১৩ অক্টোবৰ, ২০২৩: গোলাঘাট
অসম চৰকাৰে শৈক্ষিক ক্ষেত্ৰখনত ছাত্ৰ-ছাত্ৰীসকলৰ কল্যাণৰ অৰ্থে লোৱা বিভিন্ন পদক্ষেপসমূহৰ ভিতৰত উল্লেখযোগ্য এক পদক্ষেপ হিচাপে আজি সমগ্ৰ অসমৰ জিলাসমূহত মাননীয় মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অন্তৰ্গত নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিনামূলীয়া বাইচাইকেল বিতৰণ
কৰা হয়৷ এই আঁচনিৰ অধীনত আজি গোলাঘাট জিলাৰ সমন্বয় ক্ষেত্ৰত আয়োজিত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে
অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত ৷ গোলাঘাট জিলাৰ নৱম মান শ্ৰেণীৰ মুঠ ১২,১৫৩ ছাত্র-ছাত্ৰীক মূখ্যমন্ত্রী বিশেষ আচনিৰ অধীনত আজি চাইকেল প্ৰদান কৰা হয়। অনুষ্ঠানত প্ৰতীকি হিচাপে গোলাঘাট জিলাৰ ৫ গৰাকী ছাত্ৰ ছাত্ৰী, ক্ৰমে কস্তুৰি ফুকন, জয়দ্বীপ মজুমদাৰ, স্বপ্নিল বৰুৱা, অন্বেষা কৌশিক আৰু প্ৰতিভা জয়সোৱালক খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ উপস্থিতিত নিজ হাতে চাইকেল বিতৰণ কৰে মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্তই।
মূখ্য অতিথি ভাষনত তেখেতে নিজৰ বিদ্যালয়ৰ দিনৰ মধুৰ স্মৃতি সোঁৱৰণ কৰি কয় যে যুগৰ পৰিবৰ্তন হোৱাৰ লগে লগে বিদ্যালয়ত শিক্ষাৰ মান উন্নত কৰাৰ উপৰিও আন্তঃগাঠনি উন্নত কৰি শিক্ষাৰ মানদণ্ড বৃদ্ধি কৰাত চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। তেখেতে উল্লখ কৰে যে নেদাৰলেণ্ডৰ দৰে দেশত আৰু আই আই টিৰ দৰে শিক্ষানুষ্ঠানত সাধাৰন ৰাইজ, অধ্যাপক আৰু শিক্ষাৰ্থী সকলেও যাতায়াতৰ বাবে চাইকেল ব্যৱহাৰ কৰে ৷ তেখেতে চৰকাৰী বিদ্যালয়ত মাতৃ ভাষা তথা ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণৰ প্ৰতি শীঘ্ৰে সুব্যৱস্থা লব বুলিও আশ্বাস প্ৰদান কৰে।
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা খুমটাই বিধান সভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ উল্লেখ কৰে যে চাইকেল তেতিয়া অভিজাত্যৰ চিন আছিল। তেখেতে কয় যে তেখেতে দৈনিক পাঁচৰ পৰা দহ কিলোমিটাৰ চাইকেল চলায়। গোলকীয় উষ্ণতা নিয়ন্ত্ৰণ আৰু জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰতো চাইকেলে লব পৰা ভূমিকাৰ বিষয়ে তেখেতে ভাষণত কয় ।
গোলাঘাটৰ জিলা আয়ুক্ত ড০ পি উদয় প্ৰবীনে আদৰণি ভাষণত যাতায়ত, অধ্যয়নৰ সময় বৃদ্ধি, আৰ্থিক সকাহ আৰু পৰিৱেশ তথা স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰতো আজি বিতৰন কৰা চাইকেলে কেনে ভূমিকা লব পাৰে তাৰ বিষয়ে ভাষনত উল্লেখ কৰে৷ তেখেতে লগতে আজিৰ অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰি উপস্থিত থকা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্তক ধন্যবাদ জনায়৷ আজিৰ অনুষ্ঠানত গোলাঘাট জিলা পৰিষদৰ সভানেত্ৰী শ্ৰীমতী হেলিনা দলে পেগু, গোলাঘাট পৌৰসভাৰ সভানেত্ৰী শ্ৰীমতী দুলুমনি বৰবৰা, জিলা উন্নয়ন আয়ুক্ত শ্ৰীমতী অৰ্পা বাগলাৰী, গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ধীৰাজ দাস, বিদ্যালয় সমূহৰ পৰিদৰ্শক ড° সমীৰণ বৰা, জিলা প্ৰশাসনৰ বিভিন্ন বিষয়ববীয়া সকল, গোলাঘাটৰ নেতৃস্থানীয় ব্যক্তিসকল আৰু ছাত্ৰ - ছাত্ৰী সকলৰ লগতে অভিভাৱক সকল উপস্থিত আছিল l
ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট৷ NORTHEAST NEWS INDIA