Tuesday, 31 October 2023

সাংস্কৃতিক মহাসংগ্ৰামত যোগদানৰ বাবে প্ৰপত্ৰ জমা দিয়াৰ সময়সীমা ৫ নৱেম্বৰ, ২০২৩ লৈকে বৃদ্ধি

বিশেষ জাননী
৩১/১০/২০২৩

আগন্তুক সাংস্কৃতিক মহাসংগ্ৰামৰ  বাবে ইচ্ছ্যুক প্ৰতিযোগী সকলে এতিয়া এচ এম এচ ( SMS) যোগেদিও সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰতিযোগিতা সমূহত যোগদান কৰিবৰ বাবে পঞ্জীয়ন কৰিব পাৰিব৷ সাংস্কৃতিক মহাসংগ্ৰামৰ একক গীতৰ প্ৰতিযোগিতাত বা দলীয় নৃত্যৰ প্ৰতিযোগিতাত যোগদান কৰিবৰ বাবে +৯১- ৯২২০৫৯২২০৫ নম্বৰলৈ এচ এম এচ পঠিয়াই পঞ্জীয়ন কৰিব পাৰিব৷ তলত সবিশেষ সন্নিবিষ্ট কৰা হ’ল । 

উল্লেখযোগ্য যে সাংস্কৃতিক মহাসংগ্ৰামত যোগদানৰ বাবে প্ৰপত্ৰ জমা দিয়াৰ সময়সীমা ৫ নৱেম্বৰ, ২০২৩ লৈকে বৃদ্ধি কৰা হৈছে৷ ইচ্ছ্যুক প্ৰতিযোগীয়ে ওচৰৰ গাঁও পঞ্চায়ত কাৰ্যলয় অথবা পৌৰসভা আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যলয়ত এই প্ৰপত্ৰ সমূহ জমা দিব পাৰিব৷  এতিয়া নিম্নলিখিত নিৰ্দেশনা মতে এচ এম এচ যোগেদিও যোগদানৰ বাবে পঞ্জীয়ন কৰিব পাৰিব৷ গোলাঘাট জিলা প্ৰশাসনৰ ফালৰ পৰা সকলো ইচ্ছ্যুক প্ৰতিযোগীকে সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰতিযোগিতা সমূহত যোগদান কৰিবৰ বাবে পুনৰ বাৰ অনুৰোধ জনোৱা হ’ল৷

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...