Thursday, 19 October 2023

২০২৩ বৰ্ষত দূৰ্গাপূজা উদযাপন

যোৱা ১০ অক্টোবৰ তাৰিখে গোলাঘাট জিলাৰ জিলা আয়ুক্ত কাৰ্যলয়ৰ সভাগৃহত, ২০২৩ বৰ্ষত দূৰ্গাপূজা উদযাপন উপলক্ষ্যে হোৱা ৰাজহুৱা সভাৰ কাৰ্যবিৱৰণী   ৰাইজৰ বাবে আগবঢ়োৱা হ’ল৷

NORTHEAST NEWS INDIA

Tuesday, 17 October 2023

*গোলাঘাট জিলা আয়ুক্তৰ সভাগৃহত দুৰ্যোগ ব্যৱস্থাপনা সন্দৰ্ভত পৰ্য্যালোচনা সভা অনুষ্ঠিত*

১৭ অক্টোবৰ, ২০২৩,গোলাঘাট:   

*গোলাঘাট জিলা আয়ুক্তৰ সভাগৃহত  দুৰ্যোগ ব্যৱস্থাপনা সন্দৰ্ভত পৰ্য্যালোচনা সভা  অনুষ্ঠিত*

   আজি গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত জিলা আয়ুক্ত কাৰ্যলয়ৰ সভাগৃহত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকাৰী আৰু বিভাগীয়া প্ৰতিনিধি সকলৰ মাজত এখন গুৰুত্বপূৰ্ণ পৰ্য্যালোচনা বৈঠক অনুষ্ঠিত  হয়। এই সভাত সভাপতিত্ব কৰে গোলাঘাট জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত দামোদৰ বৰ্মনদেৱে৷ উক্ত সভাত ২০২৩ বৰ্ষৰ  প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে বিভিন্ন বিভাগে খতিয়ান ডাঙি ধৰা হয়। এই ক্ষেত্ৰত মইনাপাৰাত হৈ থকা খহনীয়াৰ কথা বিশেষভাৱে আলোচনা কৰা হয়।

 আজিৰ এই সভাত গোলাঘাটৰ  আৰক্ষী অধীক্ষক ৰাজেন সিং, বোকাখাতৰ মহকুমাধিপাতি চিমি কিৰণ, জিলা প্ৰশাসনৰ বিষয়া সকলৰ লগতে কৃষি , শিক্ষা, লোক নিৰ্মাণ বিভাগ, এই পি ডি চি এল,  আই চি ডি এছ , জলসম্পদ, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ বিষয়া সকল আৰু অসম গেছ কোম্পানীৰ প্ৰতিনিধিও উপস্থিত থাকে।

*ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

Monday, 16 October 2023

*সামূহিক উন্নয়ন প্ৰকল্প সম্পৰ্কে কৃষি মন্ত্ৰী অতুল বৰাৰ গোলাঘাটত পৰ্য্যালোচনা সভা৷*

১৬ অক্টোবৰ, ২০২৩: গোলাঘাট

 *সামূহিক উন্নয়ন প্ৰকল্প সম্পৰ্কে কৃষি মন্ত্ৰী অতুল বৰাৰ গোলাঘাটত পৰ্য্যালোচনা সভা৷* 

আজি গোলাঘাটৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত ৰাজ্যৰ কৃষি, পশুপালন ইত্যাদি বিভাগৰ মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত “Community Development Programme” ( সামূহিক উন্নয়ন প্ৰকল্প)  ৰ এখন সভা অনুস্থিত হয়। সভাত গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ কৃষকসকলৰ লগত উৎপাদক কোম্পানীক জড়িত কৰি বহুমুখী কৃষি প্ৰকল্পৰ ৰূপায়ণৰ কাম আৰম্ভ কৰাৰ বিষয়ে আলোচনা কৰা হয়। মন্ত্ৰী গৰাকীয়ে উক্ত আঁচনিখনৰ অধীনত বোকাখাতত কাৰ্যকৰী হৈ থকা কৃষি প্ৰকল্পৰ শেহতীয়া স্থিতি সম্পৰ্কে বুজ লয়। জিলা পৰ্যায়ৰ প্ৰকল্প ৰূপায়ণ আৰু নিৰীক্ষণ সমিতি সৈতে জড়িত কৃষি, পশুপালন আৰু পশু চিকিৎসা, মীন, ৰেচম, হস্ততাঁত আৰু বস্ত্ৰশিল্প আদি বিভাগৰ বিষয়াৰপৰা মন্ত্ৰী গৰাকীয়ে বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়।

            সভাত গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণ, বোকাখাতৰ মহকুমাধিপতি  চিমি কৰন, জিলা পশুপালন বিষয়া ড. সত্য দত্ত, মীন বিষয়া সীমান্ত কোঁৱৰ, কৃষি বিভাগৰ ৰঞ্জন বৰুৱাৰ লগতে প্ৰকল্প ৰূপায়ণ সমিতিৰ সৈতে জড়িত সংশ্লিষ্ট বিভাগৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে।

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

*অসম মাইক্ৰোফাইনেন্স উদগনি আৰু সকাহ আঁচনি - ২০২১ ৰ অধীনত 'বকেয়া নথকাৰ প্ৰমাণপত্ৰ ' বিতৰণী অনুষ্ঠান*

১৬ অক্টোবৰ, ২০২৩: গোলাঘাট


*অসম মাইক্ৰোফাইনেন্স উদগনি আৰু সকাহ আঁচনি - ২০২১ ৰ অধীনত 'বকেয়া নথকাৰ প্ৰমাণপত্ৰ ' বিতৰণী অনুষ্ঠান*

           আজি গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত গোলাঘাট জিলাৰ সমন্বয় ক্ষেত্ৰত ৰাজ্যৰ কৃষি, পশুপালন ইত্যাদি বিভাগৰ মাননীয় মন্ত্ৰী  অতুল বৰাৰ উপস্থিতিত "অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১"ৰ অধীনত বিভিন্ন সংস্থাৰ পৰা ঋণ লোৱা জিলাখনৰ ঋণী মহিলাসকলক 'বকেয়া নথকা প্ৰমাণ-পত্ৰ' প্ৰদান  আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়।

             অনুস্থানটোৰ মূখ্য অতিথি মাননীয় মন্ত্ৰী অতুল বৰাই ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰপৰা ঋণ গ্ৰহণ কৰি অসুবিধাৰ সন্মুখীন হৈ থকা ঋণগ্ৰস্ত মহিলাসকলক সকাহ প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে ২০২১ চনত গ্ৰহন কৰা এই বৃহৎ আঁচনিখনৰ বাবেই আজি অসমৰ মহিলাসকলে মাইক্ৰ'ফাইনেন্সৰ ঋণৰ বোজাৰ পৰা উদ্ধাৰ পাবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে।  মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসম চৰকাৰে মহিলা সবলীকৰণত যথেষ্ট অগ্ৰাধিকাৰ দি উন্নয়নৰ এক নৱজাগৰণৰ সৃষ্টি কৰিছে। চৰকাৰে গ্ৰহণ কৰা  এনে ধৰনৰ পদক্ষেপে মহিলা সকলক আৰ্থিকভাৱে যথেষ্ট সকাহ দিবলৈ সক্ষম হৈছে বুলি তেখেতে জনায়।

           উল্লেখযোগ্য যে,এই আচঁনিত ৩টা পৰ্য্যন্ত ল’ন দিয়া হৈছে আৰু ১.২৫ লাখ টকালৈকে ঋন লোৱা সকলক সামৰি লোৱা হৈছে৷ অনুস্থানটিত সৰুপথাৰ সমষ্টিৰ বিধায়ক  বিশ্বজিৎ ফুকনেও এই আচনিখনৰ সবল দিশ সমূহৰ ওপৰত বক্তব্য আগবঢায়।গোলাঘাট জিলাৰ আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণে আদৰণি ভাষনত এই আঁচনিখনৰ তৃতীয় পৰ্যায়ত গোলাঘাট জিলাৰ ১৯,৩৫২ গৰাকী মহিলা উপকৃত হ'ব বুলি জনায়।

            আজিৰ অনুষ্ঠানত সৰুপথাৰৰ  বিধায়ক  বিশ্বজিৎ ফুকন, গোলাঘাটৰ জিলা উন্নয়ন আয়ুক্ত  অৰ্পা বাগলাৰী, গোলাঘাট জিলা পৰিষদৰ অধ্যক্ষা  হেলিনা দলে পেগু, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া  ধীৰাজ দাস, গোলাঘাট জিলা বিজেপি আৰু অগপৰ সভাপতিদ্বয় দেৱপ্ৰদীপ বৰা আৰু ড° নৃপেন বৰুৱা, গোলঘাট পৌৰসভাৰ পৌৰনেত্ৰী দুলুমণি বৰবৰা, অতিৰিক্ত আয়ুক্ত  ৱাছবীৰ ছুভানী, গোলাঘাট সদৰৰ মহকুমাধিপতি পাপৰি দাস প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য বিষয়াসকল, বিশিষ্ট ব্যক্তিসকল, অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিখনৰ হিতাধিকাৰীসকলৰ লগতে বহু সংখ্যক ৰাইজ উপস্থিত থাকে।

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Sunday, 15 October 2023

কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বক্ষ্ৰপূত্ৰ ভলীবল লীগৰ চতুৰ্থটো পৰ্য্যায়ৰ খেল সম্পন্ন

১৫ অক্টোবৰ, ২০২৩: গোলাঘাট

             আজি গোলাঘাট জিলাৰ কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বক্ষ্ৰপূত্ৰ ভলীবল লীগৰ চতুৰ্থটো পৰ্য্যায়ৰ খেল সম্পন্ন হয় ।  কমাৰবন্ধা ক্ৰীড়া সংস্থাই কমাৰবন্ধা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত আয়োজিত কৰা এই লীগ  উদ্ধোধন কৰে গোলাঘাট জিলাৰ জিলা আয়ুক্ত ড° পি উদয় প্ৰৱীণ মহোদয়ে ৷ প্ৰখ্যাত ভলীবল খেলুৱৈ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় ভলীবল দলৰ প্ৰাক্তন কেপ্তেইন ৱাই চুব্বা ৰাও আৰু যশস্বী সাংবাদিক মৃণাল তালুকদাৰ মুখ্য  অতিথি হিচাপে থকা আজিৰ এই উদ্ধোধনী অনুষ্ঠানত কৃতী ভলীবল খেলুৱৈক সম্বৰ্ধনা জনোৱাৰ লগতে  লীগৰ খেলৰ আৰম্ভণি তথা কেইবাটাও সাংস্কৃতিক অনুষ্ঠানো কৰা হয়৷ 

             আজিৰ এই উদ্বোধনী অনুষ্ঠানত ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন কেপ্তেইন শ্ৰী অভিজিত ভট্াচাৰ্য, অসম ক্ৰিকেট সংস্থাৰ  প্ৰাক্তন উপ-সভাপতি শ্ৰী পৰীক্ষিত দত্তক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷

              আজিৰ সভাত গোলাঘাটৰ জিলা আয়ুক্ত ডা° পি উদয় প্ৰৱীনে উদ্বোধনী ভাষণত উদ্যেক্তা সকলে লোৱা এই প্ৰচেষ্টাৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে অসমৰ গাঁৱে ভূঁৱে যাতে এই লীগে প্ৰসাৰ লাভ কৰে আৰু সৰ্বভাৰতীয় পৰ্য্যায়ত জিলিকি উঠে সেয়া কামনা কৰে৷ সভাত উপস্থিত থকা বিশিষ্ট সাংবাদিক , লেখক মৃণাল তালুকদাৰে গ্ৰামাঞ্চলত এনে বিশাল আয়োজনেৰে ভলীবল লীগ অনুষ্ঠিত কৰা প্ৰয়াস দেখি অভিভূত হৈ পৰা বুলি বক্তব্য ৰাখে৷ সভাত উপস্থিত থকা প্ৰখ্যাত ভলীবল খেলুৱৈ ৱাই চুব্বা ৰাওয়ে গ্ৰামাঞ্চলৰ খেলুৱৈ সকলক উদগনি জনোৱাৰ লগতে আৰু আগবাঢ়ি  যোৱাৰ পৰামৰ্শ প্ৰদান কৰে৷ আজিৰ সভাত উপস্থিত থকা নুমলীগড় শোধনাগাৰৰ মুখ্য পৰিচালন সঞ্চালক ড° কাজল শইকীয়াই কমাৰবন্ধা ক্ৰীড়া সংস্থাৰ এই উদ্যেগক নুমলীগড় শোধনাগাৰ ৰ পৰা কিদৰে সহায় কৰা হৈছে আৰু আগলৈও উদগনি জনাবলৈ সাজু থকাৰ কথা তেখেতৰ ভাষণত উল্লেখ কৰে৷ 

               আজিৰ উদ্ধোধনী অনুষ্ঠানত গোলাঘাট ক্ৰীড়া সংস্থাৰ সভাপতি ডা° অজিত বৰুৱা, সম্পাদক শ্ৰী সঞ্জীৱ সন্দিকৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, খেলুৱৈ আৰু স্থানীয় ৰাইজ উপস্থিত আছিল৷ 

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

 NORTHEAST NEWS INDIA

মোৰ মাটি মোৰ দেশ” ৰ অন্তৰ্গত অমৃত কলহ যাত্ৰা কাৰ্যসূচীৰ অনুষ্ঠান আয়োজন

১৫ অক্টোবৰ, ২০২৩: গোলাঘাট

           আজি গোলাঘাট জিলাৰ বীৰাংগনা সতী সাধনী কলাক্ষেত্ৰৰ সভাকক্ষত “মোৰ মাটি মোৰ দেশ” ৰ অন্তৰ্গত অমৃত কলহ যাত্ৰা কাৰ্যসূচীৰ অনুষ্ঠান আয়োজন কৰা হয়৷  গোলাঘাট জিলাৰ সকলো পৌৰসভাৰ পৰা মাটি আনি আজিৰ অনুষ্ঠানত  একত্ৰিত কৰা হয়। এই অনুস্থানত অসম চৰকাৰৰ বিত্ত ইত্যাদি বিভাগৰ মন্ত্ৰী মাননীয়া শ্ৰীযুতা অজন্তা নেওঁগে মূখ্য অতিথি হিচাপে অংশগ্ৰহন কৰে। অনুস্থানত বোকাখাত, দেৰগাঁও, সৰুপথাৰ আৰু বৰপথাৰ পৌৰসভাৰ পৰা পৌৰপতি সকলৰ লগতে ভালে সংখ্যক লোকে মাটিৰ সৈতে শোভাযাত্ৰা কৰি অনুস্থানৰ উদ্যোক্তা হিচাপে থকা গোলাঘাট পৌৰসভাক যোগদান কৰে। অনুস্থানত মাননীয়া মন্ত্ৰী গৰাকীয়ে আনুস্থানিক ভাৱে সকলো পৌৰসভাৰ মাটি একগোট কৰি নিৰ্দিষ্ট পিতলৰ কলহত আগন্তুক যাত্ৰাৰ বাবে ভৰায়। উল্লেখযোগ্য যে পিতলৰ কলহৰ সৈতে এই মাটি পিছৰ পৰ্য্যায়ৰ কাৰ্যসূচীৰ অংশ হিচাপে দিল্লীলৈ লৈ যোৱা হ’ব৷ 

               আজিৰ সভাত ভাষণ দি মাননীয় মন্ত্ৰী গৰাকীয়ে অমৃত কলহ যাত্ৰাৰ দৰে মহৎ কাৰ্য্যক্ৰমৰ দ্বাৰা দেশৰ প্ৰতিজন নাগৰিকৰ মনত দেশপ্ৰেমৰ ভাৱ জগাই তুলিছে বুলি উল্লেখ কৰাৰ লগতে দেশৰ প্ৰতি জীৱন উৎচৰ্গা কৰা প্ৰতিগৰাকী শ্বহীদ আৰু বীৰক শ্ৰদ্ধাৰে সোঁৱৰে। মন্ত্ৰী গৰাকীয়ে লগতে প্ৰতিজন নাগৰিককে দাসত্বৰ মনোভাৱ ত্যাগ কৰি আত্মনিৰ্ভৰশীল হবলৈ আহ্বান জনায়। 

                   কাৰ্য্যক্ৰমৰ আৰম্ভনিতে গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণে আদৰনি ভাষণ আগবঢায়। আদৰণি ভাষণত জিলা আয়ুক্ত গৰাকীয়ে অমৃত কলহ যাত্ৰাই দেশলৈ কিভাৱে একতাৰ ভাৱ কঢ়িয়াই আনিছে সেয়া কয়। গোলাঘাটৰ বিশিষ্ট ব্যক্তি তথা অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° তৰালি গগৈয়ে মোৰ মাটি মোৰ দেশৰ ওপৰত বক্তব্য  আগবঢায় আৰু ইয়াৰ তাৎপৰ্য ব্যাখ্যা কৰে৷ 

                  অনুস্থানত গোলাঘাটৰ জিলা উন্নয়ন আয়ুক্ত শ্ৰীমতী অৰ্পা বাগলাৰী, গোলাঘাট পৌৰসভাৰ পৌৰনেত্ৰী শ্ৰীমতী দুলুমনি বৰবৰা, দেৰগাঁৱৰ পৌৰনেত্ৰী শ্ৰীমতী ৰূপাঞ্জলী ফুকন, বৰপথাৰৰ পৌৰপতি শ্ৰীযুত সঞ্জীৱ বৰুৱা, সৰুপথাৰৰ পৌৰনেত্ৰী শ্ৰীমতী ঊষা ভিলুৱাৰিয়া, বোকাখাতৰ পৌৰপতি শ্ৰী ৰত্নেশ্বৰ বৰুৱাৰ লগতে পৌৰসভাৰ সমূহৰ কাৰ্য্যবাহী বিষয়া সকল, গোলাঘাটৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

কাজিৰঙা পৰ্য্যটন ক্ষেত্ৰ পৰ্য্যটক সকলৰ বাবে মুকলি

১৫ অক্টোবৰ, ২০২৩: গোলাঘাট

আজি ইংৰাজী ১৫ অক্টোবৰ ২০২৩ তাৰিখে ৰাজ্যৰ বন আৰু পৰিবেশ ইত্যাদি বিভাগৰ মন্ত্ৰী শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰীয়ে কাজিৰঙা পৰ্য্যটন ক্ষেত্ৰ পৰ্য্যটক সকলৰ বাবে মুকলি কৰে। অনুস্থানৰ আৰম্ভণীতে মন্ত্ৰী গৰাকীয়ে কাজিৰঙা স্থিত P D Strachey পুথিভৰাল উদ্ধোধন কৰে আৰু লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালকালয়ৰ দ্বাৰা প্ৰকাশিত “Eastern Swamp Deer in Kaziranga National Park and Tiger Reserve Assam, India status and Distribution” শীৰ্ষক আৰু শ্রী বুবুল শৰ্মা দ্বাৰা লিখিত “হাতী আৰু মাউত” শীৰ্ষক কিতাপ কেইখনৰ উন্মোচন কৰে। ইয়াৰ পিছতে তেখেতে পৰ্য্যটকৰ বাবে এটা চাইকেল আস্থান মুকলি কৰে। ইয়াৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী কেন্দ্ৰটো মুকলি কৰে। সমগ্ৰ অনুস্থাতটোত মন্ত্ৰী গৰাকীৰ লগতে ৰাজ্যৰ কৃষি, পশুপালন ইত্যাদি বিভাগৰ মন্ত্ৰী শ্ৰীযুত অতুল বৰা, গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণ, বোকাখাটৰ মহকুমাধিপতি শ্ৰীমতী চিমি কৰন, গোলাঘাটৰ আৰক্ষী অধীক্ষক শ্ৰীযুত ৰাজেন সিং, প্ৰধান মূখ্য বন সংৰক্ষক তথা বনবল মূৰব্বী (অসম) শ্ৰীযুত এম কে যাদৱ, প্ৰধান বন সংৰক্ষক (বন্যপ্ৰানী) আৰু মুখ্য বন্যপ্ৰানী প্ৰৱন্ধক শ্ৰীযুত সন্দীপ কুমাৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক সোনালী ঘোষ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব অসম বন সংমণ্ডলৰ প্ৰাধিকাৰী শ্ৰীযুত অৰুণ বিঘ্নেশ, আৰু অন্যান্য বিষয়া সকল উপস্থিত থাকে। অনুস্থানৰ পিছতে মন্ত্ৰীদ্বয়ে মিহিমূখৰ পৰা জীপ ছাফাৰীত অংশগ্ৰহন কৰে। শেষত মন্ত্ৰী মহোদয়ে “বন-সৃষ্টি” আৰু “অসমী” নামৰ কাজিৰঙাস্থিত দুটা Eco Development Committee তথা আত্মসহায়ক গোট আৰু বিবেচন কেন্দ্ৰ মুকলি কৰে।

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...