Thursday, 25 June 2020
25 Jun, 2020 আজি ভিডিঅ' কনফাৰেন্সযোগে মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী যোগেন মোহনৰ উপস্থিতিত ৰাজ্যৰ কেইবাখনো জিলাৰ শেহতীয়া বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ জিলা প্ৰশাসনসমূহে গ্ৰহণ কৰা ব্যৱস্থাৱলী সম্পৰ্কে বুজ লয়। জিলাকেইখনৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, জলসম্পদ বিভাগ, খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু এপিডিচিএলৰ জিলা পৰ্যায়ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বিভাগসমূহে গ্ৰহণ কৰা পদক্ষেপৰো মুখ্যমন্ত্ৰীগৰাকীয়ে বুজ লয়। মুখ্যমন্ত্ৰীয়ে সাহায্য শিবিৰসমূহত থকা বানাক্ৰান্ত লোকসকলক প্ৰয়োজনীয় আৰু গুণগত খাদ্য যোগান ধৰাটো সুনিশ্চিত কৰিবলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও শিবিৰসমূহত পৰ্যাপ্ত চিকিৎসা ব্যৱস্থা ৰখাৰ বাবেও মুখ্যমন্ত্রীয়ে নিৰ্দেশ প্ৰদান কৰে। ৰাজ্যখনত ক'ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ক'ভিড-১৯ প্ৰট'কল জিলাসমূহত কঠোৰভাৱে পালন কৰাৰ বাবে পদক্ষেপ ল'বলৈও জিলা উপায়ুক্তসকলক আজিৰ বৈঠকত মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে ।
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...


No comments:
Post a Comment
Welcome Northeast News India