Saturday, 14 October 2023

মক্ৰং চাহ বাগিছাত মহিলা আৰু শিশু বিকাশ বিভাগৰ দ্বাৰা চাহ বাগিছা অঞ্চলত ''মহিলাৰ নিৰাপত্তা, সুৰক্ষা আৰু সৱলীকৰণৰ '' উদেশ্যৰে এখনি সভা অনুস্থিত

১৪ অক্টোবৰ, ২০২৩: গোলাঘাট

ৰাজ্যৰ মহিলা আৰু শিশু সকলৰ সবৰ্তোপ্ৰকাৰৰ বিকাশত গুৰুত্ব দিয়া ৰাজ্য চৰকাৰে মিছন শক্তিৰ অধীনত লোৱা বিভিন্ন কাৰ্যসূচীৰ অংশ হিচাপি আজি ইংৰাজী ১৪ অক্টোবৰ ২০২৩ তাৰিখে গোলঘাট জিলাৰ মক্ৰং চাহ বাগিছাত মহিলা আৰু শিশু বিকাশ বিভাগৰ দ্বাৰা চাহ বাগিছা অঞ্চলত ''মহিলাৰ নিৰাপত্তা, সুৰক্ষা আৰু সৱলীকৰণৰ '' উদেশ্যৰে এখনি সভা অনুস্থিত হয়। উক্ত সভাত অসম চৰকাৰৰ বিত্ত আৰু মহিলা শিশু বিকাশ বিভাগৰ মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওঁগ ,  ৰাজ্যসভাৰ সাংসদ শ্ৰী কামাখ্যা প্ৰসাদ তাছা , মহিলা আৰু শিশু বিকাশ বিভাগৰ সঞ্চালক শ্ৰী বিভাষ মোডী, গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণ, গোলাঘাট জিলা পৰিষদৰ সভানেত্ৰী শ্ৰীমতী হেলিনা দলে পেগু, গোলাঘাটৰ আৰক্ষী অধীক্ষক শ্ৰীযুত ৰাজেন সিং, সদৰ মহকুমাধিপতি  শ্ৰীমতী পাপৰি দাস,  বিশিষ্ট সমাজকৰ্মী শ্ৰীমতী দেৱপ্ৰদীপ বৰুৱা, আটচাৰ সাধাৰণ সম্পাদক জগদিশ বাৰাইক, বিশিষ্ট সমাজকৰ্মী সঞ্জয় কৃষ্ণ তাঁতী আৰু অনেক  গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে ।

 অনুস্থানৰ আৰম্ভনিতে চাহ বাগানৰ কিশোৰী আৰু মহিলা সকলৰ দ্বাৰা নাৰী সজাগতা সুৰক্ষা আৰু সবলীকৰণৰ উদেশ্য এক শুভাযাত্ৰা অনুষ্ঠিত হয়। ইয়াৰ পিছত মন্ত্ৰী মহোদয়াই মিছন শক্তিৰ পতাকা আৰু  ষ্টলৰ ফিটা কাটি উদ্ধোধন কৰে । মহিলা আৰু শিশু বিকাশ বিভাগৰ সঞ্চালক বিভাষ মোডীয়ে সভাৰ উদ্বোধনী ভাষণ প্ৰদান কৰে । ভাষনত তেখেতে নাৰী সকলৰ সবলীকৰণ, সুৰক্ষা আৰু নিৰাপত্তাৰ দিশৰ ওপৰত আলোকপাত কৰে। ইয়াৰ পিছতে মন্ত্ৰী মহোদয়াই মহিলাৰ নিৰাপত্তা আৰু সৱলীকৰণৰ প্ৰযোজনীয়তা আৰু চাহ বাগিছাৰ অঞ্চল সমূহৰ মহিলা শিশুৰ সমস্যাৰ আৰু আমাৰ কৰণীয় দিশ সমূহৰ সম্পৰ্কে বক্তব্য দিয়ে।  ইয়াৰ লগতে মহিলা আৰু শিশুসকলৰ স্বাস্থ্যৰ প্ৰতি লবলগীয়া যতনৰ বিষয়টোৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ৰাজ্যসভাৰ সাংসদ তাচায়ে বাগান অঞ্চলৰ বিভিন্ন সামাজিক সমস্যা সমূহ আৰু বাগান কতৃপক্ষৰ ভূমিকা সম্পৰ্কে মতামত আগবঢ়ায়। ইয়াৰ লগতে চাহবাগান অঞ্চলৰ উন্নয়নৰ কাৰনে চৰকাৰে আগবঢ়োৱা ব্যৱস্থা সম্পৰ্কে অৱগত কৰে।

সভাত গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰৱীনে চাহ বাগিছা অঞ্চলৰ মহিলা আৰু গৰ্ভৱতী মহিলাৰ স্বাস্থ্যৰ সমস্যাৰ দিশৰ ওপৰত মতামত আগঢ়ায়। বাগান এলেকাৰ বাসিন্দা সকলৰ আধাৰ আৰু বেংক একাউন্ট সম্পৰ্কীয় সমস্যা সমাধানৰ কাৰণে জিলা প্ৰশাসনে প্ৰয়োজনীয় ব্যবস্থা গ্ৰহন কৰাৰ আশ্বাস দিয়ে।  জিলা আৰক্ষী আয়ুক্ত শ্ৰী ৰাজেন সিঙে চাহবাগিচাৰ মহিলা আৰু কিশোৰ কিশোৰ তথা শিশু সুৰক্ষাৰ দিশতোৰ ওপৰত আলোকপাত কৰি চৰকাৰে লোৱা ব্যৱস্থা সমূহৰ বিষয়ে অৱগত কৰে৷

মক্ৰং চাহবাগিচাকে ধৰি জিলাখনৰ বহু চাহ বাগিচাৰ সহস্ৰাধিক মহিলাকে ধৰি সাধাৰন ৰাইজে আজিৰ সভাত অংশগ্ৰহণ কৰে৷

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Friday, 13 October 2023

নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিনামূলীয়া বাইচাইকেল বিতৰণ

১৩ অক্টোবৰ, ২০২৩: গোলাঘাট

      অসম চৰকাৰে শৈক্ষিক ক্ষেত্ৰখনত ছাত্ৰ-ছাত্ৰীসকলৰ কল্যাণৰ অৰ্থে লোৱা বিভিন্ন পদক্ষেপসমূহৰ ভিতৰত উল্লেখযোগ্য এক পদক্ষেপ হিচাপে আজি সমগ্ৰ অসমৰ জিলাসমূহত মাননীয় মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অন্তৰ্গত নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিনামূলীয়া বাইচাইকেল বিতৰণ কৰা হয়৷ এই আঁচনিৰ অধীনত আজি গোলাঘাট জিলাৰ সমন্বয় ক্ষেত্ৰত আয়োজিত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে  
 অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত ৷ গোলাঘাট জিলাৰ নৱম মান  শ্ৰেণীৰ মুঠ ১২,১৫৩ ছাত্র-ছাত্ৰীক মূখ্যমন্ত্রী বিশেষ আচনিৰ অধীনত আজি চাইকেল প্ৰদান কৰা হয়। অনুষ্ঠানত প্ৰতীকি হিচাপে গোলাঘাট জিলাৰ ৫ গৰাকী ছাত্ৰ ছাত্ৰী, ক্ৰমে কস্তুৰি ফুকন, জয়দ্বীপ মজুমদাৰ, স্বপ্নিল বৰুৱা, অন্বেষা কৌশিক আৰু প্ৰতিভা জয়সোৱালক খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ উপস্থিতিত নিজ হাতে চাইকেল বিতৰণ কৰে মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্তই।

            মূখ্য অতিথি ভাষনত তেখেতে নিজৰ বিদ্যালয়ৰ দিনৰ মধুৰ স্মৃতি সো‌ঁৱৰণ কৰি কয় যে যুগৰ পৰিবৰ্তন হোৱাৰ লগে লগে বিদ্যালয়ত শিক্ষাৰ মান উন্নত কৰাৰ উপৰিও  আন্তঃগাঠনি উন্নত কৰি শিক্ষাৰ মানদণ্ড বৃদ্ধি কৰাত চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিছে।  তেখেতে উল্লখ কৰে যে নেদাৰলেণ্ডৰ দৰে দেশত আৰু আই আই টিৰ দৰে শিক্ষানুষ্ঠানত  সাধাৰন ৰাইজ, অধ্যাপক আৰু শিক্ষাৰ্থী সকলেও  যাতায়াতৰ বাবে চাইকেল ব্যৱহাৰ কৰে ৷ তেখেতে চৰকাৰী বিদ্যালয়ত মাতৃ ভাষা তথা ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণৰ প্ৰতি শীঘ্ৰে সুব্যৱস্থা লব বুলিও আশ্বাস প্ৰদান কৰে।

              সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা খুমটাই বিধান সভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ উল্লেখ কৰে যে  চাইকেল তেতিয়া অভিজাত্যৰ চিন আছিল। তেখেতে কয় যে তেখেতে দৈনিক পাঁচৰ পৰা দহ কিলোমিটাৰ চাইকেল চলায়। গোলকীয় উষ্ণতা নিয়ন্ত্ৰণ আৰু জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰতো চাইকেলে লব পৰা ভূমিকাৰ বিষয়ে তেখেতে ভাষণত কয় । 

              গোলাঘাটৰ জিলা আয়ুক্ত ড০ পি উদয় প্ৰবীনে আদৰণি ভাষণত যাতায়ত, অধ্যয়নৰ সময় বৃদ্ধি, আৰ্থিক সকাহ আৰু পৰিৱেশ তথা স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰতো আজি বিতৰন কৰা চাইকেলে কেনে ভূমিকা লব পাৰে তাৰ বিষয়ে ভাষনত উল্লেখ কৰে৷ তেখেতে লগতে আজিৰ অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰি উপস্থিত থকা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্তক ধন্যবাদ জনায়৷ আজিৰ অনুষ্ঠানত গোলাঘাট জিলা পৰিষদৰ সভানেত্ৰী শ্ৰীমতী হেলিনা দলে পেগু, গোলাঘাট পৌৰসভাৰ সভানেত্ৰী শ্ৰীমতী দুলুমনি বৰবৰা, জিলা উন্নয়ন আয়ুক্ত শ্ৰীমতী অৰ্পা বাগলাৰী, গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ধীৰাজ দাস,  বিদ্যালয় সমূহৰ পৰিদৰ্শক ড° সমীৰণ বৰা, জিলা প্ৰশাসনৰ বিভিন্ন বিষয়ববীয়া সকল,  গোলাঘাটৰ নেতৃস্থানীয় ব্যক্তিসকল  আৰু ছাত্ৰ - ছাত্ৰী সকলৰ লগতে অভিভাৱক সকল উপস্থিত আছিল l
             

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট৷ NORTHEAST NEWS INDIA

Wednesday, 11 October 2023

*চাৰিঙীয়া সামূহিক চিকিৎসা কেন্দ্ৰত আয়ুষ্মান ভৱ স্বাস্থ্য মেলা অনুষ্ঠিত*

১১ অক্টোবৰ, ২০২৩

*চাৰিঙীয়া সামূহিক চিকিৎসা কেন্দ্ৰত আয়ুষ্মান ভৱ স্বাস্থ্য মেলা অনুষ্ঠিত*

*উদ্বোধন কৰে খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত মৃণাল শইকীয়া দেৱে*


গোলাঘাট জিলাৰ চাৰিঙীয়া খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ অধীনত আজি ইংৰাজী ১১ অক্টোবৰ, ২০২৩ তাৰিখে চাৰিঙীয়া সামূহিক চিকিৎসা কেন্দ্ৰত এখন স্বাস্থ্য মেলাৰ আয়োজন কৰা হয়। স্বাস্থ্য মেলা খন শুভ উদ্বোধন কৰে খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত মৃণাল শইকীয়া দেৱে।

প্ৰসূতি, শিশু, অসংক্রামক ৰোগ, মেডিচিন বিভাগকে আদি কৰি বিভিন্ন চিকিৎসা সেৱা ৰাইজলৈ আগবঢ়োৱাৰ উদ্দেশ্যেৰে মেলা খনত স্থানীয় চিকিৎসক সকলৰ উপৰিও যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা ঔষধ বিভাগৰ বিশেষজ্ঞ 
ডা: অখিল এ টি, প্ৰসূতি বিভাগৰ বিশেষজ্ঞ ডা: নুপুৰ গগৈ, ই এন টি বিভাগৰ ডা: অনন্য ফুকন আৰু ডা: এইহ. সিংহ উপস্থিত থাকে। 

উক্ত স্বাস্থ্য মেলাৰ যোগেদি মুঠ তিনি শতাধিক লোকে চিকিৎসা সেৱা, বিনামূলীয়া ঔষধ আৰু বিভিন্ন স্বাস্থ্য পৰীক্ষাৰ সুবিধা লাভ কৰে। ইয়াৰে ভিতৰত ৯১ গৰাকী গৰ্ভৱতী মহিলা, ৩৪ জন শিশু, ৫৬ জন বয়োজ্যেষ্ঠ জনে চিকিৎসা সেৱা লাভ কৰে। প্ৰসূতি বিভাগত মুঠ ১২৩ গৰাকী মহিলা, ঔষধ বিভাগত ৭৬ জন লোকে আৰু ই এন টি বিভাগত ২০ জন লোকে চিকিৎসা সেৱা লাভ কৰে। 

চিকিৎসা প্ৰদানৰ উপৰিও উপস্থিত ৰাইজক স্বাস্থ্য জনিত বহু পৰামৰ্শ প্ৰদান কৰাৰ উদ্দেশ্যেৰে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় যত মাতৃ আৰু শিশু স্বাস্থ্য,  সংক্ৰামক - অসংক্রামক ৰোগ, বয়োজ্যেষ্ঠ লোকৰ স্বাস্থ্যৰ যত্ন, মানসিক স্বাস্থ্য, পুষ্টিকৰ খাদ্য, গৰ্ভধাৰণৰ সময়ত লব লগা যত্ন,পৰিয়াল পৰিকল্পনা, যক্ষ্মা, আভা পৰিচয় সংখ্যা, আয়ুষ্মান ভাৰত যোজনাকে আদি কৰি বহু দিশ সামৰি লোৱা হয়।

চাৰিঙীয়া সামূহিক চিকিৎসা কেন্দ্ৰত অনুষ্ঠিত এই স্বাস্থ্য মেলাত বিশেষজ্ঞ চিকিৎসক সকলৰ উপৰিও অন্য স্বাস্থ্য বিষয়া, কমিউনিটি হেলথ অফিচাৰ, চিকিৎসাকৰ্মী সকল, স্বাস্থ্যকৰ্মী সকল, আশা চুপাৰভাইজৰ, আশা কৰ্মী, ৰাষ্ট্ৰীয় স্বস্ত্য অভিযান, গোলাঘাটৰ বিষয়া আদি উপস্থিত থাকে।

সমগ্ৰ দেশব্যাপী চলি থকা আয়ুষ্মান ভৱ অভিযানৰ অংশস্বৰূপে সামূহিক চিকিৎসা কেন্দ্ৰ পৰ্যায়ৰ জিলা খনত এইখন ৮ নং স্বাস্থ্য মেলা।

আজিৰ স্বাস্থ্য মেলা খনৰ শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে চিকিৎসালয় পৰিচালনা সমিতিৰ সদস্য সকল, চিকিৎসক - চিকিৎসাকৰ্মী, স্বাস্থ্যকৰ্মী আৰু স্থানীয় ৰাইজ।

 NORTHEAST NEWS INDIA

অৰুণোদয় আঁচনিৰ নতুন হিতাধীকাৰী সকলৰ মাজত অৰুণোদয় ২.০ ৰ কাৰ্ড বিতৰনৰ এক বিশেষ অনুষ্ঠান

১১ অক্টোবৰ, ২০২৩: গোলাঘাট


           ৰাজ্যৰ মহিলাসকলৰ সবলীকৰনৰ যোগেদি পৰিয়াল তথা  অসমৰ সবলীকৰনৰ লক্ষ্য ৰাখি আৰম্ভ কৰা অৰুণোদয়  আঁচনিৰ নতুন হিতাধীকাৰী সকলৰ মাজত অৰুণোদয় ২.০ ৰ কাৰ্ড বিতৰনৰ এক বিশেষ অনুষ্ঠান আজি গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হয় ৷ প্ৰায় ১০,৫০০ গৰাকী অৰুণোদয় ২.০ হিতাধীকাৰীক অৰুণোদয় আঁচনিৰ কাৰ্ড  বিতৰনৰ শুভাৰম্ভ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে  অসম চৰকাৰৰ  বিত্ত ইত্যাদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওঁগ৷

              ১০ গৰাকী অৰুণোদয় হিতাধীকাৰীক মঞ্চত প্ৰতীকি হিচাপে অৰুণোদয় কাৰ্ড বিতৰন কৰি মন্ত্ৰী অজন্তা নেওঁগে কয় যে ৪১৪০ কোটি টকাৰে ২৭ লাখ মহিলা সামৰি লোৱা অসম চৰকাৰৰ এই আঁচনি দেশৰে একক ভাৱে অন্যতম সৰ্ববৃহৎ সামাজিক সুৰক্ষা আঁচনি৷ তেখেতে ভাষণত উল্লেখ কৰে যে মহিলা  সকলক এক শক্তি হিচাপে ভৱা হয়, দেৱী দূৰ্গা বুলি পূজা  কৰা হয় , কিন্তু সঁচা অৰ্থত মহিলা সকলক সবল কৰিবলৈ হলে সমাজৰ আৰু ৰাজনৈতিক সদিচ্ছাৰ প্ৰয়োজন৷ তেখেতে লগতে কয় যে অসমৰ দৰে ৰাজ্য এখনত  সমাজৰ আৰ্থিকভাৱে পিছপৰা আৰু  সামাজিক ভাৱে অনগ্ৰসৰ  মহিলা সকলৰ কাৰণে কিবা এটা কৰাটো অসমৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এক সপোন আছিল আৰু আৰুণোদয় আঁচনিৰ যোগেদি সেই সপোনৰে দিঠক ৰূপ দিয়া বাবে তেখেতে মুখ্যমন্ত্ৰীক ধন্যবাদ জনায়৷

                সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত  কামাখ্যা প্ৰসাদ তাছাই অৰুণোদয় আঁচনিয়ে অসমৰ মহিলা সকলক সবল কৰাত কেনেভাৱে সফল হৈছে সেয়া তুলি ধৰে৷ অনুষ্ঠানত উপস্থিত থকা সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকনে অৰুণোদয় আঁচনিয়ে মহিলাসকলৰ জীৱনলৈ অনা পৰিৱৰ্তনৰ কথা উল্লেখ কৰি  মহিলাসকলৰ মাজত থকা শক্তিৰ জাগ্ৰত কৰি আৰু যাতে আগুৱাই যাব পাৰে তাৰ বাবে আহ্বান জনায় । গোলাঘাট জিলাৰ আয়ুক্ত ডা° পি উদয় প্ৰৱীনৰ আদৰণি ভাষণত অৰুণোদয় আঁচনিয়ে অৰ্থনৈতিক আৰু বিভিন্ন ক্ষেত্ৰত পিছপৰা অসমৰ মহিলা সকলৰ জীৱনলৈ নতুন আশা আৰু সুখ কঢ়িয়াই আনিছে বুলি উল্লেখ কৰে৷  

 আজিৰ অনুষ্ঠানত গোলাঘাট জিলা পৰিষদৰ সভানেত্ৰী শ্ৰীমতী হেলিনা দলে পেগু, গোলাঘাট পৌৰসভাৰ সভানেত্ৰী শ্ৰীমতী দুলুমনি বৰবৰা, জিলা উন্নয়ন আয়ুক্ত শ্ৰীমতী অৰ্পা বাগলাৰী, জিলা প্ৰশাসনৰ বিভিন্ন বিষয় ববীয়া সকল , গোলাঘাটৰ নেতৃস্থানীয় ব্যক্তিসকল, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মূৰব্বী সকল আৰু প্ৰায় ১০,৫০০ অৰুণোদয় ২.০ হিতাধীকাৰী আৰু সাধাৰন ৰাইজ উপস্থিত আছিল ।

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Monday, 9 October 2023

*গোলাঘাট বিধানসভা সমষ্টিত ৫ খন নতুন জলসিঞ্চন আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী অশোক সিংহলৰ*

৯ অক্টোবৰ, ২০২৩: গোলাঘাট

*গোলাঘাট বিধানসভা সমষ্টিত  ৫ খন নতুন জলসিঞ্চন আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী অশোক সিংহলৰ*
 ৰাজ্যৰ জলসিঞ্চন আন্তঃগাঁথনিত এক নতুন সংযোজন হিচাপে ৰাজ্য চৰকাৰৰ জলসিঞ্চন তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী অশোক সিংহলে আজি গোলাঘাট জিলাৰ দৈয়াং আমগুৰিত আয়োজিত এক বিশেষ অনুষ্ঠানত গোলাঘাট বিধানসভা সমষ্টিত ৰাজ্যৰ জলসিঞ্চন বিভাগে হাতত লোৱা ৫ খন নতুন জলসিঞ্চন আঁচনিৰ আধাৰশিলা স্থাপন কৰে। এই আঁচনিকেইখন হৈছে বৃহত্তৰ গমাৰীত দৈয়াং নৈৰ পৰা উত্তোলন জলসিঞ্চল আঁচনি, গোলাঘাট সমষ্টিত দৈয়াঙৰ পৰা উত্তোলন জলসিঞ্চল আঁচনি, চেলচেলি আৰু ঘিলাধাৰী নদীৰ পৰা উত্তোলন জলসিঞ্চল আঁচনি, ৰজাবাৰীত দৈয়াঙৰ পৰা উত্তোলন জলসিঞ্চল আঁচনি আৰু আমগুৰিত দৈয়াঙৰ পৰা উত্তোলন জলসিঞ্চল আঁচনি। ৪২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই ৫ খন আঁচনিয়ে ১০৯০ হেক্টৰ বিশাল কৃষিভূমিত নিয়োজিত ১০১৬ টা কৃষক পৰিয়ালক উপকৃত কৰিব।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে অসমৰ প্ৰতিগৰাকী কৃষকৰ ঘৰ পোহৰ হৈ থাকিবলৈ হ'লে প্ৰতিখন পথাৰ সেউজীয়া হৈ থাকিব লাগিব। ইয়াৰ বাবে জলসিঞ্চন লাগিব আৰু তাৰ বাবে বিভাগটোৱে নতুন নতুন আঁচনি গ্ৰহণ কৰি আহিছে। আজি আধাৰশিলা স্থাপন কৰা এই পাঁচখন আঁচনিৰ সুবিধা গ্ৰহণ কৰি ৰাইজে বছৰি একাধিক কৃষিত আত্মনিয়োগ কৰিলে অতি সোনকালেই সমগ্ৰ দৈয়াংপৰীয়া ৰাইজ উপকৃত হোৱাকৈ এক বৃহৎ জলসিঞ্চন আঁচনি হাতত লোৱা হ'ব বুলি তেওঁ ঘোষণা কৰে।

আজিৰ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বিত্ত তথা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, সাংসদ কামাখ্যা প্ৰসাদ তাচা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব পৱিত্ৰ ৰাম খাউণ্ড আৰু বিভাগৰ মুখ্য অভিযন্তা কে.এম.এচ. ৰাজকুমাৰৰ লগতে জলসিঞ্চন যোৰহাট চক্ৰৰ অধীক্ষক অভিযন্তা শৈলেন্দ্ৰ কুমাৰ বৈশ্য,গোলাঘাট সৰুপথাৰ জলসিঞ্চন সংমণ্ডলৰ জলসিঞ্চন কাৰ্যবাহী অভিযন্ত্ৰা প্ৰৱোধ চন্দ্ৰ বৰা উপস্থিত থাকে। আজি মন্ত্ৰী সিংহলে বিত্তমন্ত্ৰী অজন্তা নেওঁগ, সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকন আৰু  জিলা আয়ুক্ত ডা° পি উদয় প্ৰৱীনৰ উপস্থিতিত জিলা আয়ুক্ত কাৰ্যলয়ৰ সভাগৃহত জলসিঞ্চন বিভাগৰ বিষয়া সকলৰ সৈতে এক পৰ্য্যালোচনা সভাতো ভাগ লয়৷ 

 *ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

*গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত পাঁচটা নৱনিৰ্মিত পথৰ শুভ উদ্বোধন মন্ত্ৰী অশোক সিংহলৰ*

৯  অক্টোবৰ, ২০২৩: গোলাঘাট

*গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত পাঁচটা নৱনিৰ্মিত পথৰ শুভ উদ্বোধন মন্ত্ৰী অশোক সিংহলৰ*


ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি গোলাঘাট চহৰত বিত্তমন্ত্ৰী তথা স্থানীয় বিধায়িকা অজন্তা নেওগৰ উপস্থিতিত গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত পাঁচটা নৱনিৰ্মিত পথৰ শুভ উদ্বোধন কৰে। এই পথকেইটি হৈছে কৃষ্ণনগৰ আৰু ৰূপনগৰ পথ, বি পি লাডিয়া পথ, ষ্টেচন সংযোগী পথ, লাচিত বৰফুকন পথ আৰু সুভাষ কলনী সংযোগী পথ। এই পথকেইটিৰ মুঠ দৈৰ্ঘ্য ১.৯৯৭ কিলোমিটাৰ।

এই উপলক্ষে গোলাঘাটৰ কৃষ্ণনগৰ অঞ্চলত আয়োজিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে স্থানীয় বিধায়িকা অজন্তা নেওগৰ তৎপৰতাত গোলাঘাট চহৰৰ ৰূপনগৰ-কৃষ্ণনগৰৰ ৰাইজে এক অভূতপূৰ্ব নজিৰ দাঙি ধৰিলে। নিজৰ অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত অঞ্চলটোৰ ৭০ ঘৰতকৈ অধিক মানুহে পথ নিৰ্মাণৰ বাবে নিজৰ মাটি এৰি দি পূৰ্বৰ ২.৫ মিটাৰ বহল পথটিক ৬ মিটাৰ পৰ্যন্ত বহল কৰাত সহযোগিতা আগবঢ়ালে। এই কাৰ্য্যৰ বাবে মন্ত্ৰী সিংহলে ৭০ ঘৰ পৰিয়ালক প্ৰশংসাও কৰে৷  গোলাঘাট চহৰৰ বাসিন্দাসকলৰ এই কাৰ্য সামাজিক দায়বদ্ধতাৰ এক উজ্জ্বল দৃষ্টান্ত হৈ ৰ'ব বুলি মন্তব্য কৰি ৰাজ্যৰ অন্যান্য চহৰাঞ্চলৰ বাসিন্দাসকলকো এই আদৰ্শ অনুকৰণ কৰিবলৈ তেওঁ আহ্বান জনায়।

অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকন আৰু গোলাঘাট পৌৰসভাৰ পৌৰপতি দুলুমনি বৰবৰাৰ লগতে বিভাগীয় বিষয়-ববীয়াসকল উপস্থিত থাকে।  


 *ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

Friday, 6 October 2023

জিলাখনত যান বাহন চলাচলৰ বাবে তলত উল্লেখ কৰাৰ দৰে নিয়মাৱলী ধাৰ্য্য

৬ অক্টোবৰ, ২০২৩ গোলাঘাটঃ

কাইলৈৰ পৰা গোলাঘাট জিলাৰ সমন্বয় ক্ষেত্ৰত হ’বলগীয়া বিভিন্ন কাৰ্য্যসূচীৰ বাবে আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা জিলাখনত যান বাহন চলাচলৰ বাবে তলত উল্লেখ কৰাৰ দৰে নিয়মাৱলী ধাৰ্য্য কৰা হৈছে। সকলোৰে জ্ঞাতাৰ্থে জনোৱা হ’ল।

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...