Tuesday, 2 June 2020
2 Jun, 2020 আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে গুৱাহাটী পৌৰ নিগমৰ মুখ্য কাৰ্যালয়ৰ সভাকক্ষত গোটা আৱৰ্জনাৰ ব্যৱস্থাপনা সন্দৰ্ভত অনুষ্ঠিত এক বৈঠকত অধ্যক্ষতা কৰি গোটা আৱৰ্জনাৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বুজ লয়।বৈঠকত উপস্থিত আছিল গুৱাহাটী উন্নয়ন বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যও। বৈঠকত মুখ্যমন্ত্ৰীয়ে গুৱাহাটী পৌৰ নিগমক কেইবাটাও নিৰ্দেশ প্ৰদান কৰে। # গুৱাহাটী মহানগৰীৰ জলাশয়সমূহ সংৰক্ষণ কৰি সৌন্দৰ্য্যবর্ধনৰ বাবে উপযুক্ত পদক্ষেপ ল'বলৈ পৌৰ নিগমক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। # চলিত বৰ্ষৰ ভিতৰতে গুৱাহাটী মহানগৰীৰ পানী যোগান আঁচনি কাৰ্যকৰী কৰাৰ নিৰ্দেশ। # গৃহ নিৰ্মাণৰ অনুমতিৰ ক্ষেত্ৰত কোনো ধৰণৰ বিলম্ব যাতে কৰা নহয় সেই দিশত পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ। # পৌৰ নিগমৰ আইন ভংগকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আইন বলবৎ গোট শক্তিশালী কৰাৰ নিৰ্দেশ। # মহানগৰীৰ যানজঁটৰ সমস্যা লাঘৱ কৰাৰ বাবে এক বিস্তৃত কৰ্ম আঁচনি যুগুত কৰাৰ নিৰ্দেশ। # গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্যৰ সুৰক্ষা, বাহনসমূৰ পাৰ্কিং, নতুন বজাৰ স্থাপন আদি দিশসমূহ অধ্যয়ন কৰিবলৈ নিগমৰ শীৰ্ষ বিষয়াসকলক নিৰ্দেশ। # কৃত্ৰিম বানপানী ৰোধৰ ক্ষেত্ৰত অধিক সতৰ্ক আৰু সজাগতাৰে কাম কৰিবলৈ বিষয়াসকলক নিৰ্দেশ।
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...




No comments:
Post a Comment
Welcome Northeast News India