাগটোৰ প্ৰচেষ্টাৰ শলাগ লয় আৰু এনেধৰণে কাম কৰি যাবলৈ নিৰ্দেশ দিয়ে। তদুপৰি, দেশৰ অন্যান্য ৰাজ্যত প্ৰচলিত প্ৰগতিশীল সংবাদ-সেৱা আৰু নীতি অধ্যয়ন কৰি সেইসমূহৰ শ্ৰেষ্ঠখিনি অৱলম্বন কৰিবলৈ আৰু এল ই ডি বিলব'ৰ্ড স্থাপনৰ ক্ষেত্ৰত ৰাজ্যৰ সম্ভাব্য স্থানসমূহৰ চিনাক্তকৰণৰ বাবে প্ৰয়োজনীয় চৰজমিন চলাবলৈ বিষয়াবৰ্গক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। বিভাগটোৰ কৰ্মদক্ষতাক অধিক গতিশীলতা প্ৰদান কৰাৰ বাবে কাৰ্যালয়ৰ চৌহদত এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিবলৈ তেখেতে নিৰ্দেশ দিয়ে। তদুপৰি, বিভিন্ন চৰকাৰী আঁচনিৰ তথ্য ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ লগতে অভাৱ-অভিযোগ গ্ৰহণ কৰাৰ বাবেও ব্যৱস্থা ল'বলৈ বিষয়ববীয়াক তেখেতে নিৰ্দেশ প্ৰদান কৰে।
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...




No comments:
Post a Comment
Welcome Northeast News India