১৫ অক্টোবৰ, ২০২৩: গোলাঘাট
আজি গোলাঘাট জিলাৰ কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বক্ষ্ৰপূত্ৰ ভলীবল লীগৰ চতুৰ্থটো পৰ্য্যায়ৰ খেল সম্পন্ন হয় । কমাৰবন্ধা ক্ৰীড়া সংস্থাই কমাৰবন্ধা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত আয়োজিত কৰা এই লীগ উদ্ধোধন কৰে গোলাঘাট জিলাৰ জিলা আয়ুক্ত ড° পি উদয় প্ৰৱীণ মহোদয়ে ৷ প্ৰখ্যাত ভলীবল খেলুৱৈ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় ভলীবল দলৰ প্ৰাক্তন কেপ্তেইন ৱাই চুব্বা ৰাও আৰু যশস্বী সাংবাদিক মৃণাল তালুকদাৰ মুখ্য অতিথি হিচাপে থকা আজিৰ এই উদ্ধোধনী অনুষ্ঠানত কৃতী ভলীবল খেলুৱৈক সম্বৰ্ধনা জনোৱাৰ লগতে লীগৰ খেলৰ আৰম্ভণি তথা কেইবাটাও সাংস্কৃতিক অনুষ্ঠানো কৰা হয়৷
আজিৰ এই উদ্বোধনী অনুষ্ঠানত ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন কেপ্তেইন শ্ৰী অভিজিত ভট্াচাৰ্য, অসম ক্ৰিকেট সংস্থাৰ প্ৰাক্তন উপ-সভাপতি শ্ৰী পৰীক্ষিত দত্তক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷
আজিৰ সভাত গোলাঘাটৰ জিলা আয়ুক্ত ডা° পি উদয় প্ৰৱীনে উদ্বোধনী ভাষণত উদ্যেক্তা সকলে লোৱা এই প্ৰচেষ্টাৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে অসমৰ গাঁৱে ভূঁৱে যাতে এই লীগে প্ৰসাৰ লাভ কৰে আৰু সৰ্বভাৰতীয় পৰ্য্যায়ত জিলিকি উঠে সেয়া কামনা কৰে৷ সভাত উপস্থিত থকা বিশিষ্ট সাংবাদিক , লেখক মৃণাল তালুকদাৰে গ্ৰামাঞ্চলত এনে বিশাল আয়োজনেৰে ভলীবল লীগ অনুষ্ঠিত কৰা প্ৰয়াস দেখি অভিভূত হৈ পৰা বুলি বক্তব্য ৰাখে৷ সভাত উপস্থিত থকা প্ৰখ্যাত ভলীবল খেলুৱৈ ৱাই চুব্বা ৰাওয়ে গ্ৰামাঞ্চলৰ খেলুৱৈ সকলক উদগনি জনোৱাৰ লগতে আৰু আগবাঢ়ি যোৱাৰ পৰামৰ্শ প্ৰদান কৰে৷ আজিৰ সভাত উপস্থিত থকা নুমলীগড় শোধনাগাৰৰ মুখ্য পৰিচালন সঞ্চালক ড° কাজল শইকীয়াই কমাৰবন্ধা ক্ৰীড়া সংস্থাৰ এই উদ্যেগক নুমলীগড় শোধনাগাৰ ৰ পৰা কিদৰে সহায় কৰা হৈছে আৰু আগলৈও উদগনি জনাবলৈ সাজু থকাৰ কথা তেখেতৰ ভাষণত উল্লেখ কৰে৷
আজিৰ উদ্ধোধনী অনুষ্ঠানত গোলাঘাট ক্ৰীড়া সংস্থাৰ সভাপতি ডা° অজিত বৰুৱা, সম্পাদক শ্ৰী সঞ্জীৱ সন্দিকৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, খেলুৱৈ আৰু স্থানীয় ৰাইজ উপস্থিত আছিল৷
ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA