Thursday, 9 November 2023

বিশেষ জাননী

বিশেষ জাননী
গোলাঘাট
০৯/১১/২০২৩

আগন্তুক দিপাৱলী উপলক্ষ্যে ৰাইজৰ সুৰক্ষা, পৰিৱেশ ৰক্ষা আৰু সুকলমে  দিপাৱলী উদযাপনৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে আকস্মিক দুয্যোৰ্গ আদিৰ পৰা পৰিত্ৰাণ পাবৰ উদেশ্যে কিছু নিৰ্দেশাৱলী জাৰি কৰিছে৷ সকলোৰে সুবিধা হোৱাকে গোলাঘাট জিলাৰ জিলা প্ৰশাসন তথা বিভাগীয় বিষয়া ইত্যাদিৰ যোগাযোগৰ সবিশেষো দিয়ৰ হৈছে৷ তলত গোলাঘাট জিলাৰ বাবে তৈয়াৰ কৰা নিৰ্দেশাৱলীসমূহ সংলগ্ন কৰা হ’ল৷

ইয়াৰ লগতে দিপাৱলী উপলক্ষ্যে ফটকা আদি বিক্ৰীৰ বাবে গোলাঘাট পৌৰসভা, দেৰগাঁও পৌৰসভা আৰু গাঁও পঞ্চায়ত এলেকা আদিৰ অন্তৰ্গত নিৰ্দিষ্ট নীতি নিৰ্দেশনা মানি হে বিক্ৰী কৰিব পাৰিব৷ সেই সমূহো তলত দিয়া হ’ল৷ 

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

*দেৰগাঁও অসম সাহিত্য সভা ভৱনত সাংস্কৃতিক মহাসংগ্ৰাম উপলক্ষ্যে সভা*

গোলাঘাট
০৯/১১/২০২৩


 *দেৰগাঁও অসম সাহিত্য সভা ভৱনত সাংস্কৃতিক মহাসংগ্ৰাম উপলক্ষ্যে  সভা* 

             আজি ইংৰাজী ০৯/১১/২০২৩ তাৰিখে দিনৰ ১২ বজাত দেৰগাঁওৰ অসম সাহিত্য সভা ভৱনৰ সভাগৃহত আগন্তুক সাংস্কৃতিক মহাসংগ্ৰাম উপলক্ষ্যে এখন সভা অনুষ্ঠিত হয়৷ গোলাঘাট জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত দামোদৰ বৰ্মনৰ সভাপতিত্বত হোৱা সভাখনত গোলাঘাট জিলাত বিশেষকৈ দেৰগাঁও অঞ্চল আৰু দেৰগাঁও বিধান সভা সমষ্টিৰ ভিতৰত সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰপত্ৰ জমা দিয়া সম্পৰ্কত আলোচনা কৰা হয়৷ 


            গোলাঘাট জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত দামোদৰ বৰ্মনে বক্তব্যত কয় যে ক্ৰীড়া, সাহিত্য আৰু সংস্কৃতিৰ পীঠভূমি হিচাপে জনাজাত দেৰগাঁও অঞ্চলত সাংস্কৃতিক মহাসংগ্ৰামৰ বাবে আশানুৰূপ     প্ৰপত্ৰ জমা হোৱা নাই৷ তেখেতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগতে অসম সাহিত্য সভাকে ধৰি দেৰগাঁও অঞ্চলৰ সকলো গণ্যমান্য ব্যক্তি, বিভিন্ন সংস্হা আদিক সকলো ইচ্ছ্যুক প্ৰতিযোগীকে প্ৰতিযোগিতাৰ বাবে প্ৰপত্ৰ জমা দিবলৈ অনুৰোধ জনাবৰ বাবে আহ্বান জনায় ।  তেখেতে লগতে কয় যে অহা ১০ নৱেম্বৰৰ পৰা হ’বলগীয়া সাংস্কৃতিক মহাসংগ্ৰামৰ পঞ্চায়ত পৰ্য্যায়ৰ  প্ৰতিযোগিতাসমূহ নৱেম্বৰ মাহৰ শেষলৈকে অনুষ্ঠিত হ’ব আৰু প্ৰতিযোগিতাস্থলীসমূহতো প্ৰপত্ৰ জমা দিব পাৰিব৷ অতিৰিক্ত জিলা আয়ুক্ত গৰাকীয়ে ইয়াৰ লগতে উল্লেখ কৰে যে প্ৰপত্ৰসমূহ কাকডোঙা আৰু দেৰগাঁও খণ্ড উন্নয়ন বিষয়া কাৰ্যলয়ৰ লগতে দেৰগাঁও পৌৰসভা আৰু গাঁও পঞ্চায়ত সমূহৰ কাৰ্যলয়তো জমা দিব পাৰিব আৰু তাৰ বাবে ডাটা এন্ট্ৰি অ’পাৰেটৰৰ ব্যৱস্থাও কৰা হৈছে৷ 


               আজিৰ সভাত দেৰগাঁও পৌৰসভাৰ পৌৰনেত্ৰী ৰূপাঞ্জলি বৰা ফুকন , দেৰগাঁওৰ চক্ৰ বিষয়া চিৰঞ্জীৱ দাস, দেৰগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা গোলাঘাটৰ ভাৰপ্ৰাপ্ত সাংস্কৃতিক বিষয়া কৃষ্ণাৰ্পিতা বৰুৱা,  গোলাঘাট উত্তৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া তথা ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া গৌৰৱ বৰঠাকুৰ, কাকডোঙা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰেখা দুৱৰা, বিশিষ্ট সাংস্কৃতিক সংগঠক নুৰুল চুলতান, অৱসাৰপ্ৰাপ্ত অসামৰিক সেৱাৰ বিষয়া তথা সমাজকৰ্মী অনন্ত বৰুৱা, দেৰগাঁও সাহিত্য সভাৰ সম্পাদক অজিত চন্দ্ৰ দত্ত, বিশিষ্ট সমাজসেৱিকা ৰূপালী বৰাকে ধৰি দেৰগাঁওৰ বিভিন্ন দল সংগঠন, সংস্থা , এন জি অ’ আদিৰ বিষয়ববীয়া- প্ৰতিনিধি, সাংস্কৃতিক কৰ্মী, সমাজ কৰ্মী আদি উপস্থিত থাকে ৷ 


ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Wednesday, 8 November 2023

*গোলাঘাট জিলাত দুৰ্যোগ বিপদশংকা হ্ৰাস (DRR) ৰোডমেপ ২০৩০ ৰ ওপৰত কৰ্মশালা*

গোলাঘাট
০৮/১১/২০২৩


 *গোলাঘাট জিলাত দুৰ্যোগ বিপদশংকা হ্ৰাস (DRR) ৰোডমেপ ২০৩০ ৰ ওপৰত কৰ্মশালা* 


দুৰ্যোগ বিপদশংকা হ্ৰাস (DRR) ৰোডমেপ ২০৩০ ৰ ওপৰত জিলা দুৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষ, গোলাঘাটৰ দ্বাৰা ৬ আৰু ৭ নৱেম্বৰ ২০২৩ তাৰিখে গোলাঘাট ৰঙাজানৰ চাং’চ্ গাৰ্ডেন আৰু ৰিজৰ্টত দুদিনীয়াকৈ এক কৰ্মশালা অনুষ্ঠিত হৈ যায়। কৰ্মশালা খন উদ্ধোধন কৰে গোলাঘাট জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত দামোদৰ বৰ্মনে৷  উক্ত কৰ্মশালাত গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, জেষ্ঠ পৰামৰ্শদাতা ড° সুৰজিত বৰুৱা (SFDRR), সহাৰি ( ASDMA)ৰ প্ৰকল্প বিষয়া ড° কৃপাল মজুমদাৰ, দুৰ্যোগ ব্যৱস্থাপনাৰ গোলাঘাটৰ শাখা বিষয়া, বিভাগীয় মূৰব্বী বিষয়া, জিলা প্ৰকল্প বিষয়া, গোলাঘাট (দুৰ্যোগ ব্যৱস্থাপনা) আৰু ক্ষেত্ৰ বিষয়া (দুৰ্যোগ ব্যৱস্থাপনা) ইত্যাদি উপস্থিত থাকে। কৰ্মশালাখনিত অসম ডিআৰআৰ ৰোডমেপ ২০৩০ বাবে বিত্তীয় ব্যৱস্থাৰ মৌলিক ধাৰণাসমূহৰ ওপৰত গুৰুত্ব দিয়া হয়। গোলাঘাটত সংঘটিত পূৰ্বৰ দুৰ্যোগ আৰু বিভিন্ন বিপদাশংকা আৰু বিপদৰ ফলত হোৱা সম্ভাৱ্য ক্ষতিৰ বিষয়েও কৰ্মশালাখনত আলোচনা কৰা হয় । বিভিন্ন দুৰ্যোগ আৰু জৰুৰী কালীন পৰিস্থিতিৰ বিষয়েও কৰ্মশালাখনত বিতংভাৱে আলোচনা কৰা হয়।  কৰ্মশালাখন এএছডিএমএ বিষয়াসকলৰ সহযোগ তথা সকলো গুৰুত্বপূৰ্ণ বিভাগৰ সক্ৰিয় অংশগ্ৰহণেৰে সফলতাৰে সামৰণি পৰে।


ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Wednesday, 1 November 2023

*যথেষ্ট সংখ্যাক প্ৰতিযোগীৰ অংশগ্ৰহণেৰে গোলাঘাট জিলাত খেল মহাৰণ আৰম্ভ*

৩১/১০/২০২৩

 *যথেষ্ট সংখ্যাক প্ৰতিযোগীৰ অংশগ্ৰহণেৰে গোলাঘাট জিলাত খেল মহাৰণ আৰম্ভ* 

            আজি সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাতো খেল মহাৰণ কাৰ্যসূচীৰ শুভাৰম্ভ হয়৷ আজি জিলাখনৰ ৭১ টা গাঁও পঞ্চায়ত আৰু ৩ টা পৌৰ এলেকাৰ ভিতৰৰ খেল মহাৰণৰ বাবে প্ৰস্তুত কৰা খেলপথাৰ সমূহত খেল মহাৰণৰ কাৰ্যসূচী আৰম্ভ হয়৷ 

            এই খেল মহাৰণ কাৰ্যসূচীৰ অংশ হিচাপে বৰপথাৰ পৌৰসভাৰ অন্তৰ্গত ভলীবল প্ৰতিযোগিতা উদ্ধোধন কৰে সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকনে৷ আনহাতে দেৰগাঁও পৌৰসভাৰ অন্তৰ্গত কাবাড্ডী প্ৰতিযোগিতাখন উদ্ধোধন কৰে দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে৷ দুয়ো গৰাকী বিধায়কে প্ৰতিযোগিতাত অংশলোৱা প্ৰতিযোগী সকলক উৎসাহ যুগুৱাৰ লগতে আগন্তুক দিনকেইটাত সকলো প্ৰতিযোগিতা সুকলমে হৈ যোৱাৰ বাবে শুভেচ্ছা জনায় ।  আজি গোলাঘাট জিলাৰ আঠটা উন্নয়ন খণ্ড ৰ অন্তৰ্গত গাঁও পঞ্চায়ত পৰ্য্যায়ত আৰু পৌৰসভাসমূহৰ ভিতৰত হোৱা খেল প্ৰতিযোগিতা সমূহত গোলাঘাট জিলা পৰিষদৰ সভানেত্ৰী হেলিনা দলে পেগু,  গোলাঘাট জিলা প্ৰশাসনৰ বিষয় ববীয়া সকল, পৌৰসভাৰ পৌৰপতিসকল,  খণ্ড উন্নয়ন বিষয়া সকলৰ লগতে শিক্ষাবিদ গোলাঘাটৰ অনেক গণ্য মান্য ব্যক্তি, ক্ৰীড়াবিদ আদি বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল৷ 

           উল্লেখযোগ্য যে অহা ১৫ নৱেম্বৰলৈকে পঞ্চায়ত/পৌৰ আদি পৰ্য্যায়ৰ প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হ’ব৷ 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Tuesday, 31 October 2023

সাংস্কৃতিক মহাসংগ্ৰামত যোগদানৰ বাবে প্ৰপত্ৰ জমা দিয়াৰ সময়সীমা ৫ নৱেম্বৰ, ২০২৩ লৈকে বৃদ্ধি

বিশেষ জাননী
৩১/১০/২০২৩

আগন্তুক সাংস্কৃতিক মহাসংগ্ৰামৰ  বাবে ইচ্ছ্যুক প্ৰতিযোগী সকলে এতিয়া এচ এম এচ ( SMS) যোগেদিও সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰতিযোগিতা সমূহত যোগদান কৰিবৰ বাবে পঞ্জীয়ন কৰিব পাৰিব৷ সাংস্কৃতিক মহাসংগ্ৰামৰ একক গীতৰ প্ৰতিযোগিতাত বা দলীয় নৃত্যৰ প্ৰতিযোগিতাত যোগদান কৰিবৰ বাবে +৯১- ৯২২০৫৯২২০৫ নম্বৰলৈ এচ এম এচ পঠিয়াই পঞ্জীয়ন কৰিব পাৰিব৷ তলত সবিশেষ সন্নিবিষ্ট কৰা হ’ল । 

উল্লেখযোগ্য যে সাংস্কৃতিক মহাসংগ্ৰামত যোগদানৰ বাবে প্ৰপত্ৰ জমা দিয়াৰ সময়সীমা ৫ নৱেম্বৰ, ২০২৩ লৈকে বৃদ্ধি কৰা হৈছে৷ ইচ্ছ্যুক প্ৰতিযোগীয়ে ওচৰৰ গাঁও পঞ্চায়ত কাৰ্যলয় অথবা পৌৰসভা আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যলয়ত এই প্ৰপত্ৰ সমূহ জমা দিব পাৰিব৷  এতিয়া নিম্নলিখিত নিৰ্দেশনা মতে এচ এম এচ যোগেদিও যোগদানৰ বাবে পঞ্জীয়ন কৰিব পাৰিব৷ গোলাঘাট জিলা প্ৰশাসনৰ ফালৰ পৰা সকলো ইচ্ছ্যুক প্ৰতিযোগীকে সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰতিযোগিতা সমূহত যোগদান কৰিবৰ বাবে পুনৰ বাৰ অনুৰোধ জনোৱা হ’ল৷

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

*গোলাঘাট জিলাত ৰাষ্ট্ৰীয় একতা দিৱস পালন*

৩১/১০/২০২৩

 *গোলাঘাট জিলাত ৰাষ্ট্ৰীয় একতা দিৱস পালন* 

           আজি ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষ্যে গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু বিভিন্ন অনুষ্ঠানৰ সহযোগত  পুৱা ৬.৩০ বজাত “একতাৰ দৌৰ” কাৰ্যসূচী সমাপন কৰা হয়৷ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী ( চি আৰ পি এফ) ৰ ১৪২ নং বেটেলিয়নৰ কমাণ্ডেন্ট সোমানাথ মহাৰাণা আৰু গোলাঘাটৰ অতিৰিক্ত জিলা আয়ুক্ত চৈয়দ ৱাচবীৰ সুভানীয়ে উদ্ধোধন কৰা এই দৌৰ কাৰ্যসূচীত  প্ৰায় ১০০ ব্যক্তিয়ে অংশ গ্ৰহণ কৰে৷  উদ্ধোধনী ভাষণত কমাণ্ডেন্ট গৰাকীয়ে ৰাষ্ট্ৰীয় একতা দিৱসৰ তাৎপৰ্য ব্যাখা কৰে৷ অতিৰিক্ত জিলা আয়ুক্ত গৰাকীয়ে ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা দৌৰ কাৰ্যসূচীত যোগদান কৰা সকলক উদ্যেশি ৰাষ্ট্ৰীয় একতা দিৱস সন্দৰ্ভত বক্তব্য আগবঢ়ায়৷ গোলাঘাটৰ জিলা ক্ৰীড়া বিষয়া বিমল চন্দ্ৰ গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত জিলা প্ৰশাসন, গোলাঘাটৰ বিভিন্ন বিভাগৰ লগতে জিলা ক্ৰীড়া সংস্থাৰ বিষয়ববীয়া সকলেও অংশগ্ৰহণ কৰে৷
       


              আনহাতে পুৱা ৯ বজাত গোলাঘাট আৰক্ষী প্ৰশাসনে গোলাঘাট সদৰ আৰক্ষী থানাৰ পৰা এক কুচকাৱাজ (মাৰ্ছ পাষ্ট, March Past) ৰ আয়োজন কৰে৷ গোলাঘাট জিলাৰ জিলা আয়ুক্ত ডা° পি উদয় প্ৰৱীণে উদ্ধোধন কৰা এই কুচকাৱাজ গোলাঘাট সদৰ আৰক্ষী থানাৰ পৰা আৰম্ভ হৈ গোলাঘাট জিলা আয়ুক্ত কাৰ্যলয়ত শেষ হয় । ১.২ কিমি দৈৰ্ঘ্য সামৰি লোৱা এই কুচকাৱাজত গোলাঘাটৰ আৰক্ষীৰ লগতে ১১ অসম আৰক্ষী বেটেলিয়ন, চি আৰ পি এফ, এন চি চি কে ধৰি মুঠ ১৮০ গৰাকীয়ে অংশ গ্ৰহণ কৰে ৷ ১১ অসম আৰক্ষী বেটেলিয়নৰ বেণ্ড ৰ দলটোও এই কুচকাৱাজৰ অংশ আছিল৷ এই অনুষ্ঠানত ৰাষ্ট্ৰীয় একতা দিৱসৰ শপত বাক্যও পাঠ কৰোৱা হয় ৷ আজিৰ  এই অনুষ্ঠানত গোলাঘাটৰ জিলা আয়ুক্তৰ লগতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী ( চি আৰ পি এফ) ৰ ১৪২ নং বেটেলিয়নৰ কমাণ্ডেন্ট সোমনাথ মহাৰাণা, গোলাঘাট পৌৰসভাৰ পৌৰনেত্ৰী দুলুমনি বৰবৰা, অতিৰিক্ত জিলা আয়ুক্ত দামোদৰ বৰ্মন, অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণ্ময় দাস, গোলাঘাট পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ , গোলাঘাটৰ নেতৃস্থানীয় ব্যক্তি আদি উপস্থিত আছিল ।

              পুৱা ১১ বজাত গোলাঘাট  জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত একতাৰ শপত বাক্য পাঠ কৰা হয়। এই অনুস্থানত গোলাঘাটৰ জিলা উন্নয়ন আয়ুক্ত শ্ৰীমতী অৰ্পা বাগলাৰী, গোলাঘাট ৰাজহ চক্ৰৰ চক্ৰবিষয়া শ্ৰীমতী ত্ৰিবেণী গগৈ, সহকাৰী আয়ুক্ত শ্ৰীমতী কৃষ্ণাৰ্পিতা বৰুৱা, সহকাৰী আয়ুক্ত শ্ৰীমতী অন্বেষা ঠাকুৰৰ লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী আৰু জিলা প্ৰশাসনৰ কৰ্মচাৰী সকল উপস্থিত থাকে। গোলাঘাট জিলা বিভিন্ন বিভাগৰ বিভাগীয় কাৰ্যলয়ৰ লগতে গাঁও পঞ্চায়ত সমূহতো ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষ্যে শপত বাক্য পাঠৰ লগতে একতাৰ বাবে দৌৰ কাৰ্যসূচীও সম্পন্ন কৰা হয়৷ 


ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Monday, 30 October 2023

*কুষ্ঠৰোগ চিনাক্তকৰণ অভিযানৰ শুভাৰম্ভণি**৩০ অক্টোবৰ, ২০২৩ ৰ পৰা স্বাস্থ্য বিভাগৰ কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান*

৩০ অক্টোবৰ, ২০২৩, গোলাঘাট  


*কুষ্ঠৰোগ চিনাক্তকৰণ অভিযানৰ শুভাৰম্ভণি*

*৩০ অক্টোবৰ, ২০২৩ ৰ পৰা স্বাস্থ্য বিভাগৰ কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান*

সমগ্ৰ ভাৰতৰ লগতে ৩০ অক্টোবৰ, ২০২৩ তাৰিখৰ পৰা ১২ নৱেম্বৰ, ২০২৩ তাৰিখলৈ অসমত আৰম্ভ হৈছে কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান। এই অভিযান ৰাষ্ট্ৰীয় কুষ্ঠৰোগ নিৰ্মূলকৰণ কাৰ্যসূচীৰ অন্তৰ্গত ৰূপায়ন কৰা হৈছে। 

আজি যুটীয়া স্বাস্থ্য সেৱা সংচালক, গোলাঘাটৰ কাৰ্যালয়ৰ পৰা এখন সজাগতা সমদল মুকলি কৰি এই অভিযানৰ শুভাৰম্ভণি কৰা হয়। সজাগতা সমদল খন মুকলি কৰে গোলাঘাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, ডা: অনুৰাধা বৰুৱায়ে।

আশা কৰ্মী আৰু স্বাস্থ্য বিষয়ায়ে যোগদান কৰা এই সজাগতা সমদলৰ দ্বাৰা ৰাইজক কুষ্ঠৰোগৰ বিষয়ে অৱগত কৰি চিকিৎসা সেৱা গ্ৰহণ কৰাৰ বাবে ওলাই আহিবৰ বাবে অনুপ্ৰেৰণা যগোৱা হয়।

কুষ্ঠৰোগ চিনাক্তকৰণ অভিযানৰ দ্বাৰা গোলাঘাট জিলাৰ ২ বছৰ বয়সৰ ওপৰৰ সমূহ জনসংখ্যক অন্তৰ্ভুক্ত কৰা হব। গোলাঘাট জিলাত মুঠ ২২৮৪০৫ টা ঘৰ নিৰীক্ষণৰ লক্ষ্যৰে কুষ্ঠৰোগ চিনাক্তকৰণ অভিযানৰ দ্বাৰা বিশেষ ভাৱে চাহ বাগান অঞ্চলৰ ওপৰত ঘৰ পৰিদৰ্শনৰ কাৰ্যসূচী তৈয়াৰ কৰা হৈছে। ইয়াৰ বাবে প্ৰত্যেক দিনা এগৰাকী আশাকৰ্মী আৰু এজন পৰীক্ষণ প্ৰাপ্ত পুৰুষ সহায়কে ২৫ তা কৈ ঘৰ নিৰীক্ষণ কৰি সন্দেহজনক কুষ্ঠ ৰোগত ভুগি থকা লোকক চিনাক্ত কৰি নিকটতম স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু জিলা চিকিৎসালয়ত পৰবৰ্তী ৰোগ নিশ্চিতকৰনৰ বাবে দৰকাৰী স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যবস্থা কৰা হব।  

কুষ্ঠৰোগৰ ওপৰত ইতিমধ্যে
সজাগতা বৃদ্ধিৰ হেতু গ্ৰাম সভা,স্বাস্থ্য বিভাগৰ বিভিন্ন সভা, মেলা ইত্যাদিত
জনসাধাৰণৰ মাজত সজাগতা কাৰ্যসূচী হাতত লোৱা হৈছে। লগতে মাইকৰ দ্বাৰা প্ৰচাৰ কৰা হৈছে।

আজিৰ শুভাৰম্ভণি অনুষ্ঠানত
যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, গোলাঘাট, ডা: অনুৰাধা বৰুৱা, কুষ্ঠৰোগ বিভাগৰ জিলা ন'ডেল বিষয়া ডা: ভাৰত ফুকন, মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা: ৰঞ্জিত ভূঞা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাটৰ বিষয়া সকল, 
জিলা কুষ্ঠ বিভাগৰ কৰ্মচাৰী, গোলাঘাট নগৰৰ আশা কৰ্মী আদি উপস্থিত থাকে।

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...