Thursday, 25 June 2020
25 Jun, 2020 আজি ভিডিঅ' কনফাৰেন্সযোগে মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী যোগেন মোহনৰ উপস্থিতিত ৰাজ্যৰ কেইবাখনো জিলাৰ শেহতীয়া বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ জিলা প্ৰশাসনসমূহে গ্ৰহণ কৰা ব্যৱস্থাৱলী সম্পৰ্কে বুজ লয়। জিলাকেইখনৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, জলসম্পদ বিভাগ, খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু এপিডিচিএলৰ জিলা পৰ্যায়ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বিভাগসমূহে গ্ৰহণ কৰা পদক্ষেপৰো মুখ্যমন্ত্ৰীগৰাকীয়ে বুজ লয়। মুখ্যমন্ত্ৰীয়ে সাহায্য শিবিৰসমূহত থকা বানাক্ৰান্ত লোকসকলক প্ৰয়োজনীয় আৰু গুণগত খাদ্য যোগান ধৰাটো সুনিশ্চিত কৰিবলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও শিবিৰসমূহত পৰ্যাপ্ত চিকিৎসা ব্যৱস্থা ৰখাৰ বাবেও মুখ্যমন্ত্রীয়ে নিৰ্দেশ প্ৰদান কৰে। ৰাজ্যখনত ক'ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ক'ভিড-১৯ প্ৰট'কল জিলাসমূহত কঠোৰভাৱে পালন কৰাৰ বাবে পদক্ষেপ ল'বলৈও জিলা উপায়ুক্তসকলক আজিৰ বৈঠকত মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে ।
25 Jun, 2020 আজি জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত এখন বৈঠকত গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ শেহতীয়া ক'ভিড-১৯ পৰিস্থিতিৰ পৰ্যালোচনা কৰে। জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ স্বাৰ্থত অতি শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্বাস্থ্য বিভাগক মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্দেশ প্ৰদান কৰে৷
25 Jun, 2020 উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতা অৰ্জন কৰা ২০২০ বৰ্ষৰ শিক্ষাৰ্থীসকলক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন জনালো। ছাত্ৰ-ছাত্ৰীসকলক নিৰন্তৰ পথ প্ৰদর্শন কৰাৰ বাবে শিক্ষাগুৰু আৰু অভিভাৱকসকলকো ধন্যবাদ। লগতে, যিসকল শিক্ষাৰ্থীয়ে এইবাৰ সফলতা অৰ্জন কৰিব নোৱাৰিলে, তেওঁলোকক হতাশ নহৈ নতুন উদ্যম আৰু কঠোৰ পৰিশ্ৰমেৰে আগুৱাই যাবলৈ আহ্বান। NORTHEAST NEWS INDIA
25 Jun, 2020 No Drugs ২৬ জুন, আন্তৰ্জাতিক নিচাযুক্ত দ্ৰৱ্য আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস । নিচাযুক্ত দ্ৰৱ্যৰ সেৱনৰ পৰা যুৱ প্ৰজন্মক আঁতৰত ৰাখি এক সুস্থ সামাজিক পৰিৱেশ গঢ় দিয়াৰ ক্ষেত্ৰত সংকল্পবদ্ধ হওক। দেশৰ প্ৰতিজন নাগৰিকৰ দায়িত্ব আৰু কতব্য, দেশ , মানৱ জাতি বা সমাজ খন ভাল দিশে আগুৱাই নিয়াৰ। NORTHEAST NEWS INDIA
Subscribe to:
Posts (Atom)
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
।। জয় মা আৰু প্ৰকৃতি।। বিশ্বৰ মানৱ জাতিলৈ আহ্বান। সেই মানৱ জাতি এই পৃথিৱীত আপোনালোকৰ দায়িত্ব পালন কৰিবলৈ বহোত আছে। এই সংসাৰত স্বজন কৰ্...