Monday, 29 June 2020

29 Jun, 2020 মাননীয় পৰিবহণ মন্ত্ৰী শ্ৰী যুত চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশ ।ৰে'লযাত্ৰী আৰু বিমানযাত্ৰীৰ সুবিধাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ। লকডাউনৰ সময়ছোৱাত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ (মহানগৰ) জিলাত ASTC বাছ সেৱাসমূহ চহৰৰ বিভিন্ন পিক আপ্ পইন্টৰ পৰা বিমানবন্দৰ আৰু ৰে'ল ষ্টেচনলৈ চলোৱাৰ ব্যৱস্থা কৰা হৈছে। নিম্নলিখিত আৰক্ষী থানা আৰু আৰক্ষী চকীবোৰ পিক আপ্ পইন্ট হিচাপে চিহ্নিত কৰা হৈছে। ১. দিছপুৰ আৰক্ষী থানা ২. নুনমাটি আৰক্ষী থানা ৩. পাণবজাৰ আৰক্ষী থানা ৪. লতাশিল আৰক্ষী থানা ৫. পল্টন বজাৰ আৰক্ষী থানা ৬. ভৰলুমুখ আৰক্ষী থানা ৭. গীতানগৰ আৰক্ষী থানা ৮. জালুকবাৰী আৰক্ষী থানা ৯. বশিষ্ঠ আৰক্ষী থানা ১০. ফটাশিল আমবাৰী আৰক্ষী থানা ১১. হাতীগাঁও আৰক্ষী থানা ১২. গড়চুক আৰক্ষী থানা ১৩. ভঙাগড় আৰক্ষী থানা ১৪. সাতগাঁও আৰক্ষী থানা ১৫. চানমাৰী আৰক্ষী থানা ১৬. ফাঁচী বজাৰ আৰক্ষী চকী ১৭. মালিগাঁও আৰক্ষী চকী ১৮. ওদালবাক্ৰা আৰক্ষী চকী ১৯. বিৰুবাৰী আৰক্ষী চকী ২০. যোৰাবাট আৰক্ষী চকী ২১. ISBT আৰক্ষী চকী ২২. পানীখাইতি আৰক্ষী চকী বাছসমূহ ওপৰত উল্লেখিত স্থানসমূহৰ পৰা ৰাতিপুৱা ৫ বজাত, ৭ বজাত, ৯ বজাত, ১১ বজাত, দিনৰ ১ বজাত, ৩ বজাত, আবেলি ৫ বজাত আৰু সন্ধিয়া ৭ বজালৈ চলাচল কৰিব । গুৱাহাটীৰ যিসকল বাসিন্দাই আকাশমাৰ্গেৰে বা ৰে'লৰ জৰিয়তে যাত্ৰা কৰিব বিচাৰে তেওঁলোকে ইয়াৰ বাবে পঞ্জীয়ন কৰক http://assamtransportrelief.in/ ত। নিম্নলিখিত পৰিবহণ বিভাগৰ হোৱাটছএপ(Whatsapp) নম্বৰৰ জৰিয়তেও আপোনালোকে পঞ্জীয়নৰ বাবে যোগাযোগ কৰিব পাৰে।নম্বৰকেইটা- 6026900637,6026900969 6026900638,6026900970 6026900639,6026900971 6026900966,6026900972 6026900967,6026900973 6026900968,6026900976 এই নম্বৰসমূহ দিনৰ ১০ বজাৰ পৰা নিশা ১০ বজালৈকে মুকলি থাকিব। যিকোনো যাত্ৰাৰ বাবে যাত্ৰীসকলে পঞ্জীয়ন ২৪ ঘন্টা আগতীয়াকৈ কৰাটো বাধ্যতামূলক। লগতে যাত্ৰীসকলে সম্পূৰ্ণ তথ্য যেনে- যাত্ৰীগৰাকীৰ সম্পূর্ণ নাম, মোবাইল নম্বৰ, পিক আপ্ পইণ্টৰ নাম, ফ্লাইট/ৰে'ল নম্বৰ, ফ্লাইট আৰু ৰে'ল এৰাৰ সময় আৰু তাৰিখ, PNR কোড নম্বৰ দাখিল কৰিব লাগিব। যাত্ৰীসকলে ASTC বাছৰ সেৱা গ্ৰহণৰ অাগমূহুৰ্তত ৰে'ল আৰু ফ্লাইটৰ টিকত দেখুৱাব লাগিব। যিসকল বাসিন্দাই ব্যক্তিগত অথবা ভাড়াতীয়া গাড়ী বিমানবন্দৰ আৰু ৰে'ল ষ্টেচনলৈ অনা-নিয়াৰ বাবে ব্যৱহাৰ কৰিব বিচাৰে তেওঁলোকে পঞ্জীয়ন কৰিব নালাগে। কিন্তু গাড়ীৰ চালকে যাত্ৰীক অনা-নিয়া কৰাৰ সময়ত যাত্রীৰ ফ্লাইট বা ৰে'লৰ টিকট লগত ৰাখিব লাগিব ।


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...