Thursday, 17 September 2020

17 September, 2020আজি ভাৰতবৰ্ষৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মাননীয় প্ৰধানমন্ত্ৰী তথা ভাৰত মাতৃৰ সুযোগ্য সন্তান দেশৰ সকলোৰে শ্রদ্ধাৰ মাননীয় প্ৰধানমন্ত্ৰী Narendra Modi দেৱক ৭০ সংখ্যক জন্ম দিন উপলক্ষে আজিৰ এই পৱিত্র দিনত তেখেতলৈ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি নেদেখা জনৰ ওচৰত প্রাৰ্থনা জনাইছোঁ যাতে ভাৰতবৰ্ষক আগুুৱাই লৈ যাবলৈ তেখেতক আৰু অধিক শক্তি প্রদান কৰে তাৰে কামনাৰেNORTHEAST NEWS INDIA

17 September, 2020

আজি  ভাৰতবৰ্ষৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মাননীয় প্ৰধানমন্ত্ৰী তথা ভাৰত মাতৃৰ সুযোগ্য সন্তান দেশৰ সকলোৰে শ্রদ্ধাৰ মাননীয় প্ৰধানমন্ত্ৰী Narendra Modi  দেৱক ৭০ সংখ্যক জন্ম দিন উপলক্ষে আজিৰ এই পৱিত্র দিনত তেখেতলৈ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি নেদেখা জনৰ ওচৰত প্রাৰ্থনা জনাইছোঁ যাতে ভাৰতবৰ্ষক   আগুুৱাই লৈ যাবলৈ তেখেতক আৰু অধিক শক্তি প্রদান কৰে তাৰে কামনাৰে

NORTHEAST NEWS INDIA

17 September, 2020Covid19 Assam and actions taken as on 16/09/2020.

17 September, 2020

Covid19 Assam and actions taken as on 16/09/2020.

16 September, 2020Notification regarding organising Viswa Karma Puja and Durga Puja has been issued today by ASDMA keeping in mind of the present situation.

16 September, 2020

Notification regarding organising Viswa Karma Puja and Durga Puja has been issued today by ASDMA keeping in mind of the present situation.

Breaking news

 16 September, 2020


O. C. : গোলাঘাটৰ থুৰামুখত বন্যহস্তীৰ উপদ্ৰৱ। উপদ্ৰৱী বন্যহস্তীৰ দলটোৱে থুৰামুখৰ এখন বিদ্যালয়ত চলাই আক্ৰমণ। বিদ্যালয়ৰ পকী বেৰ, লোহাৰ খিৰিকী দুৱাৰ ভাঙি বিদ্যালয়ৰ ভিতৰত চলাই তাণ্ডৱ। বিদ্যালয়ৰ ভিতৰৰ দৃশ্য প্ৰত্যক্ষ কৰিলে এনে লাগিব বন্যহস্তীৰ দল নহয়, ই কোনো ডকাইটৰ আক্ৰমণ।

V. O. : গোলাঘাটৰ থুৰামুখ অঞ্চল বন্যহস্তীৰ উপদ্ৰৱৰ কোনো নতুন কথা নহয়। পূৰ্বৰে পৰা থুৰামুখত বন্যহস্তী আৰু মানুহৰ সংঘাত চলি আহিছে। এইবাৰ বন্যহস্তীৰ আক্ৰমণ কিছু পৃথক। থুৰামুখ মধ্য ইংৰাজী বিদ্যালয়ৰ পকী বেৰ, খিৰিকী দুৱাৰ ভাঙি বিদ্যালয়ৰ ভিতৰত লণ্ডভণ্ড। বন্যহস্তীৰ এই আক্ৰমণ এনে ভয়ানক আছিল লোৰ খিৰিকী আদি ভাঙোতে বৃহৎ বৃহৎ শব্দ কৰিছিল। কিন্তু বন্যহস্তীৰ জাকটোক খেদি পঠিয়াবলৈ কোনো সাহস গোটাব পৰা নাছিল। কাষতে থকা বন বিভাগৰলোকেও বন্যহস্তীৰ জাকটোক খেদি নপঠিওৱাৰ অভিযোগ উঠিছে। বিদ্যালয়খনৰ কাৰ্যালয়ৰ আচবাব, নথি-পত্ৰ, লোৰ আলমাৰি ভাঙি তচনচ কৰে বন্য হাতীৰ জাকটোৱে।


গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা


Breaking news

 16 September, 2020


গোলাঘাট হামদৈ পথাৰত প্ৰকাণ্ড কাছ উদ্ধাৰ। গোলাঘাট হামদৈ পথাৰত হামদৈ হোটেলৰ পিছফালৰ পিটনিৰ পৰা উদ্ধাৰ কৰা হয় কাছটো। হামদৈ হোটেলৰ কৰ্মচাৰীয়ে কাছটো পিটনিৰ সমীপৰ পথটোৰ ওপৰে গৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে। লগে লগে কোনো দুস্কৃতি কাৰীয়ে হানি বিঘিনি ঘটোৱাৰ পূৰ্বে হোটেলৰ কৰ্মচাৰীয়ে প্ৰায় ৪০ কেজি ওজনৰ কাছটো উদ্ধাৰ কৰি গোলাঘাট বনবিভাগক চমজাই দিয়ে। হামদৈ হোটেল কৰ্মচাৰী আৰু হোটেল কৰ্তৃপক্ষই বন বিভাগৰ সহযোগত গোলাঘাট জিলাৰ ঐতিহাসিক আঠখেলীয়া নামঘৰৰ বৰপুখুৰীত কাছটো সংৰক্ষণ কৰা ইচ্ছা প্ৰকাশ কৰিছে। উল্লেখ্য যে, যি সময়ত একাংশই বন্য জীৱ-জন্তু হত্যা কৰি বন্য উল্লাস কৰাৰ লগতে এনে জীৱ জন্তুৰ মাংস ভক্ষণ কৰি আহিছে তেনে সময়ত হোটেল কৰ্তৃপক্ষ তথা কৰ্মচাৰী প্ৰদৰ্শন কৰিলে প্ৰকৃতিপ্ৰেমৰ অন্য এক নিদৰ্শন। ::: গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷


Wednesday, 16 September 2020

Breaking news

 16 September, 2020


Golaghat Cultivateor


  গোলাঘাটৰ খুমটাইৰ বুৰালিকচনৰ পল্লৱ গগৈক  সম্ভাষন জনালে গোলাঘাটৰ উপায়ুক্তই


 গোলাঘাট ১৬  ছেপ্তেম্বৰ ২০২০ 

কৃষিকৰ্মৰে স্বাৱলম্বিতাৰ নিৰ্দশন দেখুওৱা খুমটাইৰ বুৰালিকচনৰ পল্লব গগৈক বুধবাৰে আচম্বিতে সম্বাষন জনালে গোলাঘাটৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোডিয়ে ৷ এজন সাংবাদিকৰ সহযোগত বুধবাৰে পল্লৱ গগৈ গোলাঘাটৰ সহকাৰী আয়ুক্ত পাপু গগৈৰ ওচৰত উপস্থিত হৈ কৃষি কৰ্মৰ বাবে কৃষিবিভাগৰ সাহায্য বিচাৰি আবেদন দিয়াত তেও সহায়ৰ আশ্বাস দিয়ে ৷ ইয়াৰ পিছতে পল্লবে উপায়ুক্ত বিভাসচন্দ্ৰ মোডীক সাক্ষাৎ কৰি তেওৰ বাৰিখন চাবৰ বাবে আমণ্তন জনোৱাৰ লগতে এন আৰ এলৰ জৰিয়তে কৃষিক্ষেত্ৰ উন্নয়ণৰ সাহায্য বিছৰাত উপায়ুক্তই সহায়ৰ আশ্বাস দি পল্লৱক হঠাতে এখন গামোচাৰে সম্ভাষণ জনায় 

ভবিষ্যত প্ৰজন্মৰ বাবে কেৱল আদৰ্শয়েই নহয় ; পল্লৱ গগৈয়ে কৰা অক্লান্ত শ্ৰমৰ বাবে প্ৰথমে গোলাঘাটৰ পূৰ্বৰ উপায়ুক্ত গৌৰব ব্ৰথাই শ্ৰেষ্ঠতম কৃষকৰ সন্মান জনোৱাৰ পিছত ৰাষ্ট্ৰীয় সন্মান আজুৰি আনিলে তেওৰ সুন্দৰ বাৰিখনে ৷ উল্লেখ্য যে  খুমটাই বিধানসভা সমষ্টিৰ পল্লবে বিশবিঘা মাটি কিনি ২০১১ চনত কোনোধৰণৰ চৰকাৰি সহায় নোহোৱাকৈ  আৰম্ভণি কৰিছিল এখন ক্ষুদ্ৰ চাহ বাগিছা ৷ বাগিচাৰ মাজেমাজে ৰূপন কৰিছে চাচি পুলি ৷ পুৰঠ চাচিগছ বিক্ৰীকৰি পোৱা ২৫ হেজাৰ টকাৰে ১০ হেজাৰ জোপা উন্নতজাতৰ কলপুলি আৰু ১০ হেজাৰ জোপা ছাচি পুলিলিও ৰূপন কৰিলে ৷

 তামোল গছ প্ৰায় ৬ হেজাৰ ৷ এই খেতিৰ লগতে বাৰিখনত নাৰিকল ; মৌচুমি ; অমিতা ; কোমোৰা :জালুক  এটা ফিচাৰী আদিও

 আছে ৷ আছে উন্নত জাতৰ গাহৰি ৷  তেও চাহগছ ; কল আদিত ৰাসায়নিক সাৰ প্ৰয়োগ নকৰে ব্ৰয়লাৰ মুৰ্গীৰ বৃষ্ঠা ; গৰু ছাগলিৰ গোৱৰ আনি এক বিশেষ সাৰ প্ৰস্তুত কৰি বাৰিত দিয়ে ৷ প্ৰথম অৱস্থাত কোনেও উৎসাহিত কৰা নাছিল যুৱক জনক ৷ মাজতে অহা কালান্তৰ ধুমুহা বতাহে হেজাৰ হেজাৰ কলগছ ভাঙিলে ৷ দ’ম লাগিগল কুমলীয়া কলৰ ঠোকবোৰ ৷ গোলাঘাটৰ পৰা চৰকাৰি বিষয়া গৈ ক্ষয় ক্ষতিৰ বুজলৈ হিচাপ কৰি ক্ষতিপূৰণৰ আশ্বাসও দিলে কিন্তু পল্লৱে চৰকাৰৰ ফালৰ পৰা এটকাও নেপালে ৷ এই ঘটনাত পল্লবে মনতে বৰ দুখ পালে যদিও পুণৰ দুগুণ উৎসাহেৰে নিজৰ বাৰিখন আগতকৈ সুন্দৰ কৰি গড়ি তোলাত মন দিলে ৷ কষ্টৰ ফল সদায় মিঠা ৷ পল্লবৰ সুদিন আহিল৷ এতিয়া এই সমূহ খেতিৰ পৰা তেওৰ বাৰ্ষিক আয় ত্ৰিশ লাখ টকা ৷  কিছূদিনৰ আগতে পল্লবক কলখেতিৰ তামিননাডু ৰাষ্ট্ৰীয় কল অনুসন্ধান কেন্দ্ৰই ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ কল খেতিয়কৰ

 সন্মান দিয়ে ৷ বিগত জানুৱাৰী মাহত তামিলনাডুৰ ৰাষ্ট্ৰীয় কল অনুসন্ধান কেন্দ্ৰই সমগ্ৰ ভাৰতবৰ্ষৰ জুৰি অনুসন্ধান কৰি পল্লৱ গগৈক শ্ৰেষ্ঠতম কল খেতিয়ক হিচাপে নিৰ্বাচিত কৰে ৷ পল্লবে নিজৰ পৰিয়ালৰ লগতে ছয়টাকে পৰিয়ালক কৰ্মসংস্থাপনৰ দিছে ৷ সন্মান লাভকৰাৰ পিছত তেওঁৰ বাৰিত উপস্থিত হয়া গোলাঘাট জিলা কৃষিবিষয়া নবীন চন্দ্ৰ বৰা ৷ বৰাই তেওক অভনন্দন জনোৱাৰ লগতে পায্যমানে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ ৰাষ্ট্ৰীয় সন্মানেৰে তেও গোলাঘাট জিলা তথা খুমটাই সমষ্টিলৈ গৌৰৱ কঢ়িয়াই অনাৰ পিছতো কোনো এজন জনপ্ৰতিনিধি পল্লৱৰ বাৰিখনলৈ যোৱা নাই ৷  ::  গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷


16 September, 2020Covid19 Assam and actions taken as on 15/09/2020.

16 September, 2020

Covid19 Assam and actions taken as on 15/09/2020.

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...