Thursday, 1 January 2026

সমাজৰ যুৱক, যুৱতী লৈ আহ্বান

যুৱক আৰু যুৱতী সকললৈ সমাজৰ প্ৰতি আন্তৰিক আহ্বান

সমাজৰ যুৱক-যুৱতী সকললৈ আন্তৰিক আহ্বান জনাইছোঁ—আপোনালোকেই হৈছে বৰ্তমানৰ শক্তি আৰু ভৱিষ্যতৰ আশাৰ দীপ। আপোনালোকৰ চিন্তা, কৰ্ম আৰু আদৰ্শই সমাজ, দেশ আৰু পৃথিৱীৰ দিশ নিৰ্ধাৰণ কৰে। সেয়ে ন্যায়, সত্য, মানৱতা আৰু সহানুভূতিক জীৱনৰ মূল আদৰ্শ হিচাপে লৈ আগবাঢ়ক।

হিংসা, নেশা, ঘৃণা আৰু বিভাজনৰ পৰা আঁতৰি থাকি শিক্ষা, পৰিশ্ৰম, নৈতিকতা আৰু একতাৰ পথ বাছি লওক। সমাজত অন্যায় দেখিলে নীৰৱ দৰ্শক নহয়, সচেতন নাগৰিক হিচাপে সাহসেৰে সঁচা কথা কওক। মাতৃ আৰু প্ৰকৃতিৰ প্ৰতি গভীৰ সন্মান ৰাখি পৰিৱেশ সংৰক্ষণ, সমাজ সেৱা আৰু মানৱ কল্যাণত আগবাঢ়ি আহক।

আপোনালোকৰ একতা, সদিচ্ছা আৰু পৰিশ্ৰমেই এখন শান্তিময়, সুস্থ আৰু সমান অধিকাৰসম্পন্ন সমাজ গঢ়ি তুলিব পাৰে। আহক, সকলো মিলি এখন উন্নত, মানৱিক আৰু প্ৰকৃতিসন্মত সমাজ গঢ়ি তোলাৰ সংকল্প লওঁ।

জয় মা আৰু প্ৰকৃতি 🌿🌏
মাধৱ গগৈ
সেৱক, মা আৰু প্ৰকৃতি

Northeast News India 

শুভেচ্ছা বাৰ্তা

বিশ্বৰ সমগ্ৰ মানৱ জাতিক আন্তৰিক নতুন বছৰৰ শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ।
এই নতুন বছৰে মানৱ হৃদয়ত শান্তি, প্ৰেম, সহানুভূতি আৰু ভাতৃত্ববোধ জগাই তুলক। যুদ্ধ, হিংসা, ঘৃণা আৰু বিভাজনৰ সকলো পথ বন্ধ হৈ, মানৱতা, ন্যায় আৰু সমতাৰ পথ অধিক প্ৰশস্ত হওক।

এই বছৰত আমি সকলোৱে জাতি, ধৰ্ম, ভাষা আৰু সীমাৰ ওপৰত উঠি নিজকে একেটা মানৱ পৰিয়াল হিচাপে চিনাকি দিওঁ। মাতৃ আৰু প্ৰকৃতিৰ প্ৰতি সন্মান, সুৰক্ষা আৰু যত্ন আমাৰ সামূহিক দায়িত্ব হওক। প্ৰকৃতি সুৰক্ষিত থাকিলেই মানৱ সভ্যতা সুৰক্ষিত থাকিব—এই সত্যটো নতুন বছৰত আমাৰ কৰ্মৰ মূল আদৰ্শ হওক।

নতুন বছৰটো সমগ্ৰ পৃথিৱীত শান্তি, সুস্বাস্থ্য, খাদ্য সুৰক্ষা, শিক্ষা, সমান অধিকাৰ আৰু মৰ্যাদাৰে ভৰা জীৱনৰ আশীৰ্বাদ কঢ়িয়াই আনক।
মানৱতা জয় হওক, প্ৰকৃতি জয় হওক।

জয় মা আৰু প্ৰকৃতি 🌏🌿
মাধৱ গগৈ
মা আৰু প্ৰকৃতি সেৱক প্ৰতিষ্ঠাপক।

Northeast News India 

Saturday, 13 December 2025

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত।

সেৱাৰে
মাধৱ গগৈ
অসম, ভাৰত।

Friday, 21 November 2025

মানৱ জাতিয়ে সত্য ক গ্ৰহণ কৰক।

মানৱ জাতিয়ে সত্য ক গ্ৰহণ কৰক। আৰু এই পৃথিৱীত থকা সকলো জীৱকোলক সমান চকুৰে , সমান অধিকাৰ দিবলৈ চেষ্টা কৰক। তেতিয়াহে এই পৃথিৱীত মানৱ জাতিৰ জীয়াই থাকিবলৈ সম্ভৱ হ'ব। সকলো মানৱ জীৱনৰ অবিচ্ছেদ্য অঙ্গ।।

সেৱাৰে
মাধৱ গগৈ
অসম ভাৰত।।

Monday, 27 October 2025

মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম।

মাধৱ গগৈ
অসম,ভাৰত।

Northeast News India 

Saturday, 18 October 2025

বিশ্বৰ মানৱ জাতিলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন।।

।। জয় মা আৰু প্ৰকৃতি ।।

কাতি বিহুৰ শুভ ক্ষণত বিশ্বৰ মানৱ জাতিলৈ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন জনাইছোঁ। এই শুভ ক্ষণৰ পৰাই মানৱ জাতিৰ সূ উদয় হ‌ওঁক, মনৰ পৰা বেয়া ভাৱ ধাৰাৰ বিনাশ হওঁক, মনলৈ সঁচা অৰ্থত ভাব ধাৰাৰ জন্ম হওঁক, মনত সু বুদ্ধিৰ বিকাশ হওঁক, মানৱ জাতিৰ সু কল্যাণ হওঁক তাৰে কামনাৰে।।

কাতি বিহুৰ শুভেচ্ছাৰে।

সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ
অসম।।

NORTHEAST NEWS INDIA 

Sunday, 21 September 2025

জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকিব।

জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকিব। তেওঁৰ মৃত্যু হ'ব নোৱাৰে। আৰু আমাৰ নতুন প্ৰজন্ম সকলোৱে জুবিন দাৰ দৰে হ'বলৈ চেষ্টা কৰিব লাগিব ভাল কৰ্মৰ জড়িয়তে। জুবিন দা অমৰ হয়।

সেৱাৰে
মাধৱ গগৈ
অসম।

Northeast News India

লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।

      লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।                                              মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...